চিলাপথাৰৰ দীপাৰ হোটেলৰ কৰ্মচাৰীৰ ৰহস্যজনক মৃতদেহ উদ্ধাৰঃ হত্যাৰ অভিযোগ

চিলাপথাৰৰ দীপাৰ হোটেলৰ কৰ্মচাৰীৰ ৰহস্যজনক মৃতদেহ উদ্ধাৰঃ হত্যাৰ অভিযোগ
চিলাপথাৰৰ দীপাৰ হোটেলৰ কৰ্মচাৰীৰ ৰহস্যজনক মৃতদেহ উদ্ধাৰঃ হত্যাৰ অভিযোগ

ডিজিটেল সংবাদ চিলাপথাৰঃ নতুন বছৰৰ আগমনকলৈ সৰ্বত্ৰ আনন্দমুখৰ পৰিবেশ বিৰাজ কৰি থকাৰ সময়তে চিলাপথাৰ দীপাৰ এখন হোটেলৰ এজন কৰ্মচাৰীৰ মৃতদেহ উদ্ধাৰৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। উদ্ধাৰ হোৱা মৃতুদেহটো হ'ল চিলাপথাৰ লক্ষীপুৰ নিবাসী প্ৰয়াত খগেন টায়েৰ পুত্ৰ দীনেশ টায়েৰ(২৩)।

দীপাৰ BERRY নামৰ হোটেলখনৰ কৰ্মচাৰী আছিল যুৱকজন। আজি পুৱা হোটেলৰ সন্মুখৰ এজোপা গছত ডিঙিত চীপ লোৱা অৱস্থাত উদ্ধাৰ হ'ল যুৱকজনৰ মৃতদেহ। অতি দৰিদ্ৰ পৰিয়ালৰ স্নাতক ডিগ্ৰীধাৰী যুৱকজনে পেটৰ তাড়নাত হোটেলখনত কৰ্মৰত হৈ আছিল।

যুৱক জনৰ ৰহস্য জনক মৃত্যুক সহজভাৱে ল'ব পৰা নাই পৰিয়ালৰ লোকে। অতি নিৰ্জু আৰু অমায়িক যুৱক জনক পৰিকল্পিতভাৱে হত্যা কৰি আত্মহত্যাৰ ৰূপ দিবলৈ গছত ওলোমাই ৰখা বুলি অভিযোগ তুলিছে আত্মিয়ই।

তদুপৰি হোটেলৰ কাষতে থকা পুখুৰীৰ পাৰত উদ্ধাৰ হৈছে দীনেশৰ মোবাইলে ফোন। পুখুৰীৰ পাৰত বগৰা বাগৰিৰ কৰা আৰু ভৰিৰ খোজৰো স্পষ্ট চিহ্ন থকাৰ দাবী কৰিছে। ইফালে নিশা হোটেলৰ কৰ্মচাৰী সকলোৰ সৈতে পাৰ্টিত ফুৰ্তি, তামাচা কৰা দেখা গৈছে চি চি টিভিৰ ফুটেজত।

সেয়েহে তেওঁক অতি নিৰ্মমভাৱে হত্যা কৰি পথৰ কাষত ওলোমাই ৰখা বুলি সন্দেহ কৰি পৰিয়ালৰ লোক তথা স্থানীয় ৰাইজে সঠিক তদন্তৰ দাবী জনাইছে। আৰক্ষীৰ তদন্ততহে এয়া আত্মহত্যা নে হত্যাকাণ্ড সেয়া স্পষ্ট হ'ব। যদিহে হত্যাকাণ্ড তেন্তে এই হত্যা কাণ্ডৰে জড়িতক শাস্তি বিহিবলৈ দাবী জনাইছে স্থানীয় ৰাইজে।

চিলাপথাৰৰ দীপাৰ হোটেলৰ কৰ্মচাৰীৰ ৰহস্যজনক মৃতদেহ উদ্ধাৰঃ হত্যাৰ অভিযোগ
গহপুৰত ই-ৰিক্সা চালকৰ প্ৰতিবাদ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in