/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/5e7284c6-7ea7-408e-9e51-d30664dc76cb/AP_FOR_WEB_new_format_Y_copy.jpg)
ডিজিটেল সংবাদ, ঢকুৱাখনাঃ এটা বিশাল অৱয়বৰ মাছ। প্ৰায় ৬২ কিলোগ্ৰাম ওজনৰ গৰুৱা মাছ উদ্ধাৰ হৈছে ঢকুৱাখনাৰ চাৰিকড়ীয়া নদীৰ বুকুত। মহকুমাটোৰ সোণাৰী চাপৰি আৰক্ষী চকীৰ অন্তৰ্গত চাওৰুকিয়া গাঁৱৰ বগা চুতীয়া নামৰ এগৰাকী চহা ব্যক্তিয়ে নদীৰ বুকুত পাতি থোৱা এখন জালত মঙলবাৰে নিশা আবদ্ধ হয় বৃহদাকাৰৰ গৰুৱা মাছটো।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/eb8e00d7-16ba-4283-a271-6eb5a43ddec1/8e63bf10_a0fd_4bb4_bbf3_4964f48332e4.jpg)
বুধবাৰে পুৱা চুতীয়াই জালত আবদ্ধ বিশাল আকাৰৰ মাছটো প্ৰত্যক্ষ কৰি ৰাইজৰ সহযোগত নদীৰ পাৰলৈ আনে আৰু এখন বাইকেৰে সোণাৰী চাপৰিৰ দৈনিক বজাৰলৈ নিয়ে। পাছত এগৰাকী থলুৱা ব্যৱসায়ীয়ে নগদ ২০ হাজাৰ টকাৰ বিনিময়ত চুতীয়াৰ পৰা মাছটো ক্ৰয় কৰি গ্ৰাহকক প্ৰতি কেজিত ৫শ টকাৰ দৰত বিক্ৰী কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/18886160-738d-41d4-81f0-277fdccb5501/038c54af_4d9a_499f_b4a7_037502046deb.jpg)
নদীখনৰ কৌটিকলীয়া ইতিহাসত উদ্ধাৰ হোৱা সম্ভৱতঃ এইটোৱে সৰ্বাধিক ওজনৰ মাছ। মাছটো চাবলৈ বুধবাৰে পুৱা অগণন ৰাইজৰ আগমন ঘটে সোণাৰী চাপৰি দৈনিক বজাৰত।
Also Read: দুৰ্গাপূজা উপলক্ষে 'অসমীয়া প্ৰতিদিন ডিজিটেল'ৰ ৰাজ্যিক ভিত্তিত ৰচনা প্ৰতিযোগিতাৰ আয়োজন