চিন্তিত ভোটাৰ...

চিন্তিত ভোটাৰ...
চিন্তিত ভোটাৰ...

দেশত কোনে গঠন কৰিব পৰৱৰ্তী চৰকাৰে? এই প্ৰশ্নৰ উত্তৰ পাবলৈ মাজত মাত্ৰ কেইটামান ঘণ্টা বাকী। ৪ জুন, মঙ্গলবাৰে পুৱাৰে পৰা গণনা হ’ব অষ্টাদশ লোকসভা নিৰ্বাচনৰ ফলাফল।

ইতিমধ্যে ১ জুনত সপ্তম তথা অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ অন্ত পৰাৰ পাছতে দেশৰ বিভিন্ন সংবাদ প্ৰতিষ্ঠানৰ লগতে অন্যান্য প্ৰতিষ্ঠানেও এক্সিট পোলৰ জৰিয়তে পৰৱৰ্তী চৰকাৰ কাৰ হ’ব সেই সন্দৰ্ভত পূৰ্বানুমান কৰিছে। সেই অনুসৰি পৰৱৰ্তী চৰকাৰে পুনৰ এন ডি এই গঠন কৰিব। বিৰোধীৰ আসনত বহিব লাগিব কংগ্ৰেছ।

অৱশ্যে এই লেখাত এক্সিট পোলৰ সপক্ষে অথবা, বিপক্ষে ক’ব বিচৰা নাই। এক্সিট পোলৰ ফলাফল এই লেখাৰ বিষয়বস্তুও নহয়। তথাপিও এই কথা এই বাবেই উল্লেখ কৰা হৈছে যে এই লেখাৰ মূল বিষয়েই হৈছে বিজেপি আৰু কংগ্ৰেছ।

কংগ্ৰেছৰ ধাৰাবাহিক তিনিটা কাৰ্যকালৰ শেষৰটো কাৰ্যকালত দেশৰ জনতা কংগ্ৰেছৰ দুৰ্নীতি, অপশাসন আৰু মূল্যবৃদ্ধিক লৈ অতিষ্ঠ হৈ পৰিছিল। তাৰ পৰিপ্ৰেক্ষিতত বিকল্প হিচাপে বাচি লৈছিল বিজেপিক। বিজেপিৰ নেতৃত্বত এন ডি এয়ে ২০১৪ ত চৰকাৰ গঠন কৰাৰ পিছতে ২০১৯ তো পুনৰ ক্ষমতালৈ আহিল। ২০১৪ ৰ পৰা এই ১০ টা বছৰত দেশবাসীয়ে প্ৰত্যক্ষ কৰিলে বিজেপিৰ শাসন।

এই দুটা কাৰ্যকালত বিজেপিয়ে ২০১৪ ৰ নিৰ্বাচনৰ সময়ত আৰু ২০১৯ ৰ নিৰ্বাচনৰ সময়ত দিয়া প্ৰতিশ্ৰুতি কিমান পালন কৰিলে তাৰ হিচাপ স্বয়ং দলটোৰ নেতাই দিব নোৱাৰে। ৰাম মন্দিৰ, জম্মু-কাশ্মীৰৰ পৰা ৩৭০ প্ৰত্যাহাৰৰ দৰে কেতবোৰ ধৰ্মীয়, ৰাজনৈতিক বিষয়ক বাদ দি দলটোৱে সামগ্ৰিকভাৱে জনকল্যাণমূলক আঁচনিসমূহৰ বিষয়ে কোনো কথাই ক’ব নোৱাৰে।

যাৰ পৰিণতিত ইছ্যু বিহীনভাৱে এইবাৰ নিৰ্বাচনত দলটো জপিয়াই পৰিছে। প্ৰধানমন্ত্ৰীৰ পৰা মুখ্যমন্ত্ৰীলৈ বিজেপি নেতৃত্বৰ মুখত কেৱল সাম্প্ৰদায়িক কথা-বতৰা। তাৰোপৰি বিজেপিৰ বিৰুদ্ধে যোৱা ৫ টা বছৰত উত্থাপিত হৈছে আন কেতবোৰ গুৰুত্বপূৰ্ণ অভিযোগ।

দেশৰ স্বতন্ত্ৰ তদন্তকাৰী সংস্থাক ৰাজনৈতিক উদ্দেশ্যত ব্যৱহাৰ, সংবিধান সলনি আৰু গণতান্ত্ৰিক ব্যৱস্থাক ধ্বংস কৰাৰ চেষ্টা চলোৱাৰো অভিযোগ বিজেপিৰ বিৰুদ্ধে। এনে গুৰুতৰ অভিযোগৰ পিছতো, মূল্য বৃদ্ধি, নিবনুৱা সমস্যা, দৰিদ্ৰতা আদি অনেক সমস্যাত ভাৰাক্ৰান্ত হোৱাৰ সময়তো অধিকাংশ ৰাজ্যত এতিয়াও কিয় বিজেপিয়ে ক্ষমতা হেৰুওৱা নাই এয়াও এক গুৰুত্বপূৰ্ণ প্ৰশ্ন।

২ জুন দেওবাৰে ঘোষণা হ’ল উত্তৰ পূৰ্বাঞ্চলৰ দুই ৰাজ্য অৰুণাচল আৰু ছিকিমৰ ৰাজ্যিক বিধানসভা নিৰ্বাচনৰ ফলাফল। চুবুৰীয়া অৰুণাচলত বিজেপিয়ে ৪৬ খন আসনত বিজয় সাব্যস্ত কৰাৰ বিপৰীতে নেচনেলিষ্ট পিপলছ পাৰ্টিয়ে ৫ খন, নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টিয়ে ৩ খন, পিপলছ পাৰ্টি অফ অৰুণাচলে ২ খন, ভাৰতীয় জাতীয় কংগ্ৰেছে ১ খন আৰু নিৰ্দলীয়ই ৩ খন আসন লাভ কৰে।

সেইদৰে উত্তৰ পূৰ্বাঞ্চলৰ অন্যতম ক্ষু্দ্ৰ ৰাজ্য ছিকিমত মুঠ ৩২ খন আসনৰ ভিতৰত ৩১ খনতে ছিকিম ক্ৰান্তিকাৰী মৰ্চাই লাভ কৰে। এখন আসন লাভ কৰে ছিকিম ডেমক্ৰেটিক ফ্ৰণ্টে। এই ৰাজ্যখনত বিজেপিয়ে এখনো আসন লাভ নকৰিলে যদিও ছিকিম ক্ৰান্তিকাৰী মৰ্চা এন ডি এৰে অংশীদাৰ। গতিকে এই ৰাজ্যখনো বিজেপিৰ প্ৰভাৱৰ পৰা মুক্ত নহয়।

এই দুই ৰাজ্যৰ নিৰ্বাচনৰ ফলাফলে কেইবাটাও প্ৰশ্নৰ অৱতাৰণা কৰিছে। যি অৰুণাচল এসময়ত কংগ্ৰেছৰ দূৰ্গ আছিল সেই অৰুণাচলত এতিয়া কংগ্ৰেছে কোনমতেহে ৰক্ষা কৰিলে অস্তিত্ব। ৬০ খন আসনৰ ভিতৰত পালে মাত্ৰ এখন আসন।

সেইদৰে ছিকিমৰ ৩২ খন আসনৰ ভিতৰত কংগ্ৰেছে আসন লাভ কৰাটো দূৰৰে কথা লাভ নকৰিলে দুই হাজাৰো ভোট। এই ৰাজ্যখনত মুঠ ভোটৰ ভিতৰত কংগ্ৰেছে পাইছে মাত্ৰ ১,২২৮ টা ভোট, যি মুঠ ভোটৰ ০.৩২ শতাংশ। ইয়াৰ বিপৰীতে নোটাত পৰিছে ৩ হাজাৰ ৮১৩ টা ভোট। ই মুঠ ভোটৰ ০.৯৯ শতাংশ। অৰ্থাৎ ৰাজ্যখনত ভোটাৰে কংগ্ৰেছক বিকল্প হিচাপে লোৱাতকৈ নোটাকহে অধিক গুৰুত্ব প্ৰদান কৰিলে।

ইয়াৰ পূৰ্বে অনুষ্ঠিত হোৱা দেশৰ ৫ ৰাজ্য ক্ৰমে মিজোৰাম, মহাৰাষ্ট্ৰ, কৰ্ণাটক, ঝাৰখণ্ড আৰু মধ্যপ্ৰদেশৰ নিৰ্বাচনতো দেখা গৈছিল একেই অৱস্থা। ৫ ৰাজ্যৰ ভিতৰত একমাত্ৰ কৰ্ণাটকতহে চৰকাৰ গঠন কৰিলে কংগ্ৰেছে। বাকী শাসনত থাকিও মহাৰাষ্ট্ৰ আৰু ঝাৰখণ্ডো বিজেপিৰ হাতত হেৰুৱালে কংগ্ৰেছে। মিজোৰামত জোৰাম পিপলছ মোভমেণ্টে লালডোহোমাৰ নেতৃত্বত গঠন কৰিলে চৰকাৰ। এই জোৰম পিপলছ মোভমেণ্টো এন ডি এৰেই অংশ।

এইবোৰ কথাই প্ৰমাণ কৰে এতিয়াও অধিকাংশ জনতাই কংগ্ৰেছক বিজেপিৰ বিকল্প হিচাপে লোৱা নাই। কংগ্ৰেছৰ অপশাসন, কংগ্ৰেছৰ একাংশ নেতাৰ দুৰ্নীতিৰ কথা এতিয়াও পাহৰিব পৰা নাই দেশৰ জনতাই। তাৰোপৰি বিজেপিৰ কেন্দ্ৰীয় শীৰ্ষ নেতৃত্ব তথা ৰাজ্যসমূহৰ শীৰ্ষ নেতৃত্বৰ বিকল্প হিচাপেও কংগ্ৰেছে কোনো এজন নেতাকেই থিয় কৰিব পৰা নাই।

আনহাতে বিজেপিয়ে অতি কৌশলপূৰ্ণভাৱে যিসমূহ আঞ্চলিক ৰাজনৈতিক দলৰ ভেঁটি কিছু শক্তিশালী, তৃণমূল পৰ্যায়ত কাম কৰিব পৰা কৰ্মীৰে পৰিপূৰ্ণ তেনে কিছু দলক এন ডি এৰ অংশীদাৰ কৰি লৈছে। এনে দলৰ বোকোচাত উঠি ৰাজ্যসমূহত বিজিপি বিয়পি পৰিছে। উত্তৰ পূৰ্বাঞ্চলেই ইয়াৰ উদাহৰণ।

উত্তৰ পূৰ্বাঞ্চলৰ মেঘালয়, মিজোৰাম, নাগালেণ্ড, ছিকিমত বিজেপিৰ নিজা চৰকাৰ নাই যদিও এই আটাইকেইখন ৰাজ্যই এন ডি এৰ অংশীদাৰ। অসমৰ এসময়ৰ শক্তিশালী অসম গণ পৰিষদ এতিয়া বিজেপিৰ নাগপাশত বন্দী। এই দলটোৰ বোকোচাত উঠিয়েই অসমত খোপনি পুতিছিল বিজেপিয়ে।

ইয়াৰ পৰিৱৰ্তে কংগ্ৰেছেও একাংশ আঞ্চলিক ৰাজনৈতিক দলৰ সৈতে মিত্ৰতা কৰিছে যদিও দলটোৱে ভৰিৰ তলৰ মাটি হেৰুওৱাৰ উপক্ৰম হোৱাৰ পিছতো ‘বিগব্ৰাডাৰ’ৰ ভূমিকা ল’বলৈ নেৰাত দলটোক বিশ্বাসত ল’ব পৰা নাই আঞ্চলিক ৰাজনৈতিক দলসমূহে।

লোকসভা নিৰ্বাচনৰ পূৰ্বেই তাৰ বহু উমান পোৱা গ’ল। কংগ্ৰেছ নেতৃত্বৰ দূৰদৰ্শিতাৰ অভাৱৰ বাবেই ঐক্যবদ্ধ বিৰোধীও বিভাজন হোৱাহে পৰিলক্ষিত হৈছে। অসমতে ঐক্যবদ্ধ বিৰোধীৰ নামত কংগ্ৰেছৰ লগত থাকিল অস্তিত্বহীন দুটামান দলৰ সৈতে কেৱল অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দল। এই দুই আঞ্চলিক ৰাজনৈতিক দলেও কংগ্ৰেছৰ ওচৰত সেও মানিবলৈ বাধ্য হৈছে বুলিয়েই ক'ব বিচাৰিছে বহুতেই।

বাওঁপন্থী দল কেইটাই, আম আদমি পাৰ্টি, তৃণমূল কংগ্ৰেছ আদি দলসমূহ ঐক্যবদ্ধ বিৰোধীত থাকিও পৃথকে প্ৰক্ষেপ কৰিলে প্ৰাৰ্থী। যাৰ পৰিণতিত বিৰোধীৰ নিজা ভোটো বিভাজন হ’ল। বিজেপিৰ শাসনৰ প্ৰতি অতিষ্ঠ ৰাইজৰ ভোটখিনিও নিৰ্দিষ্ট এজন প্ৰাৰ্থীয়ে পোৱাৰ বিপৰীতে ভাগ ভাগ হ’ল।

এই কথা নিশ্চিত যে, দেশৰ জনতাই বিজেপিৰ বিকল্প বিচাৰিছে। কিন্তু বিজেপিৰ বিৰোধিতা কৰিও বিকল্পৰ অভাৱত ভূগিছে ভোটাৰ ৰাইজ। শক্তিশালী ৰাষ্ট্ৰীয় ৰাজনৈতিক দলৰ অভাৱত বহু ভোটাৰে পুনৰ বিজেপিকেই আকোৱালি লৈছে।

কিন্তু যোৱা বিধানসভা নিৰ্বাচনসমূহে এই কথাৰো ইংগিত দিছে আঞ্চলিক ৰাজনৈতিক দলসমূহৰ গুৰুত্ব পূৰ্বতকৈ বৃদ্ধি পাইছে। এই আঞ্চলিক ৰাজনৈতিক দলসমূহক ৰাজ্যসমূহত বিজেপিৰ বিকল্প হিচাপে ভোটাৰে বিচাৰি লৈছে।

যোৱা সময়ছোৱাত দক্ষিণ ভাৰতক বাদ দি বাকী প্ৰান্তত দুৰ্বল হৈ পৰা আঞ্চলিক ৰাজনৈতিক দলসমূহৰ পুনৰোত্থানৰ এক ইংগিতো পোৱা গৈছে। এই আঞ্চলিক ৰাজনৈতিকদলসমূহেই এতিয়া বিজেপিৰ বিকল্প।

চিন্তিত ভোটাৰ...
এগজিত প’ল

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in