দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ পৰ্বৰ বাবে সাজু ৰঙিয়া...

দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ পৰ্বৰ বাবে সাজু ৰঙিয়া...

ভোটগ্ৰহণ কেন্দ্ৰসমূহলৈ ৰাওনা প্ৰিজাইডিং বিষয়া-কৰ্মী

ডিজিটেল সংবাদ,ৰঙিয়া : শুকুৰবাৰে ৰাজ্যত অনুষ্ঠিত হ'ব দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ পৰ্ব । ৪ নং দৰং-ওদালগুৰি সমষ্টিৰ অন্তৰ্গত ৰঙিয়া আৰু কমলপুৰ বিধানসভা সমষ্টিত অনুষ্ঠিত হ'বলগীয়া ভোটগ্ৰহণ পৰ্বৰ বাবে ইতিমধ্যে প্ৰিজাইডিং বিষয়া তথা ভোটগ্ৰহণ কৰ্মীসকল‌ সাজু হৈ পৰিছে ।

বৃহস্পতিবাৰে পুৱাতে ৰঙিয়া মহকুমাধিপতি কাৰ্যালয়ত উপস্থিত হোৱা প্ৰিজাইডিং বিষয়া আৰু ভোটগ্ৰহণ কৰ্মীসকলে ইভিএমসহ অন্যান্য সামগ্ৰীলৈ নিজৰ নিজৰ গন্তব্যস্থললৈ ৰাওনা হয় । উল্লেখ্য যে ৰঙিয়া নিৰ্বাচনী জিলাৰ অন্তৰ্গত দুই সমষ্টি ক্রমে ৩১নং ৰঙিয়া বিধান সভা সমষ্টি আৰু ৩২নং কমলপুৰ বিধান সভাৰ সমষ্টিৰ পৰা মুঠ ৩,৯২,২৯১ জন ভোটাৰে নিজ ভোটাধিকাৰ সাব্যস্ত কৰিব।

মুঠ ভোটাৰৰ ভিতৰত ১,৯৮,৪২০ জন পুৰুষ আৰু ১,৯৩,৮৬৮ গৰাকী মহিলা। মুঠ ৪৭৬টা ভোট কেন্দ্রৰ স্থাপন কৰা হৈছে, যাৰ ২৫২টা ভোট কেন্দ্র ৩১নং ৰঙিয়া বিধানসভা সমষ্টিৰ অন্তর্গত আৰু ২২৪টা ভোট কেন্দ্র ৩২নং কমলপুৰ বিধানসভাৰ সমষ্টি অন্তর্গত হোৱাৰ লগতে ২৬২টা কেন্দ্রত কৰা হ'ব ৱেবকাষ্টিং।

তাৰে ৭টা ভোটকেন্দ্রক জটিল ভোটকেন্দ্র হিচাপে চিনাক্ত কৰা হৈছে। যাৰ ৫টা বিধান সমষ্টিৰ আৰু ২টাকমলপুৰ বিধানসভা সমষ্টিৰ অন্তর্গত । ইফালে জটিল ভোটগ্রহণ কেন্দ্রসমূহত আইন -শৃংখলা বজাই ৰাখিবলৈ ক্ষুদ্র পৰ্যবেক্ষকৰ সৈতে কেন্দ্রীয় সশস্ত্র আৰক্ষী বাহিনীকো মোতায়েন কৰা হৈছে ।

ইয়াৰ উপৰিও সকলো জটিল ভোটগ্ৰহণ কেন্দ্রতে ৱেবকাষ্টিং ব্যৱস্থা কৰা হৈছে বুলি জিলা নিৰ্বাচনী বিষয়া দেৱাশীষ গোস্বামীয়ে জানিবলৈ দিয়ে । আনহাতে সকলো মহিলা ভোটগ্রহণ কৰ্মীৰ দ্বাৰা পৰিচালিত ৪০টা ভোটকেন্দ্রৰ লগতে ৩১নং ৰঙিয়া বিধানসভা সমষ্টি আৰু ৩২নং কমলপুৰ বিধানসভা সমষ্টিত ২টাকৈ মুঠ চাৰিটা (৪) মডেল ভোটকেন্দ্র সাজু কৰা হৈছে।

ৰঙিয়া বিধানসভা সমষ্টিৰ অন্তর্গত ২৬নং ভোটকেন্দ্র গুৰুকুছি জে বি স্কুল (সোঁফালৰ শাখা) আৰু কমলপুৰ বিধানসভা সমষ্টিৰ অন্তর্গত ৪০নং ভোট কেন্দ্র নগাঁও এল পি স্কুল (বাওঁফালৰ শাখা)ত যুৱক- যুৱতীৰ দ্বাৰা পৰিচালিত হ'বলগা দুটা (২) যুৱ ভোট কেন্দ্রৰো স্থাপন কৰা হৈছে। তাৰোপৰি ২৭নং ভোট কেন্দ্র গুৰুকুছি জে বি স্কুল ( বাওঁফাল শাখা)ত বিশেষভাৱে সক্ষম লোকৰদ্বাৰা পৰিচালিত এটা বিশেষভাৱে সক্ষম লোকৰ ভোট কেন্দ্রৰো স্থাপন কৰা হৈছে।

নিৰ্বাচনী প্ৰক্রিয়াৰ সফল পৰিচালনাৰ বাবে ১৯০৪ গৰাকী প্রিজাইডিং বিষয়া ( সংৰক্ষিত শ্ৰেণীৰ বাহিৰে)আৰু ১৬০ গৰাকী মহিলা ভোটগ্রহণ কৰ্মীক নিয়োজিত কৰা হৈছে। লগতে , আইন -শৃংখলা নিশ্চিত কৰাৰ বাবে ৩০টা আঞ্চলিক বাহিনী আৰু ২১০টা খণ্ড বাহিনীকো নিয়োগ কৰা হৈছে। ইয়াৰ উপৰিও ৬জন আঞ্চলিক বিষয়া আৰু ৪২ জন খণ্ড বিষয়াকো নিয়োগ কৰা হয় ।

দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ পৰ্বৰ বাবে সাজু ৰঙিয়া...
গহপুৰৰ শৈক্ষিক জগতত নৱতম সংযোজন "সিদ্ধি বিনায়ক গুৰুকুল"...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in