ঢকুৱাখনা ব্লক কংগ্ৰেছৰ সম্পাদক ডিম্বেশ্বৰ পাতিৰৰ বিয়োগ

ঢকুৱাখনা ব্লক কংগ্ৰেছৰ সম্পাদক ডিম্বেশ্বৰ পাতিৰৰ বিয়োগ

ডিজিটেল সংবাদ, ঢকুৱাখনাঃ ঢকুৱাখনা ব্লক কংগ্ৰেছ সমিতিৰ এজন নিষ্ঠাবান প্ৰবীণ কৰ্মী, বৃহত্তৰ আলিমুৰ ডাংধৰা গাঁৱৰ এগৰাকী অগ্ৰণী সমাজ সংগঠক তথা ঢকুৱাখনা ব্লক কংগ্ৰেছৰ সাধাৰণ সম্পাদক ডিম্বেশ্বৰ পাতিৰ আৰু নাই । শুকুৰবাৰৰ মাজ নিশা উচ্চ ৰক্তচাপজনিত কাৰণত হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধহৈ নিশা প্ৰায় ১২ বজাত অকাল মৃত্যুক সাৱটি লয় মিষ্টভাষী ব্যক্তি পাতিৰে। আজীৱন কংগ্ৰেছ দলৰ হৈ নিষ্ঠাৰে ৰাজনৈতিক সেৱা আগবঢ়াই অহা পাতিৰৰ মৃত্যুৰ সময়ত বয়স আছিল প্ৰায় ৫০ বছৰ।

বিগত দুটা বছৰৰ ব্লক কংগ্ৰেছৰ সম্পাদক হিচাবে শলাগনীয় সাংঠনিক সেৱা আগবঢ়াই যোৱা নিঃস্বাৰ্থ কৰ্মীগৰাকীৰ অকাল বিয়োগত সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পৰিছে । এগৰাকী অগ্ৰণী দলীয় সতীৰ্থক অকালতে হেৰুৱাই মৰ্মাহত হৈছে ঢকুৱাখনা ব্লক কংগ্ৰেছ সমিতি। অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ সাধাৰণ সম্পাদক পদ্মলোচন দলে, নাওবৈছা বিধানসভা সমষ্টিৰ বিধায়ক ভৰত চন্দ্ৰ নৰহ, প্ৰাক্তন সাংসদ তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ডঃ ৰাণী নৰহ, ঢকুৱাখনা ব্লক কংগ্ৰেছৰ সম্পাদক শৰৎ পাতিয়ে শোক প্ৰকাশ কৰিছে।

তদুপৰি ঘিলামৰা ব্লক কংগ্ৰেছৰ সভাপতি সুভাষ দিহিঙীয়া, ডাংধৰা মণ্ডল কংগ্ৰেছ সমিতি, ঢকুৱাখনা ব্লক মহিলা কংগ্ৰেছ সমিতি, ঢকুৱাখনা ব্লক যুৱ কংগ্ৰেছ সমিতি, ঢকুৱাখনা ব্লক এন এছ ইউ আই সমিতি আদি বিভিন্ন ব্যক্তি, দল সংগঠনেও পাতিৰৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰি মৃতকৰ আত্মাৰ সদগতি কামনা কৰিছে । দলৰ সতীৰ্থ পাতিৰক অকালতে হেৰুৱাই শোকাহত দলৰ নেতা-কৰ্মীসকলে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈও গভীৰ সমবেদনা জ্ঞাপন কৰিছে।

ঢকুৱাখনা ব্লক কংগ্ৰেছৰ সম্পাদক ডিম্বেশ্বৰ পাতিৰৰ বিয়োগ
মহানগৰীত জলব’ৰ্ডৰ গাঁতত পৰি মৃত্যুক আঁকোৱালি ল'লে যুৱকে

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in