/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/9f0eab67-a074-43f2-9270-a5b4669e4e00/HAORAGHAT_22.jpg)
হাওৰাঘাটত ৰঙালী বিহুৰ হীৰক জয়ন্তী বৰ্ষৰ সফল সামৰণি...
ডিজিটেল সংবাদ হাওৰাঘাটঃ কাৰ্বি আংলং জিলাৰ হাওৰাঘাট শংকৰদেৱ মন্দিৰ প্ৰাংগণৰ বিহু বাকৰিত শনিবাৰৰ পৰা দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা ৰঙালী বিহু উৎসৱৰ হীৰক জয়ন্তী বৰ্ষ কাৰ্যসূচীৰ দেওবাৰে সফল সামৰণি পৰে। ৬০ টা বৰ্ষ গৰকী যোৱা হাওৰাঘাটৰ সাৰ্বজনীন ৰঙালী বিহুৰ সামৰণিৰ দিনা পুৱাৰ কাৰ্যসূচী অনুসৰি ভেশচন, কুইজ আৰু জিলা ভিত্তিত জেং বিহু প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়।
ইয়াৰ পিছতে সন্ধিয়া অনুষ্ঠানৰ লগত সংগতি ৰাখি 'জেতুকা' শীৰ্ষক স্মৃতিগ্ৰন্থখন উন্মোচন কৰা হয়। দ্বাদশ সংখ্যক এই স্মৃতিগ্ৰন্থখনৰ মুখ্য সম্পাদক অজিত বসুমতাৰী আৰু সম্পাদক ৰূমী বৰদলৈ। 'জেতুকা' উন্মোচন কৰে কাৰ্বি আংলং জিলাৰ বিশিষ্ট কবি, সাহিত্যিক ভৱ প্ৰসাদ দেউৰীয়ে ।
ইয়াৰ পিছতে অনন্ত কুমাৰ নাথে আতঁধৰা অনুষ্ঠানত বিশিষ্ট সমাজকৰ্মী, সংগঠক প্ৰয়াত লক্ষেশ্বৰ নাথৰ সোঁৱৰণত আৰু ন্যাস সমিতিৰ উদ্যোগত 'কৰ্মশ্ৰী' বঁটা প্ৰদান কৰা হয় ৰজাপথাৰৰ বিশিষ্ট সাহিত্যিক ৰাষ্ট্ৰপতি বঁটা প্ৰাপক সূতৰাম দাসক। অনুষ্ঠানত হাওৰাঘাট সমষ্টিৰ বিধায়ক দৰছিং ৰংহাং উপস্থিত থাকে। নিশা সংগীত শিল্পী তন্ময় শইকীয়াই সংগীত পৰিবেশন কৰে।
Also Read: ৰঙিয়া মহকুমা চিভিল হাস্পতাললৈ অক্সিজেন চিলিণ্ডাৰ প্ৰদান...