ঢকুৱাখনাত ৰাজ্যিক ঘাইপথ মেৰামতিৰ নামত লুণ্ঠনৰ পাংঃ নিৰ্বিকাৰ প্ৰশাসন, বিধায়ক...

ঢকুৱাখনাত ৰাজ্যিক ঘাইপথৰ নামত লুণ্ঠনৰ পাংঃ নিৰ্বিকাৰ প্ৰশাসন, বিধায়ক...
ঢকুৱাখনাত ৰাজ্যিক ঘাইপথৰ নামত লুণ্ঠনৰ পাংঃ নিৰ্বিকাৰ প্ৰশাসন, বিধায়ক...

ডিজিটেল সংবাদ ঢকুৱাখনা: এটা ৰাজ্যিক ঘাইপথ। দৰাচলতে  ঘাইপথ নকৈ ৰজাঘৰীয়া মৰণ পথ বুলিলেহে উচিত নামাংকন কৰা হ'ব । ধেমাজি জিলাৰ গোগামুখৰ পৰা লখিমপুৰ জিলাৰ ঘিলামৰা সংযোগকাৰী প্ৰায় ১৮ কিলোমিটাৰ দূৰত্বৰ এই পথ ২২ নং ৰাজ্যিক ঘাই পথ হিচাবে স্বীকৃত।

ধেমাজি লোকনিৰ্মাণ আৰু ঢকুৱাখনা ক্ষেত্ৰীয় লোকনিৰ্মাণ পথ সংমণ্ডলৰ অন্তৰ্গত এই ৰাজ্যিক ঘাই পথ অংশ বিগত প্ৰায় এটা বছৰে ভাগি ছিগি উৱঁলি গৈ পতিত হৈছিল মৰণ ফাণ্ডলৈ। ঘিলামৰাৰ পৰা গোগামুখ পৰ্যন্ত এই পথৰ বিস্তীৰ্ণ অংশত সৃষ্টি হোৱা বৃহৎ বৃহৎ দ গাঁত আৰু ভাগি খণ্ড বিখণ্ড হোৱাৰ পৰিণতিত যাতায়ত ব্যৱস্থা বিপদ সংকুল হৈ পৰিছিল ।

পথ চোৱাৰ ঘিলামৰা ৰাইদঙীয়া অংশৰ পৰা গোগামুখ পৰ্যন্ত সৰ্বত্ৰতে দেখা দিয়া এনে বিধ্বস্ত অৱস্থাই পথচাৰী ,যাত্ৰী সকলোকে জীয়া যন্ত্ৰণা ভোগাই আহিছে সুদীৰ্ঘ দিন ধৰি। ক্ৰমাৎ জৰাজীৰ্ণ ৰূপ লৈ জনজীৱন বিপদাপন্ন কৰি তোলা এই পথটোৰ ধেমাজি আৰু ঢকুৱাখনা লোকনিৰ্মাণ বিভাগৰ অংশ মেৰামতিৰ বাবে প্ৰায় ১কোটি ৭০ লাখ টকা আবন্তিত হৈছে ।

লোকনিৰ্মাণ (পথ) বিভাগৰ "মুখ্যমন্ত্ৰী পথ নবীকৰণ আঁচনি"ৰ শিতানত ঢকুৱাখনা লোকনিৰ্মাণ (পথ)বিভাগৰ অন্তৰ্গত অংশ মেৰামতিৰ বাবে মুঠ ৬০ লাখ আৰু ধেমাজি লোকনিৰ্মাণ (পথ) বিভাগৰ অন্তৰ্গত পথ অংশ মেৰামতিৰ বাবে প্ৰায় ১ কোটি ১০ লাখ অনুমোদন কৰা হৈছে ।

বিভাগীয় বিধি অনুসৰি ৰাজ্যিক ঘাই পথৰ ঢকুৱাখনা অংশ মেৰামতিৰ ঠিকা গোগামুখৰ ৰুদ্ৰ পেগুৱে আৰু ধেমাজি অংশৰ ঠিকা লাভ কৰিছে বিতোপন কোচ নামৰ দুজন বিভাগীয় ঠিকাদাৰে। পথ মেৰামতিৰ আঁচনি মাত্ৰেই খিৰতী গাই গণ্য কৰা এই দুই ঠিকাদাৰৰ দুৰ্নীতিগ্ৰস্ত মানসিকতাৰ বাবে এতিয়া এহাতে আঁচনিখনৰ বৃহৎ পুঁজি অপচয় হোৱাৰ সমান্তৰালভাৱে পথ চোৱাৰ স্থায়িত্বলৈ প্ৰচণ্ড ভাবুকি নামি আহিছে।

সংগৃহীত তথ্য মতে ঢকুৱাখনা পথ সংমণ্ডলৰ অধীনত ৰুদ্ৰ পেগুৱে ঢকুৱাখনা সমষ্টিৰ বিধায়ক নৱ দলেৰ হোৱাৰ সুবাদতে এই পথ মেৰামতিৰ ঠিকা লাভ কৰিছিল। বিধায়ক দলেৰ ভাত ঘৰৰ সদস্য এইগৰাকী ৰুদ্ৰ পেগুৰ ওপৰত বিধায়ক নৱ দলেৰ আশীৰ্বাদ থকাৰ বাবেই এই ঠিকা লাভ কৰিছে ।

কিন্তু নৱ দলেৰ ৰাজনৈতিক ক্ষমতাৰে লোকনিৰ্মাণ বিভাগত উৰ্ধবাহু নৃত্য কৰা এইজন ৰুদ্ৰ পেগুৱে পাং পাতিছে ক্ৰুটিপূৰ্ণ কাম কৰি সমূদায় পুঁজি উদৰস্থ কৰাৰ । তাৰেই ফন্দি পাতি সামান্য পৰিমাণৰ কাম অতি ক্ৰুটিপূৰ্ণ পদ্ধতিৰে শামুকীয়া গতিৰে কৰি এতিয়া লুণ্ঠনৰ ফন্দি পাতিছে ঠিকাদাৰ পেগুৱে ।

জৰাজীৰ্ণ পথৰ অং সমূহ যাতায়তৰ উপযোগী কৰি বিভাগীয় প্ৰাককলন অনুসৰি মেৰামতি ও নিৰ্মাণ কৰাৰ পৰিবৰ্তে অতি নিম্ন মানৰ সামগ্রীৰে অতি পাতলকৈ বিতুমিন লেপি চৰকাৰী পুঁজি উদৰস্থ কৰাৰ নির্লজ পাং পাতিছে বিধায়কৰ ঘনিষ্ঠ ঠিকাদাৰজনে । সামান্যতমো ডাঠকৈ মেৰামতি নকৰি ,অতি শামুকীয়া গতিৰে ঠিকাদাৰজনে চলাই যোৱা বিসংগতিপূৰ্ণ কামৰ বাবেই প্ৰতিক্ষণে জীয়া যন্ত্ৰণা ভুগি আহিবলগীয়া হৈছে নাগৰিক ,যাত্ৰী সমাজে।

বিধায়ক নৱ দলেৰ ব্যৱসায়িক মিত্ৰতা থকা বুলি জাহিৰ কৰি অহা এইজন অকৰ্মন্য ঠিকাদাৰৰ এনে অবিবেচকী আচৰণ আৰু বেপৰোৱা কাৰ্য দেখি শুনিও অন্ধ মুনিৰ ভাও দি আহিছে ঢকুৱাখনা লোকনিৰ্মাণ (পথ) সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা কনক চন্দ্ৰ বড়োৱে। কেৱল বিধায়ক নৱ দলেৰ আশীৰ্বাদপুষ্ট হোৱাৰ বাবেই নিষ্কর্মা ঠিকাদাৰ পেগুৰ বিৰুদ্ধে কোনো বিধিগত অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ সাহস গোটাব পৰা নাই অভিযন্তা বড়োৱে।

পৰিণতিত আবন্তিত পুঁজি অপচয় হোৱাৰ পথ প্ৰশস্ত হৈ পৰিছে। কেৱল অৰ্থলোভী, ঠিকাদাৰৰ স্বাৰ্থ আৰু লুণ্ঠনৰ ফন্দি সিদ্ধিৰ বাবে ৰাইজৰ দুখ যন্ত্ৰণালৈ পিঠি দিবলৈ কুণ্ঠাবোধ নকৰা দুৰ্বল কাৰ্যবাহী অভিযন্তা বড়োৰ এনে কাণ্ডজ্ঞানহীন স্থিতিৰ বিৰুদ্ধে ৰাইজ সংগঠনে টঙালি বান্ধিছে। 

তদ্রুপ অৱস্থা ধেমাজি লোকনিৰ্মাণ (পথ) বিভাগৰ অংশৰো। গোগামুখ সদৰৰ পৰা লেজুৱা অংশলৈ এই চোৱা পথৰো মেৰামতিৰ নামত চূড়ান্ত বহুৱালি কৰি আহিছে ঠিকাদাৰ গৰাকীয়ে। ধেমাজি লোকনিৰ্মাণ বিভাগৰ ভাৰপ্ৰাপ্ত কাৰ্যবাহী অভিযন্তা জোনাৰাম দলেক ঠিকাদাৰগৰাকীয়ে "মেনেজ" কৰি অতি ক্ৰুটিপূৰ্ণ আৰু লেহেমীয়া কামেৰে মুখ্যমন্ত্ৰী পথ নৱীকৰণ আঁচনিৰ প্ৰায় ১কোটি ১০লাখ টকা কুক্ষীগত কৰাত নামি পৰিছে। 

বিভাগীয় শাখা বিষয়া,কাৰ্যবাহী অভিযন্তা সকলোকে কাবু কৰি এই দুই ঠিকাদাৰে চলাই অহা দৌৰাত্ম্য দেখি জানিও নিচ্ছুপ লখিমপুৰ আৰু ধেমাজি জিলাৰ দুই উপায়ুক্ত আৰু উন্নয়ন আয়ুক্ত । নিজে শীতাতপ  নিয়ন্ত্ৰিত কোঠাত বহি ৰাইজৰ দুখ দুৰ্দশাৰ প্ৰতি উদাসীন এনেবোৰ জনপ্ৰতিনিধি, ঠিকাদাৰ, প্ৰশাসনীয় আমোলা আৰু বিভাগীয় বিষয়াৰ এনে অবিবেচকী স্থিতিৰ বিৰুদ্ধে ,চৰকাৰী আঁচনিৰ পুঁজিৰ সদব্যবহাৰৰ দাবীৰে অতিষ্ঠ ৰাইজ ৰাজপথলৈ ওলোৱাৰ কুচকাৱাজ চলোৱাৰো ইংগিত দিলে ৰাইজ সংগঠনে ।

ঢকুৱাখনাত ৰাজ্যিক ঘাইপথৰ নামত লুণ্ঠনৰ পাংঃ নিৰ্বিকাৰ প্ৰশাসন, বিধায়ক...
বিশ্বনাথত অৰুণোদয় হিতাধিকাৰীক পশুখাদ্যৰ দৰে খাদ্য যোগান...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in