/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/81eea7d6-d682-476f-8770-a2c0f055ff93/245.jpg)
ডিজিটেল সংবাদ,ঢকুৱাখনা : প্ৰেমৰ চলনাৰে সপোন দেখুৱাই কিশোৰী অৱস্থাতে বিয়া কৰোৱাই নৃশংসভাৱে হত্যা কৰা দেৱলীনা সোণোৱাল হত্যাকাণ্ডৰ অভিযুক্তৰ হৈ ওকালতি নকৰিবলৈ উকীলসমাজলৈ আহ্বান জনাইছে সোণাৰী চাপৰি মহিলাসমাজে । তাৰোপৰি দেৱলীনাৰ আত্মাৰ সদগতি পাবলৈ ঘাটক স্বামীক ফাঁচী দিয়াৰ লগতে আৰক্ষীৰ তদন্ত নিৰপেক্ষ কৰাৰ দাবী জনায়।
শুক্ৰবাৰে দুপৰীয়া সোণাৰী চাপৰি আৰু কেঁকুৰী পঞ্চায়তৰ সহস্ৰাধিক মহিলা দেৱলীনা হত্যাকাণ্ডৰ উচিত নিৰপেক্ষ তদন্তৰ দাবীৰে স্বতঃস্ফূৰ্তভাৱে ওলাই আহি সোনাৰী চাপৰি কৃষ্টি ভৱন প্ৰাঙ্গনত সমবেত হয় । বৃহত্তৰ সোণাৰী চাপৰি,কেঁকুৰী অঞ্চলৰ মহিলাসকলে হাতে-হাতে দাবী সম্বলিত প্লে'কাৰ্ড লৈ নিৰীহ দেৱলীনা সোণোৱাল হত্যাকাণ্ডৰে অভিযুক্ত স্বামীক ফাঁচী দিয়াৰ দাবীৰে বিভিন্ন শ্লোগান দি পৰিবেশ উত্তাল কৰি তোলে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/8d443c12-451b-4d04-acc1-f0ef92878046/c9711927-098f-4450-aba1-af2e4ddebeba.jpg)
ইয়াৰ পাছত মহিলাসমাজে এখন প্ৰতিবাদী সভাও অনুষ্ঠিত কৰে । ঢকুৱাখনা মহকুমা মহিলা সমিতিৰ সভানেত্ৰী মঞ্জু গগৈৰ সভাপতিত্বত অনুষ্ঠিত প্ৰতিবাদী সভাত উদেশ্য ব্যাখ্যা কৰে মহিলা নেত্ৰী অনু দিহিঙীয়া বৰুৱাই।
প্ৰতিবাদী সভাত দেৱলীনা সোণোৱালক কিশোৰী অৱস্থাতে বলপূৰ্বকভাৱে প্ৰেমৰ জালত বন্দী কৰি পলুৱাই নি পাছত যৌতুক বিচাৰে। লগতে নগদ ৫ লাখ টকা ,সোণৰ চেইন দাবী কৰি অকথ্য শাৰীৰিক ,মানসিক নিৰ্যাতন চলোৱা পাষণ্ড চৰিত্ৰৰ স্বামী পৱন বৰুৱাক কঠোৰতম শাস্তি বিহাৰ দাবী জনাই বহু কেইগৰাকী জ্যেষ্ঠা মহিলাই বক্তব্য প্ৰদান কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/9b2a7071-aaeb-4ace-aa5e-a0876ef261f2/8c149392-35e7-434e-b04a-86c767c0d5c3.jpg)
প্ৰতিবাদী সভাত অগ্ৰণী মহিলা ক্ৰমে মঞ্জু গগৈ, দীপিকা গোহাঁই , নলিনী বুঢ়াগোহাঁই , মামণি দলে পেগু ,অনু দিহিঙীয়া বৰুৱা আদিয়ে বক্তব্য আগবঢ়াই আৰক্ষীৰ তদন্ত যাতে সঠিক, নিৰপেক্ষ হয় তাৰ দাবী জনায়। ইয়াৰ লগতে নৰহত্যাৰ দৰে জঘন্য কাণ্ডৰে জড়িত স্বামীৰ হৈ যাতে কোনো অধিবক্তাই ওকালতি নকৰে তাৰ বাবে উকীল সন্থালৈ ৰাজহুৱা আহ্বান জনায়।
প্ৰতিবাদী সভাই আৰক্ষীৰ তদন্ত নিৰপেক্ষ কৰা,দোষীক দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰা , পাষণ্ড হত্যাকাৰী পৱন বৰুৱালৈ কোনো অধিবক্তাই আইনী সাহায্য আগনবঢ়োৱা , ভয়াৱহ হাৰত বৃদ্ধি পোৱা ভাং,ড্ৰাগছ চুলাইৰ প্ৰচলন বন্ধ কৰা আদি বিভিন্ন প্ৰস্তাৱ গ্ৰহণ কৰে। লগতে উক্ত প্ৰস্তাৱসমূহ ৰাজ্যপাল,মুখ্যমন্ত্ৰী,জিলা আয়ুক্ত,মহকুমাধিপতি , মহকুমা আৰক্ষী বিষয়া,ঢকুৱাখনা,সোনাৰী চাপৰি থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া আৰু উকীল সন্থালৈ প্ৰেৰণ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/6457e658-d775-4f67-89a9-c6311a194c9a/dd023b60-4725-496f-b8ba-0523536bfbcf.jpg)
প্ৰতিবাদী সভাই দোষীযে ন্যায় নোপোৱা পৰ্যন্ত এই ধাৰাবাহিক প্ৰতিবাদ সাব্যস্ত কৰি যোৱাৰ ঐক্যবদ্ধ সিদ্ধান্ত গ্ৰহণ কৰে।
Also Read: কাঁ চলচ্চিত্ৰ মহোৎসৱৰ ৰেড কাৰ্পেটত যাদু দেখুৱালে ঐশ্বৰ্য ৰায় বচ্চনে...