/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/8cf85662-b462-4d38-8dd1-83bd2413eb09/ap_for_web_copy.jpg)
ডিজিটেল সংবাদ, ঢকুৱাখনাঃ সংস্কৃতিয়ে এক কৰে,ৰাজনীতিযে ভাগ কৰে। সংস্কৃতিৰ মাজত যেতিয়া ৰাজনীতি সোমাই তেতিয়াই বিভাজনৰ পোখা মেলে। এই প্ৰবচন ফাঁকিৰ যথাৰ্থতা উপলব্ধি কৰিছে বৃহত্তৰ উত্তৰ ঢকুৱাখনাৰ একাংশ সংস্কৃতিপ্ৰেমীয়ে । বিগত কেইবা বছৰ ধৰি বাপতি সাহোন ৰঙালী বিহুটি বৃহত্তৰ উত্তৰ ঢকুৱাখনাবাসী ৰাইজৰ সংঘবদ্ধ আৰু ঐকান্তিক প্ৰচেষ্টাত উদযাপিত হৈ আহিছিল । সমন্বয়, সম্প্ৰীতিৰ এনাজৰীৰে সম্পৃক্ত হৈ অঞ্চলবাসীৰ উমৈহতীয়া উদ্যোগত অনুষ্ঠিত হৈ অহা ৰঙালী বিহুৰ আনুষ্ঠানিকতাত এইবাৰ কেৰোণ লগাৰ ৰাজহুৱা অভিযোগ উত্থাপিত হৈছে।
বিষয়টো গৈ ইতিমধ্যে আৰক্ষী থানাৰ মজিয়া পাইছে। উত্থাপিত অভিযোগ মতে ২০২৩ বর্ষৰ স্থায়ী সমিতিৰ এখন জনাকীৰ্ণ ৰাজহুৱা সভাই বৃহত্তৰ উত্তৰ ঢকুৱাখনা ৰঙালী বিহু উৎসৱ ২০২৪ বৰ্ষত ১নং জামুগুৰি গাঁৱত অনুষ্ঠিত কৰাৰ ৰাজহুৱা সিদ্ধান্ত গ্ৰহণ কৰিছিল। ২০২৩ বর্ষৰ ১৬ এপ্ৰিলত বিহু সমিতিৰ স্থায়ী সভাপতি পদ্মেশ্বৰ গগৈৰ সভাপতিত্বত ভকতা পুখুৰী এম ই স্কুলত অনুষ্ঠিত ৰাজহুৱা সভাই এই প্ৰস্তাৱ গ্ৰহণ কৰিছিল । উক্ত ৰাজহুৱা সভাৰ গৃহীত কাৰ্যবিৱৰণীত ৪খন গাঁৱৰ আবেদনৰ ভিত্তিত ২০২৪ বৰ্ষত ১নং জামুগুৰি গাঁৱত,২০২৫ বৰ্ষত মকৰাচুক গাঁৱত,২০২৬ চনত মহেমাৰী গাঁৱত আৰু ২০২৭ চনত ১নং হিলৈদাৰী গাঁৱত উক্ত বিহু অনুষ্ঠিত কৰাৰ লিখিত প্ৰস্তাৱ লিপিবদ্ধ আছে।
সেই সিদ্ধান্ত অনুসৰি চলিত বৰ্ষত ১নং জামুগুৰি গাঁৱত অনুষ্ঠিত হ'ব লগা বিহুখনৰ স্থান গোঁহাই গাঁৱলৈ স্থানান্তৰ কৰাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সূত্ৰপাত ঘটিছে। এই ক্ষেত্ৰত বিহুৰ নৱ গঠিত স্থায়ী সমিতিৰ সভাপতি নবীন বৰুৱাই ইচ্ছাকৃত আৰু মই মতালিৰে এই সিদ্ধান্ত গ্ৰহণ কৰাৰ অভিযোগ উথাপন কৰিছে ১নং জামুগুৰি গাঁৱৰ ৰাইজে। বৰ্তমানৰ স্থায়ী সমিতিৰ সভাপতি বৰুৱাৰ এনে আচৰণ আৰু পদক্ষেপত ক্ষুব্ধ একাংশ ৰাইজে ন্যায় বিচাৰি ঢকুৱাখনা আৰক্ষী থানাত এজাহাৰ পৰ্যন্ত দাখিল কৰিবলৈ বাধ্য হৈছে ।
ক্ষুব্ধ ৰাইজৰ অভিযোগ অনুসৰি,বৃহত্তৰ উত্তৰ ঢকুৱাখনাবাসীৰ ৰাজহুৱা সভাৰ সিদ্ধান্তক অৱমাননা কৰি, এখন স্থায়ী সমিতিয়ে গ্ৰহণ কৰা ৰাজহুৱা প্ৰস্তাৱ অগ্ৰাহ্য কৰি বৰ্তমানৰ সভাপতিগৰাকীয়ে বিভাজন অনাৰ চক্ৰান্ত কৰিছে। সভাপতি বৰুৱাই গোপন বুজাবুজি কৰি পূৰ্বৰ সৰ্বসন্মত নিৰ্ধাৰিত স্থানৰ পৰিৱৰ্তে বিহুখন গোঁহাই গাঁৱত অনুষ্ঠিত কৰাত আগভাগ লৈছে । বৰ্তমানৰ সভাপতিৰ এই সিদ্ধান্তৰ জৰিয়তে এখন সমিতিৰ সিদ্ধান্ত আৰু কাৰ্যবিবৰণিক পদপিষ্ট কৰাৰ অভিযোগ উত্থাপন কৰি ঢকুৱাখনা সদৰ থানাত গোচৰ তৰিছে। এই নীতি বিৰুদ্ধে সিদ্ধান্ত প্ৰত্যাহাৰৰ বাবে জামুগুৰি গাঁৱৰ ৰাইজে বহুবাৰ আবেদন জনোৱাৰ পাছতো সভাপতিগৰাকীয়ে গুৰুত্ব আৰোপ নকৰা বুলি ক্ষুব্ধ ৰাইজে অভিযোগ তোলে। লগতে আৰক্ষীৰ তদন্তৰ জৰিয়তে ন্যায় প্ৰদান কৰাৰ আশা কৰিছে ।
উল্লেখ্য যে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা প্ৰতিখন বিহু উদযাপনৰ বাবে আগবঢ়োৱা চৰকাৰী অনুদানলৈ লক্ষ্য ৰাখি এই ৰাজহুৱা সভাৰ সিদ্ধান্ত উলংঘা কৰাত সভাপতিগৰাকীয়ে আগভাগ লোৱা বুলিও স্পষ্টকৈ জনাইছে ক্ষুব্ধ ৰাইজে।পৰম্পৰাগত জাতীয় কৃষ্টি সংস্কৃতিৰ উপস্থাপনৰ বাবে স্থানকলৈ সৃষ্টি হোৱা মত বিৰোধৰ প্ৰতিগৰাকী লোকসংস্কৃতি প্ৰেমীৰ বাবে দুৰ্ভাগ্যজনক। এই ক্ষেত্ৰত বৰ্তমানৰ সভাপতিগৰাকীৰ এনে বিতৰ্কিত সিদ্ধান্তৰ বাবে সৃষ্ট এই বিতৰ্ক কিদৰে নিৰসন কৰে ঢকুৱাখনা আৰক্ষীয়ে সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হব । স্মৰ্তব্য যে বৃহত্তৰ উত্তৰ ঢকুৱাখনাবাসীয়ে বিহু উদযাপনৰ বেলিকা উদ্ভৱ হোৱা এনে অবাঞ্চিত বিতৰ্কৰ ন্যায় সংগত,যুক্তিসংগত আৰু বিধিগত সমাধান হোৱাটো কামনা কৰিছে।
Also Read: ৰামেশ্বৰম কেফেত বিস্ফোৰণৰ ঘটনাঃ দুই অভিযুক্তক ট্ৰেনজিট ৰিমাণ্ডত প্ৰেৰণ বাংগালুৰুলৈ