/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/09238613-fee2-43d5-b84b-f48fb7da04a3/104.jpg)
ডিজিটেল সংবাদ,ঢকুৱাখনা : উঠি অহা প্ৰজন্মক কেৱল বিদ্যায়তনিক ব্যস্ততাৰ মাজতে আবদ্ধ নাৰাখি নাট্য, সাহিত্য , কৃষ্টি সাংস্কৃতিকভাৱেও পৰিপক্ক কৰি তোলাত ব্ৰতী হৈছে ঢকুৱাখনাৰ এক অনুষ্ঠান । কণ কণ শিশু আৰু কিশোৰসকলক পৰিৱেশ্য কলাৰ শিক্ষাৰে পৈণত কৰি নাট্য সাহিত্যৰ নিপুণ খনিকৰ হিচাপে প্ৰস্তুত কৰাৰ বিগত ১০ বছৰীয়া পৰম্পৰা অব্যাহত ৰখা অনুষ্ঠানটো হৈছে ঢকুৱাখনা এক্টিং একাডেমী ।
এটা দশকজোৰা ধাৰাবাহিকতা অক্ষুন্ন ৰাখি চলিত বর্ষৰ গ্ৰীষ্মকালীন বন্ধৰ সময়ছোৱাত মহকুমাটোৰ ডেৰ শতাধিক কণ কণ শিশুৰ লগতে কিশোৰ কিশোৰী সকলক নাট্য অভিনয় , গীত নৃত্যৰ এক প্ৰণালীবদ্ধ প্ৰশিক্ষণ প্ৰদান কৰাত আত্মনিয়োগ কৰিছে একাডেমীয়ে । ঢকুৱাখনা বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত যোৱা ৩ জুলাইৰ পৰা আৰম্ভ হোৱা এই পৰিৱেশ্য কলাৰ নিয়মীয়া কৰ্মশালাত দুটা শিতানত বিভক্ত কৰি শিশু আৰু কিশোৰ সকলক অভিজ্ঞ প্ৰশিক্ষকৰ জৰিয়তে কৃষ্টি সংস্কৃতিৰ লগতে নাট্যাভিনয়ৰ সাৱলীল প্ৰশিক্ষণ প্ৰদান কৰা হৈছে ।
একাডেমীৰ অধ্যক্ষ গৌৰৱ বৰুৱাই জনোৱা মতে অহা ২৩ জুলাইলৈ চলিব লগা এই কৰ্মশালাৰ অন্তিম কাৰ্যসূচী হিচাপে ২৪ জুলাইত প্ৰশিক্ষাৰ্থীসকলৰ নাট্যাভিনয়েৰে তিনিখন নাট মঞ্চায়ন কৰা হ'ব । ভাস্কৰ বৰুৱাৰ ৰচনা আৰু প্ৰযোজনাৰে দুখন নাটক ক্ৰমে "মলখু" আৰু "সঁচা সপোন" আৰু গৌৰৱ বৰুৱাৰ ৰচনা আৰু ভবেন তামুলীৰ পৰিচালনাৰে "ভগ্নাংশ" শীর্ষক নাট মঞ্চস্থ কৰা হ'ব ।
তাৰোপৰি সামৰণি অনুষ্ঠানত উদীয়মান নৃত্য পৰিচালক বাবা গগৈ আৰু লক্ষ্যজিত বৰুৱাৰ পৰিচালনাৰে বৰ্ণিল নৃত্যানুষ্ঠান অনুষ্ঠিত হ'ব । অন্যহাতে ৰুকশ্ৰী সন্দিকৈ , পীযুজ প্ৰীতম বৰুৱা আৰু স্বপ্নিল গগৈৰ পৰিচালনাৰে কণ কণ অকনিহঁতৰ বাৰেৰহনীয়া সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ'ব বুলি জানিবলৈ দিয়ে অধ্যক্ষ বৰুৱাই।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/f8c55203-fb86-4bcb-aa62-d6586b54b0d4/1370fb76-bc50-4fb2-a995-7fed8df59543.jpg)
অহা ২৪ জুলাই সন্ধিয়া ৬-০০ বজাৰ পৰা ঢকুৱাখনা নগৰৰ ম'হঘুলি চাপৰিৰ জনজাতি কৃষ্টি ভৱন প্ৰাঙ্গনত অনুষ্ঠিত হ'ব লগা এই সামৰণি সাংস্কৃতিক অনুষ্ঠানত বিশিষ্ট পণ্ডিত ডঃ পুষ্প গগৈ , নাট্য সাধক হেমন্ত বৰপাত্ৰ গোঁহাই , শিক্ষাবিদ ডঃ প্ৰাঞ্জল বুঢ়াগোহাঁই আদিয়ে অংশগ্ৰহণ কৰিব । একাডেমীৰ এই প্ৰয়াসৰ এগৰাকী শুভচিন্তক হিচাপে অভিভাৱক আৰু সকলো সংস্কৃতিপ্ৰেমীৰ উপস্থিতি , উৎসাহ উদ্দীপনা আন্তৰিকতাৰে কামনা কৰিছে একাডেমীৰ পৰিয়ালে ।
Also Read: গোগামুখত অগ্নিকাণ্ড : দুৰ্বৃত্তই জ্বলাই দিলে মূৰঙ ঘৰ