/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/27b69ed9-c5db-44d9-885c-19918bacab70/AP_FOR_WEB_new_format_Y_copy.jpg)
ডিজিটেল সংবাদ, মায়ংঃ মধ্য অসমৰ মৰিগাঁও জিলাৰ জাগীৰোডত ১৯৭৯ চনতে কপিলী আঞ্চলিক মহাবিদ্যালয় নামেৰে প্ৰতিষ্ঠা লাভ কৰা উচ্চ শিক্ষাৰ অনুষ্ঠান জাগীৰোড মহাবিদ্যালয়ে মঙলবাৰে ৪৫ সংখ্যক প্ৰতিষ্ঠা দিৱস উলহ-মালহেৰে উদযাপন কৰে। পুৱাৰ ভাগত মহাবিদ্যালয়ৰ পতাকা উত্তোলন কৰে অধ্যক্ষ ড০ ভবেন চন্দ্ৰ নেওগে। পুৱা ১০ বজাত আৰম্ভ হোৱা মুকলি সভা আৰু সম্বৰ্ধনা অনুষ্ঠানৰ প্ৰাৰম্ভতে মহাবিদ্যালয়ৰ ছাত্ৰ জনাৰ্দ্দন কলিতাই এটি বৰগীত পৰিবেশন কৰে।
মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি ডাঃ পুণিৰাম পাটৰে পৌৰহিত্য কৰা সভাখনত তেখেতে এগছি বন্তি প্ৰজ্বলনেৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰে। সভাৰ উদ্দেশ্য ব্যাখ্যা কৰাৰ লগতে মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপকসকল আৰু প্ৰাক্তন অধ্যক্ষসকলৰ ত্যাগ আৰু অৱদানৰ কথা শ্ৰদ্ধা সহকাৰে সোঁৱৰণ কৰে মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ ভবেন চন্দ্ৰ নেওগে। সভাতে মহাবিদ্যালয়ৰ জন্ম লগ্নৰে পৰা জড়িত থকা অন্যতম প্ৰতিষ্ঠাপক সদস্য জাগীৰোড উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ প্ৰয়াত পূৰ্ণ শইকীয়াৰ পত্নী হেমলতা শইকীয়া, প্ৰয়াত সমাজকৰ্মী নলিনীৰঞ্জন মজুমদাৰৰ পুত্ৰ তপন মজুমদাৰ আৰু মনহা মৌজাৰ মৌজাদাৰ প্ৰয়াত ভবেন্দ্ৰ কুমাৰ বৰাৰ পুত্ৰ হেমন্ত বৰাক গামোচা, মানপত্ৰ আৰু শৰাইৰে সম্বৰ্ধনা জ্ঞাপন কৰা হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/604ac7cb-d402-40b5-aac7-d9ca06a89f31/efa41f18_d44b_4a2e_901c_d7e9e282d184.jpg)
উক্ত সভাতে মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ তুলসী মান্তাৰ ৰচনা, পৰিচালনা আৰু অভিনয়েৰে খ্যাতি অৰ্জন কৰা হু হা ছুটি ছবিখনৰ শিল্পী বৃন্দক সম্বৰ্ধনা জ্ঞাপন কৰাৰ লগতে আন বহু কেইগৰাকী ছাত্ৰ-ছাত্ৰীক ভিন্ন ক্ষেত্ৰত প্ৰদৰ্শন কৰা বিশেষ পাৰদৰ্শিতাৰ বাবে অভিনন্দন জনোৱা হয়। সভাত মহাবিদ্যালয় শিক্ষক গোটৰ সম্পাদক ড০ ওম প্ৰকাশ ডেকা, জাগীৰোড অঞ্চলৰ সমাজকৰ্মী প্ৰবীণ কুমাৰ ডেকাই বক্তব্য প্ৰদান কৰে।সভাত প্ৰাক্তন ছাত্ৰ সন্মিলনৰ সভাপতি প্ৰবীৰ ভৌমিক, সম্পাদক নয়নমনি বৰুৱা প্ৰমুখ্যে বহু কেইগৰাকী গণ্য মান্য ব্যক্তি উপস্থিত থাকে। সভাৰ শেষত শলাগৰ শৰাই আগবঢ়াই মহাবিদ্যালয়ৰ আভ্যন্তৰীণ মান নিৰূপন কোষ(IQAC)ৰ সমন্বয়ক ড০ চিত্ৰৰঞ্জন চৰকাৰে। উল্লেখ্য মুকলি সভাৰ পিছতেই এক বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হৈ যায়।
Also Read: বোকাজানত ৩কোটি টকাৰ ড্ৰাগছসহ আৰক্ষীৰ জালত ২ সৰবৰাহকাৰী