গুৱাহাটীয়ে কিয় নাপালে বিশ্বকাপৰ মেচ? বি চি চি আইয়ে দিব পাৰে উপহাৰ !

গুৱাহাটীয়ে কিয় নাপালে বিশ্বকাপৰ মেচ? বি চি চি আইয়ে দিব পাৰে উপহাৰ !

author-image
Asomiya Pratidin
New Update
গুৱাহাটীয়ে কিয় নাপালে বিশ্বকাপৰ মেচ? বি চি চি আইয়ে দিব পাৰে উপহাৰ !

ডিজিটেল ডেস্ক : ২০২৩ বৰ্ষৰ এদিনীয়া ক্ৰিকেট বিশ্বকাপ অনুষ্ঠিত হ'ব ভাৰতত। দেশৰ ১০ টা স্থানত অনুষ্ঠিত হ'ব বিশ্বকাপৰ মেচ। ৪৬ দিন ধৰি ভাৰতত অনুষ্ঠিত হ'ব লগা এই বিশ্বকাপৰ মেচত স্থান নাপালে গুৱাহাটীয়ে। পিছে কিয় গুৱাহাটীয়ে স্থান নাপালে বিশ্বকাপৰ মেচত ?

Advertisment

এই সন্দৰ্ভত এ চি য়েৰ সভাপতি তৰংগ গগৈয়ে সোমবাৰে সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত কয় যে, আই চি চিৰ সিদ্ধান্ত মৰ্মেহে ঘোষণা কৰা হয় ষ্টেডিয়ামৰ নাম। ইয়াত বি চি চি আইয়ে সিদ্ধান্ত ল'ব নোৱাৰে। আনহাতে এই মেচসমূহৰ ভ্যেনুসমূহ ক্লাষ্টাৰ অনুসৰি ভাগ কৰি দিয়াৰ বাবেই গুৱাহাটীয়ে লাভ নকৰিলে বিশ্বকাপৰ মেচ অনুষ্ঠিত কৰাৰ সুযোগ।

অৱশ্যে গুৱাহাটীয়ে বিশ্বকাপৰ চাৰিখন ৱাৰ্ম-আপ মেচ লাভ কৰাত সুখী বুলি মত প্ৰকাশ কৰিছে তৰংগ গগৈয়ে। ইয়াৰ উপৰিও এ চি এৰ সভাপতিগৰাকীয়ে কয় যে, বিশ্বকাপৰ পূৰ্বে ভাৰতত অষ্ট্ৰেলিয়াই এক দ্বি-পাক্ষিক অ' ডি আইৰ চিৰিজৰ বাবে ভাৰত ভ্ৰমণ কৰিব। বি চি চি আইয়ে সিদ্ধান্ত লৈছে বিশ্বকাপৰ মেচ অনুষ্ঠিত কৰাৰ সুযোগ লাভ নকৰা স্থানসমূহত এই চিৰিজৰ মেচ অনুষ্ঠিত কৰিব। সেয়েহে গুৱাহাটীয়ে ইয়াৰ এখন মেচ অনুষ্ঠিত কৰাৰ সুযোগ লাভ কৰাৰ সম্ভাৱনা আছে। অৱশ্যে বি চি চি আইয়ে এই সম্পৰ্কত কোনো আনুষ্ঠানিক সিদ্ধান্ত লোৱা নাই।

উল্লেখ্য যে, গুৱাহাটীত হ'বলগীয়া ৱাৰ্ম-আপ মেচ কেইখন হ'ল ২৯ ছেপ্তেম্বৰ ২০২৩ বাংলাদেশ বনাম যোগ্যতা অৰ্জনকাৰী দল, ৩০ ছেপ্তেম্বৰ ২০২৩ ভাৰত বনাম ইংলেণ্ড, ২ অক্টোবৰ ২০২৩ বাংলাদেশ বনাম ইংলেণ্ড, ৩ অক্টোবৰ ২০২৩ আফগানিস্তান বনাম যোগ্যতা অৰ্জনকাৰী দল। এই আটাইকেইখন মেচৰ লগতে সাম্ভাব্য ভাৰত-অষ্ট্ৰেলিয়া এদিনীয়া মেচত অসমৰ ক্ৰিকেট অনুৰাগীৰ উৎসাহজনক সঁহাৰিৰ আশা কৰিছে এ চি এৰ সভাপতিগৰাকীয়ে।

Also Read: ডাঃ সংগীতা-ৱালিউল কাণ্ড: অভিযোগনামা দাখিল...

icc cricket bcci