মহিলা, শিশু, যুৱতীৰ বাবে ভাল খবৰ! বাজেটত স্থান মুখ্যমন্ত্রী নিযুত মইনাৰ পৰা মুখ্যমন্ত্রী মহিলা উদ্যমিত অভিযানলৈ...

মহিলা, শিশু, যুৱতীৰ বাবে ভাল খবৰ! বাজেটত স্থান মুখ্যমন্ত্রী নিযুত মইনাৰ পৰা  মুখ্যমন্ত্রী মহিলা উদ্যমিত অভিযানলৈ...

ডিজিটেল ডেস্কঃ অসমৰ মহিলা,যুৱতী আৰু ছাত্ৰীসকলৰ বাবে বাজেটত কৰিছে ডাঙৰ ঘোষণা। তলত সৱিশেষ উল্লেখ কৰা হ'ল-

মুখ্যমন্ত্রী নিযুত মইনা (MMNM)

১০ লাখ ছাত্রীক (এক নিযুত-নিযুত মইনা) নামভৰ্তিৰ ক্ষেত্ৰত উদগনি হিচাপে বিত্তীয় অনুদান আগবঢ়োৱা হ'ব যাতে তেওঁলোকে উচ্চতৰ মাধ্যমিক, স্নাতক আৰু স্নাতোকোত্তৰ পৰ্যায়লৈকে অধ্যয়ন অব্যাহত ৰাখিব পাৰে।

এই পদক্ষেপে বাল্য বিবাহ ৰোধ কৰাৰ ক্ষেত্ৰত চৰকাৰে গ্ৰহণ কৰা অভিযানক সবল কৰি তুলিব। শাস্তিমূলক আৰু নিয়ন্ত্রণমূলক ব্যৱস্থা গ্রহণ কৰাৰ উপৰি এগৰাকী কন্যাই কেতিয়া বিয়াত বহিব সেইটো সিদ্ধান্ত ল'বলৈ তেওঁক আমি সক্ষম কৰি তুলিব লাগিব।

যদি দহ লাখ কন্যাক স্নাতক আৰু স্নাতকোত্তৰ শ্ৰেণীলৈ অধ্যয়ন কৰিবলৈ উৎসাহ যোগাব পৰা যায়, তেতিয়া প্রৱেশিকা পৰীক্ষাত উত্তীর্ণ হোৱাৰ পিছত শিক্ষা লাভ কৰা শিক্ষিত যুৱক-যুৱতীৰ হাৰ বৃদ্ধি কৰিব পৰা যাব।

যিকোনো চৰকাৰী মহাবিদ্যালয়/শিক্ষানুষ্ঠানত অধ্যয়ন কারা ছাত্রীসকলে এই সুবিধা লাভ কৰাৰ বাবে যোগ্য বিবেচিত হ'ব। দ্বিতীয়তে, বিবাহ পাশত আবদ্ধ হোৱা ছোৱালী এই সুবিধাৰ বাবে যোগ্য বিবেচিত নহ'ব।

একাদশ শ্রেণীত নামভৰ্তি কৰা প্ৰতিগৰাকী ছাত্ৰীলৈ ১০,০০০ টকা নামভৰ্তিৰ উদগনিমূলক ধন হিচাপে প্ৰদান কৰা হ'ব।

একেদৰে স্নাতক পাঠ্যক্ৰমৰ প্ৰথম বৰ্ষত নামভৰ্তি কৰা ছাত্রীসকললৈ গাইপতি ১২,৫০০ টকাকৈ প্ৰদান কৰা হ'ব।

স্নাতকোত্তৰ পাঠ্যক্ৰমৰ প্ৰথম বৰ্ষত নামভৰ্তি কৰা প্ৰতিগৰাকী ছাত্রীয়ে ১৫,০০০ টকা নামভৰ্তিৰ উদগনিমূলক ধন হিচাবে লাভ কৰিব।

নিয়ম অনুসৰি বিনামূলীয়া নামভর্তি, স্কুটী প্রদান ইত্যাদিৰ লেখীয়া বর্তমানে প্রদান কৰি থকা সুবিধাসমূহৰ ওপৰঞ্চি হিচাপে এই সুবিধা প্ৰদান কৰা হ'ব।

মুখ্যমন্ত্রী মহিলা উদ্যমিত অভিযান

মুখ্যমন্ত্রী মহিলা উদ্যমিতা অভিযান হৈছে এক অভিলাষী অভিযান, যাৰ লক্ষ্য হৈছে আমাৰ মহিলাসকলক উদ্যোগী হিচাপে গঢ়ি তোলা।

এই অভিযান দুটাৰ উদ্দেশ্য হ'ল- অমৃত কালত আমাৰ মহিলা উদ্যোগীসকলৰ আয় বৃদ্ধি কৰা আৰু তেওঁলোকক ব্যৱসায়িকভাৱে সফল কৰা।

সমগ্র ৰাজ্যখনতে কেতবোৰ চৰ্ত সাপেক্ষে গ্রামাঞ্চলৰ আত্ম- সহায়ক গোটসমূহৰ ৩৯,৬৭,৭৪৩ গৰাকী মহিলা সদস্যলৈ গাইপতি ১০,০০০ টকাকৈ উদ্যমিতা পুঁজি হিচাপে প্রদান কৰা হ'ব।

এই সুবিধা লাভ কৰাৰ পাছত এনে প্ৰতিগৰাকী হিতাধিকাৰীয়ে নূন্যতম ২৫হাজাৰকৈ বেংকৰ ঋণ লাভ কৰিব। সেই ধনৰ সদব্যৱহাৰ আৰু সময়মতে ঋণ পৰিশোধ কৰিলে ১২৫০০টকাৰ ৰাজসাহায্য লাভ কৰিব।

এইদৰে প্ৰতিগৰাকী হিতাধিকাৰীয়ে অনুদান, ৰাজাসাহায্য আৰু ঋণ হিচাপে ন্যূনতম ৪৭,৫০০ টকা লাভ কৰিব।

আত্মসহায়ক গোটৰ সদস্যসকললৈ আবেদন প্ৰ-পত্ৰ বিতৰণৰ কাম ইতিমধ্যে আৰম্ভ হৈছে।এই আঁচনিখনে আত্মসহায়ক গোটৰ প্ৰায় ২.৫ লাখ সদস্যক সামৰি ল'ব।

অৰুণোদয়-২.০:

এই আঁচনিৰ অধীনত ৰাজ্যখনৰ অন্ত্যোদয়া মহিলাসকলৰ উপৰি তৃতীয় লিংগৰ ব্যক্তি আৰু দিব্যাংগজনে লাভালাভ পোৱাটো নিশ্চিত কৰা হৈছে। ২৭ লাখৰো অধিক হিতাধিকাৰী সামৰি আঁচনিখনৰ পৰিসৰ বৃদ্ধি কৰা হৈছে। হিতাধিকাৰীসকলে প্রতি মাহৰ ১০ তাৰিখে ১,২৫০ টকাকৈ নিজৰ বেংক একাউন্টত প্রত্যক্ষভাৱে লাভ কৰি আছে।

মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান

ইয়াৰ অধীনত প্ৰায় ১,০৪,০০০ গৰাকী যুৱক-যুৱতীয়ে বিস্তৃত প্রকল্প প্রতিবেদনসহ আবেদন কৰিছে। চলিত ফেব্ৰুৱাৰী মাহতে বাছনি প্রক্রিয়া আৰম্ভ হ'ব।

ক্ষুদ্র উদ্যোগীসকলে চৰকাৰী অনুদান আৰু সুদবিহীন চৰকাৰী ঋণ সংযোজিতকৰণেৰে কিস্তি আকাৰে ২ লাখ আৰু ৫ লাখ টকা লাভ কৰিব। সুদবিহীন চৰকাৰী ঋণ ৫ বছৰৰ পিছত অৰ্থাৎ ৬১ তম্ মাহৰ পৰা ৬০ টা সমান কিস্তিত পৰিশোধ কৰিব লাগিব। বাণিজ্য, নির্মাণ সেৱা, খাদ্য সংসাধন, হস্ততাঁত, হস্তশিল্প, কৃষি, পশুপালন, মীন আৰু দুগ্ধ ইত্যাদিৰ লেখীয়া বিভিন্ন খণ্ডৰ প্রশিক্ষণ আৰু পৰামৰ্শ প্রদান কৰা হ'ব।

অসম মাইক্র' ফাইনেন্স উদগনি আৰু সকাহ আঁচনি: তৃতীয় বর্গ

অসম মাইক্র' ফাইনেন্স উদগনি আৰু সকাহ আঁচনিৰ প্ৰথম পর্যায়ত প্রথম, দ্বিতীয় আৰু তৃতীয় শ্ৰেণীৰ প্ৰায় ১২ লাখ ঋণ গ্রহণকাৰীয়ে মুঠ ২,০৮১ কোটি টকাৰ আৰ্থিক সাহায্য লাভ কৰিছে।

এই বছৰৰ বাজেটত এই আঁচনিৰ অধীনৰ তৃতীয় শ্ৰেণীৰ ঋণ গ্রহণকাৰী দুখীয়া মহিলাসকলক সাহায্য প্রদান কৰিব। ২০২১ বৰ্ষৰ ৩১ মাৰ্চলৈকে যিসকলৰ একাউণ্ট নন্ পাৰফ র্মিং এছেট (NPA) লৈ পৰিণত হৈছে আৰু ২৫,০০১ টকাৰ পৰা ৫০,০০০ টকা পর্যন্ত মূলধন আদায় দিবলৈ বাকী আছে, তেনে মহিলাক এনে সাহায্য প্রদান কৰা হ'ব।এই আঁচনিৰ বাবে ২০২৪-২৫ বিত্তীয় বর্ষত মই ৫৫০ কোটি টকাৰ আবণ্টনৰ প্রস্তাৱ দিছে।

শিশুৰ উজ্জ্বল ভৱিষ্যতৰ বাবে

বৰ্তমান অসম চৰকাৰে ইতিমধ্যে প্রায় ৫,০০০ টা আদর্শ অংগনৱাড়ী কেন্দ্র নির্মাণ কৰিছে। এই বর্ষত ১,২৫০ কোটি টকা ব্যয়ৰে আন ৫,০০০ টা আদর্শ অংগনৱাড়ী কেন্দ্র নির্মাণ কৰাৰ কথা উল্লেখ আছে বাজেটত।

চৰকাৰে ২,৩৬৯.৮৬ কোটি টকা ব্যয়ৰে ৰাজ্যৰ ৩২২ খন বিদ্যালয় ৰূপান্তৰ কৰিব।

বর্তমানে ১১৮ খন চাহ বাগিচা আদর্শ বিদ্যালয় কার্যক্ষম হৈ আছে আৰু চাহ বাগিচা অঞ্চলত আমি আন ১০০ খন নতুন আদর্শ বিদ্যালয় স্থাপন কৰিব।

ডিব্রুগড় বিশ্ববিদ্যালয় আৰু অন্যান্য শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে ৫০ শতাংশ পাঠ্যক্রম মাচুল জলপানি হিচাপে আগবঢ়াই আমাৰ চৰকাৰে Self financing scheme ৰ অধীনত ছাত্র-ছাত্ৰীসকললৈ সহায়ৰ হাত আগবঢ়োৱাৰ মনস্থ কৰিছে।

অহা তিনি বছৰৰ সময়ছোৱাত ডিব্ৰুগড় বিশ্ববিদ্যালয়ক অত্যাধুনিক বিশ্ববিদ্যালয়লৈ ৰূপান্তৰিত কৰাৰ বাবে ১০০ কোটি টকা পুঁজিৰ অনুদান আগবঢ়োৱা হ'ব।

মহিলা, শিশু, যুৱতীৰ বাবে ভাল খবৰ! বাজেটত স্থান মুখ্যমন্ত্রী নিযুত মইনাৰ পৰা  মুখ্যমন্ত্রী মহিলা উদ্যমিত অভিযানলৈ...
আত্মসহায়ক গোটৰ প্ৰতিগৰাকী মহিলা সদস্যক দিব ১০হাজাৰকৈ টকা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in