/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/dc6f14e4-74dd-4c24-a90e-8742d39f5742/116.jpg)
ডিজিটেল সংবাদ,ঢকুৱাখনা : সোণালী সূতাৰ প্ৰাণ প্ৰাচুৰ্যৰ ভূমি ঢকুৱাখনা। প্রাচীন কালৰে পৰাই ঢকুৱাখনাৰ মুগা শিল্পই অসমৰ আৰ্থ সামাজিক ক্ষেত্ৰখনলৈ আগবঢ়াই আহিছে অপৰিসীম অৱদান। অসমীয়া লোক সংস্কৃতিৰ ঘাইখুঁটা স্বৰূপ এই সোণালী সূতা উৎপাদনৰ মূল আধাৰ ক্ষেত্ৰ ঢকুৱাখনা।
এই সোণালী সূতাৰ দেশ ঢকুৱাখনাৰ শ-শ ৰেচম পৰিয়ালে অতীজৰে পৰা মুগা পালনত জড়িত হৈ স্বাৱলম্বী হোৱাই নহয় ৰাজ্যৰ গ্ৰাম্য অৰ্থনীতিৰ ভেটিও মজবুত কৰি আহিছে। সোৱণশিৰী,লাইপুলিয়া,কঢ়া,চাৰিকড়ীযাৰ অৱবাহিকাৰ প্ৰায় ৪৫ হাজাৰ ৰেচম পৰিয়াল জড়িত হৈ আছে মুগা পালনত।
কিন্তু,অতি সম্প্রতি প্ৰদূষিত পাৰিপাৰ্শ্বিক কাৰণৰ বাবেই সোণালী মুগাৰ ভূমি ঢকুৱাখনাত বৰমুগাৰ উৎপাদন উদ্বেগজনক ভাবে হ্রাস পাই আহিছে। চৰকাৰী ৰেচম শিল্পৰ সংৰক্ষণ আৰু সংবৰ্ধন আঁচনিয়ে স্পৰ্শ কৰিব নোৱাৰা ঢকুৱাখনাৰ গঞা ৰেচম পালকসকলৰ নিজস্ব নিৰবিচ্ছিন্ন প্ৰয়াসৰ বাবে এনেবোৰ প্ৰতিবন্ধকতায়ো হাৰ মনা দৃষ্টিগোচৰ হৈছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/fe746853-6e19-4a69-a94e-0894d7ae318d/a7b32017_3bce_4295_8a13_1424e32b3929.jpg)
এই ক্ষেত্ৰত ঢকুৱাখনাৰ কাঠৰবাৰী গাঁৱৰ শৈলেন দুৱৰা আৰু নোমল বৰুৱাৰ নিৰলস প্ৰচেষ্টাকে উনুকীয়াব পাৰি। গাঁৱখনৰ দুই ৰেচম পৰিয়ালে একত্ৰিত হৈ নিজস্ব প্ৰচেষ্টাত বাৰীতে গঢ় দিছে এখন বৃহৎ মুগা চুমনী । ঢকুৱাখনাৰ এই নিঃস্ব ৰেচম পৰিয়াল দুটাই ৰেচম বিভাগৰ কোনো ধৰণৰ আঁচনি মুখ নেদেখাকৈ বছৰৰ পাছত বছৰ ধৰি পৰম্পৰাগতভাৱে নিয়োজিত হৈ আহিছে ৰেচম পালনত। নিজস্ব প্ৰচেষ্টাৰ জোৰতেই মুগা পালনৰ জৰিয়তে ঈর্ষণীয় সফলতা লাভ কৰিবলৈকো সক্ষম হৈছে।
ৰাজ্যৰ ভিতৰতে ঢকুৱাখনাৰ মুগা সূতা,আৰু মুগা কাপোৰৰ এক সুকীয়া চাহিদা আছে। যাৰ বাবেই ঢকুৱাখনা মহকুমাৰ বিভিন্ন গ্ৰামাঞ্চলত হাজাৰ বিজাৰ ৰেচম পৰিয়ালে সন্ধালনীভাৱে বছৰি জেঠুৱা ,এহেৰুৱা ,কটীয়া আদি মুগা পালন কৰি স্বাৱলম্বনৰ সেন্দুৰীয়া পথেৰে আগুৱাবলৈ সক্ষম হৈছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/b7e59a18-399d-4219-ad9f-5bafb1ace13b/33771876_296e_47f3_97d8_89193b6f8922.jpg)
খেতিপথাৰত বিষাক্ত কীটনাশক সাৰৰ প্ৰয়োগ,চাহ খেতিৰ ভয়াৱহ আগ্ৰাসন আদি বিভিন্ন কাৰকৰ বাবে ভয়াৱহ প্ৰত্যাহ্বানৰ সম্মুখীন হোৱা অসম গৌৰৱ এই মুগা শিল্পটো ঢকুৱাখনাত জীয়াই ৰাখিবলৈ চৰকাৰী আঁচনিৰ ঘোষণাতেই সীমাবদ্ধ ৰাজ্যৰ ৰেচম বিভাগ। বিভাগীয়ভাৱে গ্ৰহণ কৰা ৰেচম শিল্পৰ উজ্জীৱিতকৰণ আঁচনিৰ দ্বাৰা একাংশ মুষ্টিমেয় ব্যক্তি উপকৃত কৰাৰ বিপৰীতে সাৰ্বজনীন কৰি প্ৰকৃত মুগা পালকৰ ওচৰ পোৱাৰ ব্যৱস্থা নকৰিলে অসমীয়া লোক সংস্কৃতিৰ এই স্বকীয় গৌৰৱ ইতিহাসত পৰিণত হ'বলৈ বেছি পৰ নালাগিব ।
Also Read: দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ পৰ্বৰ বাবে সাজু ৰঙিয়া...