/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/2ee69336-96f8-427e-956a-69fecac1b170/2.jpg)
ডিজিটেল সংবাদ,ঢকুৱাখনাঃ মিচিং জনগোষ্ঠীৰ জাতীয় সংগ্ৰামী সত্বা তথা জাতীয় ছাত্ৰ সংগঠন টাকাম মিচিং পৰিণ কৌবাং। ৰাজ্যখনৰ দ্বিতীয় সৰ্ববৃহৎ ভৈয়াম জনগোষ্ঠীটোৰ এই জাতীয় সংগঠনটোৰ উদ্যোগত চিলাপথাৰৰ কাৰেং চাপৰিত অনুষ্ঠিত নৱম সংখ্যক মিচিং যুৱ মহোৎসৱৰ বুধবাৰে সফল পৰিসমাপ্তি ঘটিল।
জনগোষ্ঠীটোৰ স্বকীয় লোক কৃষ্টি আৰু নৃগোষ্ঠীয় পৰম্পৰাৰে উদ্ভাসিত এই যুৱ মহোৎসৱৰ সতে সংগতি ৰাখি অনুষ্ঠিত কৰা হৈছিল বিভিন্ন ধৰণৰ লোক কৃষ্টি সংস্কৃতিৰ লগতে ক্ৰীড়া প্ৰতিযোগিতা । জাতীয় সংগঠনটোৰ মুঠ ১৫ খন জিলা সমিতি আৰু ১২খন বাঙকে সমিতিৰ কেইবা সহস্ৰাধিক নিৰ্বাচিত প্ৰতিযোগী দলে অংশগ্ৰহণ কৰা বিভিন্ন শিতানৰ সাংস্কৃতিক আৰু ক্ৰীড়া প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি ঢকুৱাখনা জিলা সমিতিৰ অন্তৰ্গত প্ৰতিযোগী দল আৰু প্ৰতিযোগীয়ে মুঠ ১০ তাকৈ শ্ৰেষ্ঠত্বৰ বঁটা আজুৰি আনিবলৈ সক্ষম হয়।
যুৱ মহোৎসৱৰ পৰা সংগৃহীত তথ্য মতে জনগোষ্ঠীটোৰ স্বাভিমানী লোক কৃষ্টি ৰাকটুপ প্ৰতিযোগিতাত কিকিৰি দৃৰবৃ অপে'যে প্ৰথম স্থান, মিবু প্ৰতিযোগিতাত ডেনি পেগু অপে'যে দ্বিতীয় স্থান, চেল্লয়া প্ৰতিযোগিতাত খেৰকটা দৃৰবৃ অপে'যে প্ৰথম স্থান আৰু অৱনৰী দৃৰবৃ অপে'যে তৃতীয় স্থান ,গুমৰাগত অৱনৰী দৃৰবৃ অপে'যে তৃতীয় স্থান ,মদুম নিতম প্ৰতিযোগিতাত ঢকুৱাখনা দলে দ্বিতীয় স্থান ,লেৰীলি প্ৰতিযোগিতাত খেৰকটা দৃৰবৃ অপে'যে তৃতীয় স্থান ,আনুনিতম প্ৰতিযোগিতাত দীপাংকী দলেয়ে প্ৰথম স্থান, 'মিউজিক বেণ্ড' প্ৰতিযোগিতাত ঢকুৱাখনাৰ দলে দ্বিতীয় স্থান আৰু বেটছ ভলীবল প্ৰতিযোগিতাত ঢকুৱাখনাৰ দলে দ্বিতীয় বিজিতৰ স্থান দখল কৰি ঢকুৱাখনালৈ গৌৰৱোজ্জ্বল সন্মানৰ সম্ভাৰ কঢ়িয়াই আনিবলৈ সক্ষম হয় ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/3ba50ec1-cff0-4195-a640-898329578c42/3.jpg)
যুৱ মহোৎসৱৰ অন্তিম দিনৰ মুকলি সভাত কেন্দ্ৰীয় ভাৱে উদযাপিত যুৱ মহোৎসৱৰ বিভিন্ন প্ৰতিযোগিতাত শ্ৰেষ্ঠত্বৰ খিতাপ অর্জনকাৰী প্ৰতিযোগী আৰু দল সমূহক নগদ ধন আৰু প্ৰশস্তি পত্ৰৰে সন্মানিত কৰা হয়। ঢকুৱাখনাৰ বৰেণ্য ক্ৰীড়া আৰু সাংস্কৃতিক বৈভৱ কেন্দ্ৰীয় স্তৰত উদ্ভাসিত কৰি পুৰস্কৃত হ'বলৈ সক্ষম হোৱা প্ৰতিভাধৰ সকলক জাতীয় সংগঠনটোৰ ঢকুৱাখনা জিলা সমিতিৰ সভাপতি সঞ্জীৱ দলে, সম্পাদক অমৰজিত দলে , জিলা এম এম কেৰ সভাপতি দীপেন দলে ,সম্পাদক গণেশ দলে আৰু যুটীয়া সম্পাদক ঘন কুলিয়ে আন্তৰিক অভিনন্দন জনাইছে। মিচিং স্বায়ত্ব শাসিত পৰিষদৰ অধ্যক্ষ তথা পূব ঢকুৱাখনা মাতমৰা পৰিষদিয় সমষ্টিৰ সদস্য সুনীল কুমাৰ পেগুৱেও সকলোলৈকে শুভেচ্ছা জ্ঞাপন কৰিছে ।
Also Read: বৰঙাবাৰীৰ প্ৰতিষ্ঠিত ব্যৱসায়ী শংকৰলাল আগৰৱালাক অসম সাহিত্য সভাৰ সম্ভাষণ