গহপুৰত ই-ৰিক্সা চালকৰ প্ৰতিবাদ...

গহপুৰত ই-ৰিক্সা চালকৰ প্ৰতিবাদ...
গহপুৰত ই-ৰিক্সা চালকৰ প্ৰতিবাদ...

ডিজিটেল সংবাদ গহপুৰঃ গহপুৰ হাইস্কুল খেলপথাৰত গহপুৰ ই-ৰিক্সা সন্থাৰ প্ৰতিবাদ। ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেৰে প্ৰশাসনে ই-ৰিক্সাসমূহ চলোৱা বন্ধ কৰি দিয়াত যথেষ্ট সমস্যাত পৰিছে চালকসকল।

আজি প্ৰায় তিনি শতাধিক ই-ৰিক্সা একত্ৰিত হৈ প্ৰতিবাদত বহে। বহুকষ্টৰে ই-ৰিক্সা ক্ৰয় কৰি জীৱিকাৰ পথ উলিওৱা লোকসকল এতিয়া যথেষ্ট বিপদত পৰিছে।

আজি গহপুৰ হাইস্কুল খেলপথাৰত অনুষ্ঠিত হোৱা প্ৰতিবাদস্থলীত বিধায়ক উৎপল বৰা উপস্থিত হৈ প্ৰতিবাদকাৰীসকলৰ সৈতে মত বিনিময় কৰি সমস্যাসমূহৰ বুজ লয়।

গহপুৰত ই-ৰিক্সা চালকৰ প্ৰতিবাদ...
নতুন পৰিবহন আইনৰ বিৰুদ্ধে বিশ্বনাথ জিলা ট্ৰাক চালক সন্থাৰ প্ৰতিবাদ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in