ফাকুৱাৰ আনন্দৰ মাজতে চেলা চাৰিকঢ়িয়া নদীত পৰি সন্ধানহীন এজন

ফাকুৱাৰ আনন্দৰ মাজতে চেলা চাৰিকঢ়িয়া নদীত পৰি সন্ধানহীন এজন

author-image
Asomiya Pratidin
New Update
ফাকুৱাৰ আনন্দৰ মাজতে চেলা চাৰিকঢ়িয়া নদীত পৰি  সন্ধানহীন এজন

ডিজিটেল সংবাদ, ঢকুৱাখনাঃ ফাল্গুৎসৱৰ উৎসৱ মুখৰ পৰিৱেশৰ মাজতে এক মৰ্মান্তিক ঘটনা সংঘটিত হৈছে ঢকুৱাখনাত। মহকুমাটোৰ সোনাৰী চাপৰি -কেঁকুৰী অঞ্চলৰ সৰু পতিয়া গাঁওৰ এগৰাকী ব্যক্তি চেলা চাৰিকঢ়িয়া নদীত পৰি নিখোজ হয়। এই মৰ্মান্তিক ঘটনাই আবিৰৰ উৎসৱৰ উচাহ ম্লান কৰি তুলিছে।

Advertisment

ঘটনাৰ বিৱৰণী মতে সোনাৰী চাপৰি আৰক্ষী চকীৰ অন্তৰ্গত সৰু পতিয়া গাঁওৰ যোগেশ চুতীয়া নামৰ প্ৰায় ৩৫ বছৰীয়া ব্যক্তিজনে সোমবাৰে পুৱা প্ৰায় ৯-৩০ বজাত মাছ ধৰিবলৈ বুলি সমীপৰ চেলা চাৰিকঢ়িয়া নদীলৈ গৈছিল। কিছু সময় নদীৰ বুকুত নাৱেৰে মাছৰ সন্ধান কৰি থকা পাছতে অকস্মাৎ নদীত পৰি যায়।

অঞ্চলটোৰ স্থানীয় লোক আৰু পত্নীয়ে ঘটনাতো প্ৰতক্ষ্য কৰি উদ্ধাৰৰ চেষ্টা চলাই যদিও ব্যৰ্থ হয়। পৰৱৰ্তী সময়ত ৰাইজ ঘটনাস্থলীত উপস্থিত হৈ সাঁতুৰী সমগ্ৰ নদীৰ বুকুত সন্ধান চলায়ো সম্ভেদ উলিয়াব নোৱাৰিলে। উপায়ন্তৰ ৰাইজে ঢকুৱাখনাস্থিত এছ ডি আৰ এফ বাহিনীক অৱগত কৰে । এছ ডি আৰ এফ বাহিনীৰ এটা দলে নদীৰ বুকুত সন্ধান চলাই আছে যদিও এইপৰ্যন্ত ব্যক্তিজনৰ কোনো অৱস্থিতি উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই । চেলা চাৰিকঢ়িয়া নদীত জাল পাতিবলৈ গৈ এজন চহা সন্ধানহীন হোৱাৰ খবৰে অঞ্চলবাসীক উদ্বিগ্ন কৰি তুলিছে।

Also Read: মুখ্যমন্ত্ৰীৰ ইংগিত! বিজেপিলৈ নৰহ দম্পত্তী...

dhakuakhana