ঢকুৱাখনাত শান্তিপূৰ্ণভাৱে ভোটগ্ৰহণ সম্পন্ন

ঢকুৱাখনাত শান্তিপূৰ্ণভাৱে ভোটগ্ৰহণ পৰ্ব সম্পন্ন

author-image
Asomiya Pratidin
New Update
ঢকুৱাখনাত শান্তিপূৰ্ণভাৱে ভোটগ্ৰহণ সম্পন্ন

ডিজিটেল সংবাদ,ঢকুৱাখনাঃ শুকুৰবাৰে লখিমপুৰ লোকসভা সমষ্টিৰ অন্তৰ্গত ৭৭ নং ঢকুৱাখনা বিধানসভা সমষ্টিত শান্তিপূৰ্ণভাৱে ভোটগ্ৰহণ সম্পন্ন হয়। সমষ্টিটোৰ মুঠ ১৯৮ টা ভোটকেন্দ্ৰত ৯৫২ গৰাকী নিৰ্বাচনী বিষয়া নিযুক্ত আছিল। পুৱাৰ পৰা বিয়লি ৫ বজা পৰ্যন্ত ভোটাৰে শৃংখলাবদ্ধভাৱে ভোটাধিকাৰ সাব্যস্ত কৰে।

Advertisment

সমষ্টিটোৰ মুঠ ১,৬০,৪৫৭ গৰাকী ভোটাৰৰ ভিতৰত ৭৫'২৯ শতাংশ ভোটাৰে আজি মতদান কৰে। ভোটগ্ৰহণ সময়ত ইলেকট্ৰ'নিক ভোটিং মেচিনৰ সামান্য বিসংগতি আহিছিল যদিও পৰৱৰ্তী সময়ত জিলা নিৰ্বাচনী বিষয়াৰ কাৰ্য্যালয়ৰ তৎপৰতাত ক্ষীপ্ৰতাৰে এই সমস্যা দূৰ হয়।

ইপিনে সমষ্টিটোৰ ১০৩ নং হুজ গাঁও প্ৰাথমিক বিদ্যালয় আৰু ৫৭ নং কমলপুৰ এম ভি বিদ্যালয় ভোট কেন্দ্ৰত ভোটিং মেচিনৰ বিসংগতিৰ বাবে নিশা ৭ বজালৈ ভোট গ্ৰহণ চলি থাকে।

ঢকুৱাখনা জিলা নিৰ্বাচনী বিষয়া কাৰ্ত্তিক কলিতাই শান্তিপূৰ্ণ ভোট দানৰ বাবে সমষ্টিটোৰ দায়িত্বশীল ভোটাৰ আৰু নিয়োজিত সকলো নিৰ্বাচনী বিষয়া কৰ্মচাৰীক ধন্যবাদ জ্ঞাপন কৰে ।

Also Read: প্ৰদ্যুৎ বৰদলৈ, আমিনুল ইছলাম দুয়ো জিকিলে মোৰ ওচৰলৈ আহিব, গতিকে বিজেপি প্ৰাৰ্থীকে ভোট দিবঃ মুখ্যমন্ত্ৰী

ভোটগ্ৰহণ ঢকুৱাখনা নিৰ্বাচন২০২৪