/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/8760cf2a-7313-4f52-9cce-93e6d51212d9/BJP_Dhemaji.jpg)
ডিজিটেল সংবাদ, ঢকুৱাখনা : ভাৰতীয় জনতা পাৰ্টিৰ ঢকুৱাখনা জিলা সমিতিৰ এটা স্থায়ী ঠিকনা খোদিত হ'ল ৰাজনৈতিক দলটোৰ মানচিত্ৰত। সুদীর্ঘ দিন ধৰি অস্থায়ী ভাবে ভাড়াতীয়া ঘৰত কাৰ্যালয় স্থাপন কৰি দলীয় সাংগঠনিক কাম-কাজ চলাই অহা শাসক দলটোৰ এটা স্থায়ী কাৰ্যালয় গৃহৰ সোমবাৰে আধাৰশিলা স্থাপন কৰা হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/919aea7d-1152-4dd2-afc5-9c725c1bad40/c0026da7_14e6_42b7_bb9d_a1644c626a9b.jpg)
ঢকুৱাখনা-ঘিলামৰা ৰাজ্যিক ঘাই পথৰ কোৱাবাৰী দলনিৰ সমীপৰ প্ৰায় ২ বিঘা ভূমিত নিৰ্মাণ হ'বলগীয়া এই অত্যাধুনিক দলীয় কাৰ্যালয়টোৰ সোমবাৰে নিৰ্মাণ কামৰ আধাৰশিলা স্থাপন কৰে ঢকুৱাখনা বিধানসভা সমষ্টিৰ বিধায়ক নৱ দলে আৰু লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱাই। এই সন্দৰ্ভত নিৰ্মাণ থলীত পুৱা ভূমিপূজন অনুষ্ঠান অনুষ্ঠিত কৰা হয়।
বিধায়ক দলে, সাংসদ বৰুৱা, নিৰ্মাণকাৰী সতীশ শৰ্মা, দলৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক বসন্ত শইকীয়া, ঢকুৱাখনা জিলা বিজেপিৰ সভাপতি প্ৰদীপ চমুৱা, ঢকুৱাখনা মণ্ডল বিজেপিৰ সভাপতি সুনীল দলে, ঘিলামৰা মণ্ডল বিজেপিৰ সভাপতি পূৰ্ণানন্দ দত্ত, পৌৰপতি ৰাজীৱ দাসৰ লগতে গৰিষ্ঠ সংখ্যক নবীন প্ৰবীণ দলীয় কাৰ্যকৰ্তা, কৰ্মীৰ উপস্থিতিত ভূমিপূজন কৰাৰ পাছত গৃহনিৰ্মানৰ শিলান্যাস পৰ্বৰ শুভাৰম্ভ কৰে বিধায়ক দলে আৰু সাংসদ বৰুৱাই ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/da34a2cd-c42f-4f40-91e8-ab160b579ca0/84717865_2534_4e4a_9f51_5c97685b484e.jpg)
দলীয় কাৰ্যালয়টোৰ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ কৰি গৰিষ্ঠ সংখ্যক বিষয়ববীয়া আৰু কাৰ্যকৰ্তাৰ উপস্থিতিত পাছত নিৰ্মীয়মান স্থানত এখন সভা অনুষ্ঠিত কৰা হয়। লগতে বিশ্ব পৰিৱেশ দিৱসৰ সতে সংগতি ৰাখি চৌহদত গছপুলি ৰোপণ কৰা হয় ।
Also Read: বাৰ বছৰীয়া হ’ল নগাঁও ইলেক্ট্ৰনিক মেডিয়া এচ’ছিয়েশ্বন...