/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/929001e6-5f92-438b-a4ee-49e36b71c331/DHEMAJI_22.jpg)
জৱাহৰ নবোদয় বিদ্যালয়ত 'কুইজিন-দ্য ব্ৰেইন বুফে"
ডিজিটেল সংবাদ ঢকুৱাখনা:নব প্ৰজম্মৰ শিক্ষাৰ্থীসকলৰ মাজত পাঠ্যপুঠিগত শিক্ষাৰ লগতে সহশিক্ষাৰ জ্ঞানেৰে উদ্ভাসিত কৰাৰ লক্ষ্যৰে এক অনুকৰণীয় কাৰ্যসূচী গ্ৰহণ কৰিলে জৱাহৰ নৱোদয় বিদ্যালয় ধেমাজিয়ে। তাৰেই লক্ষ্যৰে সোমবাৰে বিদ্যালয় প্ৰাঙ্গনত 'কুইজিন-দ্য ব্ৰেইন বুফে' শীর্ষক এক আন্তঃবিদ্যালয় কুইজ প্ৰতিযোগিতাৰ অনুষ্ঠিত কৰা হয় ।
ধেমাজি জিলাৰ ৭ খন অগ্ৰণী বিদ্যালয়ৰ বিদ্যাৰ্থীসকলৰ উৎসাহপূৰ্ণ অংশগ্ৰহণেৰে অনুষ্ঠিত এই কুইজ প্ৰতিযোগিতাখনৰ বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে নবোদয় বিদ্যালয়ৰ অধ্যক্ষা অঞ্জনাই। ধেমাজি জিলাত সৰ্বভাৰতীয় পৰ্যায়ৰ উৎকৃষ্ট মানৱ সম্পদ গঢ়াত নিৰবিছিন্নভাবে সফলতা অৰ্জন কৰি অহা জৱাহৰ নৱোদয় বিদ্যালয়ে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বৌদ্ধিক আৰু মনস্তাত্বিক উৎকৰ্ষ সাধনৰ উদ্দেশ্যৰে আয়োজন কৰা এই প্ৰতিযোগিতাখনত ধেমাজি জিলাৰ আগশাৰীৰ শিক্ষানুষ্ঠান ক্ৰমে এছ.এফ.এছ, বিবেকানন্দ কেন্দ্ৰীয় বিদ্যালয়, গেৰুকামুখ (এন.এচ.পি.চি) কেন্দ্ৰীয় বিদ্যালয়, মাৰ্ডাৰচ প্ৰাইড, শংকৰদেৱ বিদ্যা নিকেতন, কিৰণ একাডেমীকে ধৰি আয়োজক বিদ্যালয় জৱাহৰ নৱোদয় বিদ্যালয় ধেমাজিৰ প্ৰতিযোগী দলেও অংশগ্ৰহণ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/d74c9c77-10b2-446b-8877-b2950b4daee9/dd201671_5bcc_41fb_aa9f_59550c9167f5.jpg)
প্ৰতিযোগিতাত অংশগ্ৰহণকাৰী প্ৰতিখন বিদ্যালয়ৰ অষ্টম, নৱম আৰু দশম শ্ৰেণীত অধ্যয়নৰত মুঠ তিনিগৰাকীকৈ ছাত্ৰ-ছাত্ৰীয়ে এই কুইজ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে। চাৰিটা ৰাউণ্ডত সমাপ্ত হোৱা এই কুইজ প্ৰতিযোগিতাখন পৰিচালনা কৰে অভিজ্ঞ কুইজ মাষ্টাৰ শুভদীপ দত্ত চৌধুৰীয়ে।
প্ৰতিযোগিতাৰ অন্তত জৱাহৰ নৱোদয় বিদ্যালয় ধেমাজিৰ দলে প্ৰথম স্থান লাভ কৰাৰ বিপৰীতে বিবেকানন্দ কেন্দ্ৰীয় বিদ্যালয় ধেমাজিৰ দলে ৰানাৰ্ছআপ খিতাপ অর্জন কৰে। প্ৰতিযোগিতাৰ আয়োজক বিদ্যালয়ৰ জ্যেষ্ঠ শিক্ষাগুৰু ৰিতু মহন্তই প্ৰতিযোগিতাৰ সকলো অংশগ্ৰহণকাৰীৰে বুদ্ধিদীপ্ততা আৰু অধ্যয়নশীলতাৰ শলাগ লয় আৰু সমুজ্জ্বল শৈক্ষিক ভৱিষ্যত কামনা কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/b00a55e9-f184-42ff-b630-6a87f991698c/ffebae87_e267_45b2_b312_35ad375429a2.jpg)
জিলাখনৰ জ্ঞান পিপাসু ভৱিষ্যত প্ৰজন্মধৰসকলৰ জ্ঞানগৰ্ভ প্ৰদৰ্শনেৰে উজ্জীৱিত হোৱা এই প্ৰতিযোগিতাৰ সৰ্বশ্রেষ্ঠ আৰু শ্ৰেষ্ঠ বিবেচিত প্ৰতিযোগী দল দুটাৰ উপৰিও সকলো প্ৰতিযোগীকে বিদ্যালয় কৰ্তৃপক্ষই মানপত্ৰ প্ৰদান কৰে। প্ৰতিযোগিতাৰ আয়োজক জৱাহৰ নবোদয় বিদ্যালয় ধেমাজিৰ অধ্যক্ষা অঞ্জনাই অনুষ্ঠানটো সাফল্য মণ্ডিত কৰি তোলাৰ বাবে অংশগ্ৰহণকাৰী বিদ্যালয়সমূহৰ লগতে প্ৰতিযোগীসকললৈ কৃতজ্ঞতা জ্ঞাপন কৰে।
Also Read: হাওৰাঘাটত ৰঙালী বিহুৰ হীৰক জয়ন্তী বৰ্ষৰ সফল সামৰণি...