/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/1cd23cb7-5694-4e2e-a09f-4862eee7b8c5/Dhakuakhana_Bihu.jpg)
ডিজিটেল সংবাদ, ঢকুৱাখনা : লোক কৃষ্টি সংস্কৃতিৰ বৰঘৰ স্বৰূপ ঢকুৱাখনা। ঢকুৱাখনাৰ প্ৰাণস্পন্দন চাৰিকঢ়িয়া, কঢ়া, দাংধৰা নদীৰ অৱবাহিকাৰ প্ৰাকৃতিক পৰিবেশত ডাল ভৰি ভৰি ফুলি উঠা কপৌ ভাটৌ ফুলৰ নান্দনীকতাই বিধৌত কৰি তুলিছে ঢকুৱাখনীয়া চহাৰ মন প্ৰাণ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/bbfb37ea-472a-4fde-9ad3-f20d13fb4352/Screenshot__245_.png)
ৰঙালীৰ আগমনক লৈ খাতিখোৱা কৃষিজীৱীৰ উল্লাস-উদ্দীপনাই পাৰ ভাঙি যোৱা এই বৰ্ণিল সন্ধিক্ষণত গাঁওৰ জীয়ৰী-বোৱাৰী ব্যস্ত হৈছে বিহুৰ আখৰাত। হাতত জেতুকাৰ বোল সানি ৰং ৰসত আচ্ছন্ন হোৱা ঢকুৱাখনাৰ লাহিবাৰী গাঁওৰ জীয়ৰী-বোৱাৰীও পাছ পৰি থকা নাই ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/d4c66e70-0532-40b4-8541-206c445619a5/Screenshot__246_.png)
গাঁওখনৰ প্ৰায় ২৭ বছৰীয়া পৰম্পৰা অক্ষুণ্ণ ৰাখি মহিলা সকলে অব্যাহত ৰাখিছে টকা বিহুৰ আখৰা । অতীজৰে পৰা গাঁওবাসীৰ ঘৰে ঘৰে গৈ টকা বিহু মৰা এই লোক পৰম্পৰাৰ ধাৰাবাহিকতাৰ জৰিয়তে মহিলা সকলৰ উদ্যোগত ঐক্য সম্প্ৰীতিৰে একাত্ম হোৱাৰ প্ৰয়াস চলোৱা হয়। ঢকুৱাখনাৰ একক লোক সম্পদ ফাটবিহু বাকৰিতো পুৰণিকলীয়া বিহুগীতৰ মাজেৰে টকাবিহু পৰিৱেশন কৰিবলৈ সাজু হৈছে এই টকা বিহু দলতো ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/2c0d45aa-3e2b-446f-b04d-09ff5c203532/Screenshot__242_.png)
Also Read: কাইলৈ গৰু বিহু : দীঘলতী-মাখিয়তী সংগ্ৰহত ব্যস্ত চহা...