সুনীল গগৈৰ বাসগৃহত DGP জি পি সিংঃ এছ আই টি গঠনৰ নিৰ্দেশ

সুনীল গগৈৰ বাসগৃহত DGP জি পি সিংঃ
এছ আই টি গঠনৰ নিৰ্দেশ

ডিজিটেল সংবাদ, ঢকুৱাখনা: সোমবাৰে বিয়লি ঢকুৱাখনাত উপস্থিত হয় অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জ্ঞানেন্দ্ৰ প্ৰতাপ সিং। চি আই ডিৰ আই জি পি সংযুক্তা পৰাশৰ, লখিমপুৰ জিলা আৰক্ষী অধীক্ষক অৰ্পনা নতৰাজনৰ সহযোগিতাত ঘটনাস্থলী পৰিদৰ্শন কৰি হত্যাকাৰীৰ আচৰণৰ বুজ লয় সিঙে।

পৰৱৰ্তী সময়ত আৰক্ষী সঞ্চালক প্ৰধান গৰাকী মৃতক সুনীল গগৈৰ বাসগৃহত উপস্থিত হয়। মৃতক সুনীল গগৈৰ পত্নী, পুত্ৰ-কন্যা আৰু আত্মীয় স্বজনৰ দুখৰ সমভাগী হৈ মত বিনিময় কৰে সঞ্চালক প্ৰধান সিঙে।

কেৱল দুৰ্নীতি অনিয়ম আৰু অৰ্থলোভী মানসিকতাৰ বিৰুদ্ধে সাহসেৰে থিয় দিয়াৰ বাবেই দুৰ্নীতিগ্ৰস্ত চক্ৰটোৱে মিলি স্বামী সুনীল গগৈক অতি আসুৰিক ভাবে হত্যা কৰাৰ অভিযোগ উত্থাপন কৰে মৃতকৰ পত্নী পুত্ৰই। এই হত্যাকাণ্ডত জড়িত সকলক চিনাক্ত কৰি নিৰ্মম শাস্তি প্ৰদান কৰাৰ দাবী জনাই পৰিয়ালৰ লোকে।

সঞ্চালক প্ৰধানে কয় যে, প্ৰথম বাৰৰ বাবে এনে কুটিল মানসিকতা সম্পন্ন হত্যাকাণ্ড সংঘটিত হৈছে।এই হত্যাকাণ্ডক অসম আৰক্ষীয়ে যথেষ্ট গুৰুত্ব সহকাৰে গ্ৰহণ কৰিছে। এইটো স্পৰ্শকাতৰ আৰু গুৰুত্বপূৰ্ণ ঘটনা বুলি উল্লেখ কৰি ৰাজ্য চৰকাৰৰ ফৰেনচিক এক্সপাৰ্ট এডভাইজাৰে ঘটনাৰ তদন্ত কৰিব বুলিও জানিব দিয়ে। হত্যাকাণ্ড সন্দৰ্ভত এটা এছ আই টি গোট খুলিবলৈ নিৰ্দেশ দিয়ে সঞ্চালক গৰাকীয়ে। লগতে ন্যায়িক জিম্মাত থকা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যবাহী অভিযন্তা জয়ন্ত গোস্বামীক জেৰা কৰি থকা বুলিও জানিবলৈ দিয়ে।

ইপিনে হত্যাকাণ্ড সংঘটিত কৰা লাওঁকোঠ পথাৰ আৰু পাৰ্শ্বৱতী এলেকাত সুনীল গগৈৰ ছিন্ন মুণ্ডৰ সন্ধান উলিওৱাত ব্যৰ্থ হৈছে আৰক্ষী। সোমবাৰে পথাৰখনত অৱস্থিত এটা পুখুৰীত এছ ডি আৰ এফ আৰু এন ডি আৰ এফ বাহিনীৰ দীপ চুইমাৰ নামি অশেষ সন্ধান চলাই যদিও সফল নহয়।

উল্লেখ্য যে, শনিবাৰে নিশা লখিমপুৰ জিলাৰ ঢকুৱাখনাৰ সাপতীয়া চেতিয়া গাঁৱত এই নাৰকীয় হত্যাকাণ্ড সংঘটিত হৈছিল। ঠিকাদাৰ তথা বিজেপিৰ ঢকুৱাখনাৰ কিষাণ মৰ্চাৰ সাধাৰণ সম্পাদক সুনীল গগৈক বৰ্বৰভাৱে হত্যা কৰি, শিৰচ্ছেদ কৰা হৈছিল। সুনীল গগৈক বিবস্ত্ৰ কৰি জ্বলাই দিছিল ঘাতকে।

সুনীল গগৈৰ বাসগৃহত DGP জি পি সিংঃ
এছ আই টি গঠনৰ নিৰ্দেশ
চিন্তিত ভোটাৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in