/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/63cbc81a-9165-4315-919a-298ddddd9e2e/AP_FOR_WEB_new_format_Y_copy.jpg)
ডিজিটেল সংবাদ, ঢকুৱাখনাঃ ক্ষমতাৰ খক আৰু ৰাজনৈতিক শক্তিৰে বলিয়ান হোৱা শাসনাধিষ্ঠিত বিজেপি দলৰ এচাম স্বাৰ্থপৰ নেতাৰ দৌৰাত্ম্যই চৰম সীমা অতিক্ৰম কৰিছে ঢকুৱাখনাত। ঢকুৱাখনা বিজেপিৰ নেতা ক্ৰমে ঢকুৱাখনা পৌৰ সভাৰ সভাপতি ৰাজীৱ দাসৰ ৰাজহুৱা শ্মশান ভূমিত বেদখল, সোণাৰী চাপৰি গাঁও পঞ্চায়তৰ সভাপতি মঞ্জিত সোণোৱালৰ চিকিৎসালয়ৰ ভূমি বেদখলৰ পাছত এইবাৰ পিছপৰি থকা নাই দলটোৰ এজন সংখ্যালঘু নেতা।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/a85fe9d6-9dce-4be2-9a4d-cb3d55e72921/2233ef25_3d0b_4d1a_abba_a54f14061d7e.jpg)
ঢকুৱাখনাৰ বিধায়ক নৱ দলেৰ অতি ঘনিষ্ঠ তথা আশীৰ্বাদপুষ্ট সংখ্যালঘু বিজেপি নেতা ঠানু কণ আলিযে এইবাৰ ভূমি বেদখলকাৰী ৰাজীৱ দাস, মঞ্জিত সোণোৱালৰ পদাংক অনুসৰণ কৰি নামিল ৰাজহুৱা কবৰ স্থানৰ ভূমি দখলত। উত্থাপিত ৰাজহুৱা অভিযোগত প্ৰকাশ পাইছে যে বিজেপিৰ ঢকুৱাখনা জিলা সংখ্যালঘু মৰ্চাৰ উপ সভাপতি বিধায়ক নৱ দলেৰ আস্থাভাজন ঠানু কণ আলিয়ে ঢকুৱাখনা নগৰৰ মানিকপুৰ অঞ্চলত অৱস্থিত সংখ্যালঘুসকলৰ একমাত্ৰ কবৰস্থানৰ নামত আবণ্টিত ভূমি বেদখল কৰাত নামিছে ।
জানিব পৰা মতে তথাকথিত গেৰুৱা নেতা আলিয়ে ১কঠা ৩লেছা মাটি বলপূৰ্বক বেদখল কৰি নিজৰ পৈতৃক সম্পত্তি বুলি দাবী কৰে। ৰাজনৈতিক ক্ষমতাৰে বলিয়ান হোৱা এইগৰাকী স্বাৰ্থপৰ গেৰুৱা নেতাৰ এনে অবিবেচকী কাৰ্যত ক্ষুব্ধ হৈ উঠিছে সংখ্যালঘু ৰাইজ। ঢকুৱাখনা সদৰৰ মানিকপুৰ গাঁৱৰ ৩'৫ বিঘা ভূমিত কেইবা দশক পূৰ্বে স্থাপন কৰা কবৰ স্থানৰ স্থায়ী মাটিকালিৰ চাৰিওফালে পকী বেৰা নিৰ্মাণ কৰি যুগ যুগ ধৰি ব্যৱহাৰ কৰি অহাৰ পাছত হঠাৎ এই ভূখণ্ডলৈ লুলোপ দৃষ্টি দিছে গেৰুৱা নেতা আলিয়ে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/0820299a-efc0-442a-b495-2e23bbd9c42e/26b18e1b_8a31_4e72_a751_d3d22e809d7e.jpg)
তাৎপৰ্যপূৰ্ণ বিষয় হৈছে এই কবৰস্থান পৰিচালনা সমিতিৰ সভাপতি পদত অধিষ্ঠিত হৈও এই সমাজ বৰ্জিত কাৰ্যত লিপ্ত হোৱা বেদখলকাৰী বিজেপি নেতা আলিক সংখ্যালঘু ৰাইজে ৰাজহুৱাভাৱে এই পদৰ পৰা অপসাৰণ কৰি ক্ষমতাচ্যুত কৰিছে। লক্ষ্যণীয়ভাবে এইগৰাকী গণ বিছিন্ন হোৱা গেৰুৱা নেতাই কবৰ স্থানৰ পৰিচালনা সমিতিৰ সভাপতি হিচাবে কাৰ্যভাৰ গ্ৰহণ কৰি পূৰ্বে সংখ্যালঘু ৰাইজে ক্ৰয় কৰি লোৱা ১কঠা ৩লোছা মাটিৰ নথিপত্ৰ হস্তগত কৰি এতিয়া এই ভূখণ্ডত নিজৰ অবৈধ মালিকীস্বত দাবী কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/1c777f81-e1f4-4a7e-9a15-fc88626a8375/74d52715_edee_4afd_8245_64f000458969.jpg)
সংখালঘু ৰাইজৰ নেতৃত্ব দি নিজ সম্প্ৰদায়ৰ ৰাজহুৱা ভূমিলৈ লুলোপ দৃষ্টি দিয়া ছদ্মবেশী সংখ্যালঘু গেৰুৱা নেতাজনৰ এনে কাণ্ডজ্ঞানহীন কাৰ্যৰ বিৰুদ্ধে সোচ্চাৰ হৈ উঠিছে সংখ্যালঘু ৰাইজ। কবৰ স্থানৰ দৰে পবিত্ৰ ভূমি কুক্ষীগত কৰাৰ নিকৃষ্ট কাণ্ড কৰা বেপৰোৱা নেতা আলিৰ এই দুষ্কাৰ্যৰ বিৰুদ্ধে ঢকুৱাখনাৰ মহকুমাধিপতি ,ঢকুৱাখনা ৰাজহ চক্ৰ বিষয়াক ৰাইজে বহুবাৰ আবেদন জনাই গেৰুৱা বেদখলকাৰী আলিৰ কৰাল গ্ৰাসৰ পৰা ভূখণ্ড উদ্ধাৰ কৰাৰ দাবী জনাই আহিছে । কিন্তু অদ্যপি ৰাজহ চক্ৰ বিভাগে কোনো কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰা দেখা নাই। কেৱল গেৰুৱা দলৰ নেতা হোৱাৰ বাবেই ত্ৰস্তমান হৈ ঢকুৱাখনা ৰাজহ চক্ৰ বিভাগে এনে সোপাধিলা নীতি গ্ৰহণ কৰা বুলি ৰাইজে সন্দেহ কৰি এনে প্ৰশাসনিক দুৰ্বলতাৰ বাবে অনাগত সময়ত আইন শৃংখলাজনিত সামাজিক অশান্তিৰ সৃষ্টি হোৱাৰো আশংকা কৰিছে।
Also Read: চাৰিকড়ীয়াৰ বুকুত উদ্ধাৰ ৬২ কেজিৰ গৰুৱা মাছ