/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/6d2f28f3-5bf3-4e8d-a6f9-60cfbcce0453/ghilamara.jpg)
ডিজিটেল সংবাদ, ঢকুৱাখনা: ঢকুৱাখনা মহকুমাৰ ঘিলামৰা আৰক্ষী থানাৰ অন্তৰ্গত বৰদৈ নপাম গাঁৱত এক মৰ্মান্তিক ঘটনা সংঘটিত হৈছে । গাঁওখনৰ প্ৰণৱ তামুলীৰ পত্নী ডিম্পল তামুলী আৰু ২ বছৰ ৪ মহীয়া নাবালক পুত্ৰ মানস তামুলীয়ে মৰ্মান্তিক মৃত্যুক আঁকোৱালি লোৱাত সমগ্ৰ ঘিলামৰাত শোকৰ বন্যা বৈছে। ঘটনাৰ বিৱৰণি মতে মাতৃ-পুত্ৰই বুধবাৰে সন্ধিয়া ঘৰৰ সমীপৰ এটা বান ভৰ্তি ডুবিত মাছ ধৰিবলৈ গৈ আকস্মিকভাৱে পানীত ডুব গৈ অকাল মৃত্যুক আঁকোৱালি লয় ।
বুধবাৰে বিয়লিৰে পৰা মাতৃ-পুত্ৰ সন্ধানহীন হৈ থকাৰ পিছত বৃহস্পতি বাৰে পুৱা গৰু এৰাল দিবলৈ যোৱা স্থানীয় লোকে পানী ভৰ্তি ডুবিটোত কণমানি ল'ৰাটোৰ মৃতদেহ প্ৰত্যক্ষ কৰি পৰিয়ালক আৰু ঘিলামৰা আৰক্ষী থানাত অৱগত কৰে । স্থানীয় ৰাইজৰ আশংকা অনুসৰি দুবছৰীয়া পুত্ৰৰ লগতে মাতৃৰো সন্ধানত ঘিলামৰা আৰক্ষী থানাৰ সহযোগত এচ ডি আৰ এফ বাহিনীয়ে সুদীর্ঘ সময় ধৰি অভিযান চলাই ডিম্পল তামুলী(২৩)ৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয়।
ঘিলামৰা আৰক্ষীয়ে এই সন্দৰ্ভত এক গোচৰ ৰুজু কৰি দুই মৃতদেহৰ মৰণোত্তৰ পৰীক্ষাৰ বাবে লখিমপুৰ জিলা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণৰ ব্যৱস্থা কৰিছে । চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশত কৰ্মসূত্ৰে থকা দুৰ্ভগীয়া স্বামী প্ৰণৱ তামুলীয়ে জনোৱা মতে তেওঁ ঘৰলৈ অহা ৫ দিন মান হৈছিল আৰু এই দিন কেইটা স্বাভাৱিকভাৱেই আছিল পত্নী । কিন্তু বুধবাৰে সন্ধিয়া আকস্মিক ভাবে সন্ধানহীন হোৱা পত্নী আৰু পুত্ৰক বিচাৰি সন্ধিয়াৰ পৰা নিশা পৰ্যন্ত বিভিন্ন সন্দেহজনক স্থানত সন্ধান চলাই ব্যৰ্থ হৈ ঘিলামৰা আৰক্ষীক অৱগত কৰে। পৰৱৰ্ত্তী সময়ত মৃতদেহ দুটা উদ্ধাৰ হয়।
Also Read: তেনে মন্ত্ৰী হৈনো কিয় আছে আপুনি ?