ঢকুৱাখনাৰ মুগা চুমনীত বৰমুগা দিৱস উপলক্ষে চোম পুলি ৰোপণ

ঢকুৱাখনাৰ মুগা চুমনীত বৰমুগা দিৱস উপলক্ষে চোম পুলি ৰোপণ

ডিজিটেল সংবাদ,ঢকুৱাখনাঃ অসমীয়া লোক কৃষ্টিৰ ঘাই খুঁটা স্বৰূপ ৰেচম শিল্প। ৰেচম শিল্পৰ অবিহনে অসমীয়া লোক সংস্কৃতি অপূৰ্ণ  আধৰুৱা।এই ৰেচম শিল্পৰ প্ৰাণ প্ৰাচুৰ্য ভূমি হৈছে বৃহত্তৰ ঢকুৱাখনাৰ ভৌগোলিক পৰিসীমা।কঢ়া,লাইপুলিয়া, চাৰিকড়িয়া,সোৱণশিৰী,ডাংধৰা নদীৰে পৰিবেষ্টিত এই বিশাল ভূখণ্ডৰ  ৪৫ হাজাৰৰো অধিক ৰেচম পৰিয়ালে পৰম্পৰাগত ভাৱে ঋতুকালীন মুগা খেতি কৰি সামাজিক ,অৰ্থনৈতিক,সাংস্কৃতিক ক্ষেত্ৰখনলৈ মেটমৰা অৱদান আগবঢ়াই আহিছে।

কোনো ধৰণৰ চৰকাৰী অনুদান কিম্বা সাহাৰ্য অবিহনে মুগা পালক সকলৰ নিজস্ব একক প্ৰচেষ্টাৰে বৰমুগা পালনৰ যুগজয়ী সফল লাভজনক পৰম্পৰাৰ ধাৰাবাহিকতা অক্ষুন্ন ৰাখি আহিছে।

কেৱল মুগা পালনেই নহয় প্ৰত্যক্ষভাবে বৃহত্তৰ ঢকুৱাখনাৰ এই সকল ৰেচম পালকে পাৰিপাৰ্শ্বিক পৰিবেশ সংৰক্ষণ আৰু পৰিবেশ প্ৰদূষণ প্ৰতিৰোধতো নীৰৱে অতুল্য অৱদান আগবঢ়াই আহিছে।

ভূখণ্ডৰ প্ৰতিটো ৰেচম পৰিয়ালৰ এখনকৈ বিশাল ব্যাসাৰ্ধৰ মুগা চোমনি উপলব্ধ এনেবোৰ নিজস্ব ভাবে গঢ়ি তোলা চোমনিত কটীয়া,জেঠুৱা এহেৰুৱা আদি ঋতুকালীন মুগা খেতি কৰি প্ৰচুৰ পৰিমাণে লাভান্বিত হৈ আহিছে।

এইসকল সফল খাটি খোৱা ৰেচম পালকৰ উদ্যোগতে বিগত সময় চোৱাত অনুষ্ঠিত কৰি অহা হৈছে জাতীয় বৰমুগা দিৱস। প্ৰতি বছৰৰ ১৯ মে'ৰ দিনটো ৰেচম পালক সকলে উদযাপন কৰি অহা এই জাতীয় বৰমুগা দিৱসটো কালি অনুষ্টুপীয়া কৈ ঢকুৱাখনা নগৰৰ আমকতিয়া গাঁওস্থিত চৰকাৰী মুগা ফাৰ্মত দিনজোৰাকৈ উদযাপন কৰা হয়।

সদৌ অসম ৰেচম খেতিয়ক সন্থাৰ উদ্যোগত লখিমপুৰ জিলা সমিতিৰ সহযোগত দেওবাৰে এই  চতুৰ্থ জাতীয় বৰমূগা দিৱসৰ আনুষ্ঠানিক ভাৱে উদযাপন কৰা হয় । মূগা পালনৰ ভৰপক সময় হোৱাৰ হেতুকেই এই জাতীয় মুগা দিৱস উপলক্ষে ঢকুৱাখনা মুগা ফাৰ্মৰ চৌহদত লখিমপুৰ জিলা সমিতিৰ গৰিষ্ঠ সংখ্যক বিষয়ববীয়া আৰু ৰেচম পালক কৰ্মকর্তা উপস্থিত থাকি এক আলোচনাত মিলিত হয়।

জিলা সমিতিৰ সভাপতি অমিয় বৰুৱা,উপদেষ্টা,বিশিষ্ট প্ৰকৃতি সংৰক্ষক দেৱজিৎ ফুকন ,সম্পাদক ৰঞ্জিত গগৈ,সুভাষ গগৈ আদিৰ লগতে প্ৰায় ৩০ গৰাকী মুগা পালকে  অংশগ্ৰহণ কৰা আলোচনাত ৰেচম পালক সকলৰ মুগা খেতিৰ ব্যস্ততাৰ বাবে অহা ১৯ জুনত সমূহীয়াকৈ জাতীয় মুগা দিৱস সদৌ অসম ভিত্তিত উদযাপন কৰাৰ সৰ্বসন্মত সিদ্ধান্ত গ্ৰহণ কৰা হয়।

ঢকুৱাখনা নগৰত অনুষ্ঠিত হব লগা এই ৰাজ্যিক ভিত্তিক মুগা দিৱসৰ কাৰ্যসূচীত ৰাজ্যিক সমিতিৰ গৰিষ্ঠ সংখ্যক বিষয়ববীয়া উপস্থিত থকাৰো আশা ব্যক্ত কৰা হয়। তাৰোপৰি এই মুগা দিৱস পালন উপলক্ষত দেওবাৰে ফাৰ্মখনৰ চৌহদত শতাধিক বৰমুগাৰ খাদ্য বৃক্ষ চোম আৰু হেঙালু (সোঁৱালু) গছৰ পুলি  ৰোপণ কৰাৰ লগতে সুৰক্ষিত কৰি ৰখা বেৰা নিৰ্মাণ কৰা হয়।

 ৰেচম পালক সমিতিৰ উপদেষ্টা দেৱজিৎ ফুকনে জনোৱা মতে ৰেচম পালক সকলৰ ৰেচম খেতি কেন্দ্ৰিক ব্যস্ততাৰ বাবে দেওবাৰে কেৱল প্ৰতীকী অৰ্থত এই দুটা সংক্ষিপ্ত কাৰ্যসূচী গ্ৰহণ কৰি ১৯জুনত বিস্তৃত ভাবে এই মুগা দিৱস পালনৰ ঐক্যবদ্ধ সিদ্ধান্ত গ্ৰহণ কৰা হয় ।

ঢকুৱাখনাৰ মুগা চুমনীত বৰমুগা দিৱস উপলক্ষে চোম পুলি ৰোপণ
ৰঙিয়াত হেপাটাইটিচ বি-চি তেজৰ নমুনা পৰীক্ষণ শিবিৰ অনুষ্ঠিত

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in