ঢকুৱাখনাত এছ পি আনন্দ মিশ্ৰৰ অভিযানত জব্দ শতাধিক বাইক...

ঢকুৱাখনাত এছ পি আনন্দ মিশ্ৰৰ অভিযানত জব্দ শতাধিক বাইক...

ডিজিটেল সংবাদ, ঢকুৱাখনা : যান-বাহন আইন উলংঘাকাৰীৰ প্ৰতি কঠোৰ ভূমিকা গ্ৰহণ কৰি অহা লখিমপুৰ জিলাৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ নিৰ্দেশত এইবাৰ অভিযান চলিল ঢকুৱাখনাত। ঢকুৱাখনা সদৰ থানা পৰিদর্শনৰ এক কাৰ্যসূচী লৈ সোমবাৰে বিয়লি ঢকুৱাখনা মহকুমা সদৰত উপস্থিত হয় আৰক্ষী অধীক্ষক মিশ্ৰ আৰু জিলা ৰাইডাৰ আৰক্ষীৰ এটা দল ।

বিয়লি অধীক্ষক গৰাকীৰ নিৰ্দেশত ঢকুৱাখনা সদৰ আৰক্ষীৰ সহযোগত সদা ব্যস্ত ঢকুৱাখনা নগৰত চলোৱা অভিযান কালত যাৱতীয় নথি-পত্ৰ, অনুজ্ঞাপত্ৰ, বীমাবিহীন আৰু হেলমেট পৰিধান নকৰা যান বাহনৰ তালাচী চলাই শতাধিক দুচকীয়া যান বাহন জব্দ কৰে। যান-বাহন আইন পদপিষ্ট কৰি চৰকাৰী ৰাজহ ফাঁকিৰে নীতিবৰ্হিভূত ভাবে চলাচল কৰা এনেবোৰ বাহন জব্দ কৰি ঢকুৱাখনা সদৰ থানালৈ নিয়ে আৰক্ষীয়ে ।

পাছত আৰক্ষী অধীক্ষক গৰাকীয়ে উপস্থিত ৰাইজৰ আগত জব্দকৃত এই বাইক সমূহৰ নথিপত্ৰ জিলা পৰিবহন বিভাগৰ জৰিয়তে পৰীক্ষণ কৰি প্ৰয়োজনীয় জৰিমনা আদি প্ৰদানৰ পাছতহে উভতাই দিয়া হ'ব বুলি জানিবলৈ দিয়ে। এই পৰীক্ষণৰ বাবে নূন্যতম ১৫ দিন লাগিব বুলি কৈ এই সময়চোৱাৰ ভিতৰত বাহন বিচাৰি আৰক্ষীক অসুবিধা নকৰিবলৈ আহ্বান জনায়।

অধীক্ষক মিশ্ৰই কিশোৰসকলক অভিভাৱকে বিলাসী বাহন কিনি দি এটা "ছুইচাইড মেচিন" উপহাৰ দিয়া বুলি কৈ এতিয়াৰ পৰা এনে কিশোৰ বাইকাৰৰ লগতে পিতৃ-মাতৃকো থানালৈ আনিম বুলি মত প্ৰকাশ কৰি আৰক্ষী অধীক্ষক গৰাকীয়ে সকলোকে হাত জোৰ কৰি যান-বাহন আইন মানি চলি ঘৰলৈ যোৱাৰ আহ্বান জনায়।

নথিপত্ৰ বিহীন ভাবে আৰু হেলমেট পৰিধান নকৰাকৈ বাইক চলাই, বহি ৰাস্তাত অপমৃত্যুক আদৰি লোৱাতকৈ যদি মৰিবলৈ মন আছে আৰক্ষী, বি এছ এফ, আৰ্মীত যোগদান কৰি দেশৰ বাবে মৰাৰ আহ্বান জনাই মিশ্ৰই। উল্লেখ্য ঢকুৱাখনাৰ যাত্ৰা পথত যান-বাহন আইন উলংঘা কৰি দুটাকৈ পথ দুৰ্ঘটনা সংঘটিত হোৱা প্ৰত্যক্ষ কৰি মিশ্ৰই আহতসকলক নিজৰ গাড়ীত উঠাই ঘিলামৰা চিকিৎসালয়ত ভৰ্তি কৰাই ।

ঢকুৱাখনাত এছ পি আনন্দ মিশ্ৰৰ অভিযানত জব্দ শতাধিক বাইক...
গুৱাহাটীয়ে কিয় নাপালে বিশ্বকাপৰ মেচ? বি চি চি আইয়ে দিব পাৰে উপহাৰ !

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in