বিশ্বনাথত অৰুণোদয় হিতাধিকাৰীক পশুখাদ্যৰ দৰে খাদ্য যোগান...

বিশ্বনাথত অৰুণোদয় হিতাধিকাৰীক  পশুখাদ্যৰ দৰে খাদ্য যোগান...
বিশ্বনাথত অৰুণোদয় হিতাধিকাৰীক পশুখাদ্যৰ দৰে খাদ্য যোগান...

ডিজিটেল সংবাদ বিহালীঃ দীৰ্ঘদিনৰে পৰা বিশ্বনাথ জিলা আয়ুক্তৰ কাৰ্যালয় হৈ পৰিছে একাংশ কমিচন খোৱা কৰ্মচাৰীৰ সোণৰ কণী পৰা হাঁহ৷ স'ততে বিশ্বনাথ জিলা প্ৰশাসনৰ উদ্যোগত অনুষ্ঠিতৱ্য বিভিন্ন চৰকাৰী সভা-সমিতিসমূহৰ খাদ্য যোগানৰ নামত কমিচনৰাজ চলাৰ অভিযোগ কোনো নতুন নহয় ৷

সমৰ্থিত সূত্ৰমতে বিশ্বনাথ জিলাত অনুষ্ঠিত চৰকাৰী সভা-সমিতিসমূহৰ খাদ্য যোগানৰ নামত কোনো প্ৰতিষ্ঠানক ঠিকা আৱন্টন দিয়া হয় যদিও দৰাচলতে জিলা আয়ুক্ত কাৰ্যালযৰ একাংশ কৰ্মচাৰীয়ে খাদ্য যোগান ধৰে৷ এনে গুৰুতৰ অভিযোগ উত্থাপন হৈ অহাৰ সময়তে আজি পুনৰ বিশ্বনাথ চাৰিআলিৰ আৱৰ্ত ভৱনৰ সমীপৰ খেল পথাৰত তেজপুৰ সংসদীয় সমষ্টিৰ সাংসদ পল্লৱলোচন দাসে শুভাৰম্ভ কৰা অৰুণোদয় ২.০ আঁচনিৰ হিচাধিকাৰীক কাৰ্ড বিতৰণ কৰা সভাত হিতাধিকাৰীক পশুৰ দৰে খাদ্য খাবলৈ পলিথিন বেগত যোগান ধৰাৰ এক ভিডিঅ' (VDO)-ই বিশ্বনাথৰ সামাজিক মাধ্যমত খলকনি সৃষ্টি কৰিছে৷

উল্লেখ যে, বিশ্বনাথ জিলা প্ৰশাসনৰ উদ্যোগত অনুষ্টিতৱ্য অৰুণোদয়-২়়.০ আঁচনিৰ হিতাধিকাৰীক কাৰ্ড বিতৰণ সভাত শাসকীয় চৰকাৰখনৰ প্ৰাক্তণ কেবিনেট মন্ত্ৰী তথা বিহালী বিধানসভা সমষ্টিৰ বিধায়ক ৰঞ্জিত দত্ত, গহপুৰ বিধানসভা সমষ্টিৰ বিধায়ক উৎপল বৰা, বিশ্বনাথ বিধানসভা সমষ্টিৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ, বিশ্বনাথ জিলাৰ আয়ুক্ত নেহা যাদৱকে আদি কৰি বৰমূৰীয়াসকল উপস্থিত আছিল।

সভাত তেজপুৰৰ সাংসদ পল্লৱলোচন দাস, প্ৰাক্তণ কেবিনেট মন্ত্ৰী তথা বিহালীৰ বিধায়ক ,বিশ্বনাথ জিলাৰ আয়ুক্ত নেহা যাদৱে ড০ হিমন্তবিশ্ব শৰ্মা চৰকাৰখনে ৰাজ্যৰ নাৰী সৱলীকৰণ আৰু আৰ্থিক উন্নতিৰ বাবে কাম কৰিছে বুলি শাসনাধিস্ত বিজেপি চৰকাৰখনৰ উন্নয়নৰ ডবা ভালেই পিটিলে৷ কিন্তু, বিজেপি চৰকাৰখনৰ গুণ-গান বখানি বিজেপি দলৰ প্ৰভূত্ব বিস্তাৰৰ কৰিবলৈ চৰকাৰী কাৰ্যসূচীৰ নামত দিনৰ দিনটো সভালৈ আনি অৱশেষত হিতাধিকাৰীসকলক ভোক নিবাৰণৰ নামত পশুক যোগান ধৰা খাদ্যৰ টোপোলাৰ দৰে পলিথিন বেগত এটোপোলা-এটোপোলাকৈ শুদা ভাত যোগান ধৰা বিষয়টোৱে জিলাখনতে তীব্ৰ চাঞ্চল্য সৃষ্টি কৰিছে৷

গুৰুত্বপূৰ্ণ যে, যিসময়ত ৰাজ্যৰ স্বাস্থ্য বিভাগে জনসাধাৰণৰ সুস্বাস্থ্য ৰক্ষাৰ্থে কোটি-কোটি টকা ব্যয় কৰি বৰ বৰ আখৰৰে বিজ্ঞাপন প্ৰকাশ কৰি আহিছে সেইসময়ত খোদ্ চৰকাৰী সভাত পলিথিন বেগত অস্বাস্থ্যকৰভাৱে খাদ্য যেগান ধৰা কাৰ্যই জিলাখনৰ সচেতন নাগৰিকৰ চকু কপালত তুলিছে৷

এফালে চৰকাৰে প্লাষ্টিক মুক্ত কৰাৰ নামত পুলিচ বাহিনীৰ দ্বাৰা সৰু-সুৰা ব্যৱসায়ীৰ দোকান-পোহাৰত অভিযান চলাই জৰিমনাবিহি আহিছে, আনফালে চৰকাৰীভাৱে আয়োজন কৰা সভা-সমিতিত পলিথিনৰ বেগত খাদ্য যোগান ধৰা দেখা গ'ল বিশ্বনাথ জিলাত৷ প্ৰশ্ন হয় কাৰ আশীৰ্বাদত দুখীয়া-দৰিদ্ৰ অৰুণোদয় আঁচনি লাভ কৰা হিতাধিকাৰীক কেৰিবেগ অৰ্থাৎ পলিথিল বেগত ভাত যোগান ধৰিলে খাদ্য যোগানকাৰী প্ৰতিষ্ঠানে ৷

আনহাতে বিশ্বনাথত অৰুণোদয়-২.০ আঁচনিৰ হিতাধিকাৰীৰ কাৰ্ড বিতৰণ সভাৰ খাদ্য যোগানৰ নামত কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ কৰিছে বিভিন্ন দল সংগঠনৰ নেতৃত্বই ৷ আনহাতে, এক সমৰ্থিত সূত্ৰৰমতে বিশ্বনাথ জিলাত অনুষ্ঠিত চৰকাৰী সভা-সমিতিৰ খাদ্য যোগান যদিও কোনো প্ৰতিষ্ঠানে লাভ কৰাৰ তথ্য দেখা যায় দৰাচলতে বিশ্বনাথ জিলা আয়ুক্ত কাৰ্যালয়ৰ নজৰত শাখাৰ কৰ্মচাৰী জনৈক বাৰ্জু আৰু জনৈক বসুমতাৰী নামৰ আন এগৰাকী কৰ্মচাৰীয়ে বক্ৰপথে ৰমৰমীয়া ব্যৱসায় চলাই বুলি তথ্য সদৰি কৰিছে৷

এতিয়া প্ৰশ্ন হ'ল- দূৰ্নীতি সংঘটিত হোৱাৰ তথ্য লাভ কৰিলে বাঘে জাপ মৰাৰ দৰে জাপ মাৰি ধৰা হ'ব বুলি মন্তব্য কৰা মুখ্যমন্ত্ৰী ড০ হিমন্তবিশ্ব শৰ্মাই বিশ্বনাথ জিলাৰ চৰকাৰী সভাত নাগৰিকক খাদ্যৰ নামত পশু খাদ্যৰ দৰে খাদ্য যোগান ধৰা খাদ্য যোগানকাৰীৰ বিৰুদ্ধে কিবা ব্যৱস্থা গ্ৰহণ কৰিবনে এইয়া সময়ত হে' স্পষ্ট হ'ব ৷

বিশ্বনাথত অৰুণোদয় হিতাধিকাৰীক  পশুখাদ্যৰ দৰে খাদ্য যোগান...
ৰঙাচকুৱা ব্যৱসায় কেন্দ্ৰত নতুন হিৰো ডিলাৰ মুকলি

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in