তলা ওলমিব ৰাজ্যৰ ৩৩ হাজাৰ ৫৫৭ সুলভ মূল্যৰ দোকানত...

তলা ওলমিব ৰাজ্যৰ ৩৩ হাজাৰ ৫৫৭ সুলভ মূল্যৰ দোকানত...
তলা ওলমিব ৰাজ্যৰ ৩৩ হাজাৰ ৫৫৭ সুলভ মূল্যৰ দোকানত...

ডিজিটেল সংবাদ ঢকুৱাখনা: সীমাহীন বাদ-বিবাদ, স্মাৰক পত্ৰ প্ৰদানৰ পাছতো গা নলৰা ৰজা ঘৰীয়াৰ বিৰুদ্ধে অৱশেষত গণতান্ত্ৰিক প্ৰতিবাদত নামিবলৈ সিদ্ধান্ত ল'বলৈ বাধ্য হ'ল সদৌ অসম সুলভ মূল্য ব্যৱসায় সন্থা। ৰাজ্যখনৰ লাখ লাখ দৰিদ্ৰ পৰিয়ালৰ ভোকৰ ভাত সাঁজৰ বাবে ঘৰতে চৰকাৰী আঁচনিৰ চাউল মুঠি যোগান ধৰি অহা ৰাজ্যখনৰ সমবায় এজেন্টসকলৰ প্ৰাপ্য আদায় নিদি কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে গ্ৰহণ কৰি অহা অবিবেচকী ভূমিকাৰ বাবে অৱশেষত ৰাজ্যজুৰি কঠোৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হৈছে সুলভ মূল্যৰ এজেন্টসকল ।

সদৌ অসম সুলভ মূল্যৰ ব্যৱসায়ী সন্থাৰ সভাপতি ধৰণীধৰ বৰাই বৃহস্পতিবাৰে জনোৱা মতে ৰাজ্যখনৰ মুঠ ৭১৭ খন পঞ্জীকৃত সমবায় সমিতিৰ মুঠ ৩৩ হাজাৰ ৫৫৭  সুলভ মূল্যৰ ব্যৱসায়ীয়ে যুগ যুগান্তৰ ধৰি ৰাজ্যখনৰ গ্ৰাম্য দৰিদ্ৰ পৰিয়ালসমূহৰ লগতে বিভিন্ন চৰকাৰী আঁচনিৰ শিতানৰ চাউল ঘৰতে যোগান ধৰি আহিছে।

কেৱল উপভোক্তা ৰাইজৰ সামূহিক সেৱা প্ৰদানৰ নামত এইসকল সমবায় এজেন্টে  অশেষ প্ৰত্যাহ্বানৰ সম্মুখীন হৈয়ো স্বচ্ছ আৰু নিকা পদ্ধতিৰে চৰকাৰী নীতি নিৰ্দেশনা পালন কৰি এই সেৱা আগবঢ়াই আহিছে । কিন্তু অতি পৰিতাপৰ বিষয় হ'ল এইসকল নিষ্ঠাবান সুলভ মূল্যৰ এজেন্টে সুদীৰ্ঘ দিন ধৰি আগবঢ়াই অহা ন্যস্ত দায়িত্বৰ বিপৰীতে চৰকাৰীভাবে আদায় দিবলগীয়া পুঁজি নিয়মীয়াকৈ যোগান নধৰি নির্লজ ভাৱে প্ৰতাৰণা আৰু প্ৰবঞ্চনা কৰি আহিছে শাসক পক্ষই ।

এই সন্দৰ্ভত বহুবাৰ মুখ্যমন্ত্ৰী, খাদ্য আৰু অসামৰিক যোগান মন্ত্ৰী , ৰাজ্যপাল, প্রধান মন্ত্ৰী সকলো দায়িত্বশীল পক্ষক ৰাজ্যিক সমিতিৰ তৰফৰ পৰা লিখিত আবেদন যোগে দাবী পত্ৰ প্ৰদান কৰি আহিছিল । কিন্তু বছৰ বছৰ ধৰি এনেবোৰ গুৰুত্বপূৰ্ণ আৰু জৰুৰী বিবেচিত বিষয়ৰ প্ৰতি কোনো গুৰুত্ব আৰোপ নকৰিলে এনেবোৰ শাসক গোষ্ঠীয়ে ।

পৰিণতিত ৰাজ্যখনৰ এইসকল খাটি খোৱা মেহনতি এজেন্ট আৰ্থিক নিৰাপত্তাহীনতাত ভোগাই নহয় সীমাহীন অভাৱ সমস্যাত জৰ্জৰিত হৈছে। সদৌ অসম সুলভ মূল্যৰ ব্যৱসায়ী সন্থাই ৰাজ্যখনৰ সুলভ মূল্যৰ এজেন্টসকলৰ প্ৰতি কৰি অহা অবৰ্ণনীয় বঞ্চনাৰ প্ৰতিবাদত যোৱা ১ নৱেম্বৰৰ পৰা প্ৰথম পৰ্যায়ৰ প্ৰতিবাদী কাৰ্যসূচী পালিত হ'ল।

সদৌ ভাৰত সুলভ মূল্য ব্যৱসায় ফেডাৰেচনৰ সৰ্ব সন্মত সিদ্ধান্ত অনুসৰি "কৰিম অথবা মৰিম" শীর্ষক সংকল্পৰে ক'লা বেজ পৰিধান কৰি ৰাজ্যখনৰ সমবায় এজেন্টসকলে ডিচেম্বৰ মাহৰ চৰকাৰী আঁচনিৰ চাউল উপভোক্তা ৰাইজৰ মাজত বিতৰণ কৰাৰ পৰৱৰ্তী সময়ৰ প্ৰতিবাদী কাৰ্যসূচীৰ অংশ হিচাপে ২০২৪ বর্ষৰ ১ জানুৱাৰীৰ পৰা অনির্দিষ্ট কাললৈ "ৰেচন বন্ধ" কাৰ্যসূচী পালন কৰিব ।

অৰ্থাৎ আগন্তুক জানুৱাৰী মাহৰ পৰা ৰাজ্যখনৰ সমবায় এজেন্টসকলে কোনো ধৰণৰ চৰকাৰী আঁচনিৰ চাউল বিতৰণ নকৰে এজনো হিতাধিকাৰীক। ইয়াৰ পাছতে অহা ১৬ জানুৱাৰীত দিল্লীৰ ৰামলীলা ময়দানত সমগ্ৰ দেশৰ সকলো সুলভ মূল্যৰ এজেন্ট একত্ৰিত হৈ ফেডাৰেচনৰ উদ্যোগত কেন্দ্ৰীয় চৰকাৰৰ হঠকাৰী পদক্ষেপৰ বিৰুদ্ধে ঐক্যবদ্ধ প্ৰতিবাদ সাব্যস্ত কৰিব ।

ৰাজ্যিক সমিতিৰ সভাপতি বৰাই নাৰ্য প্ৰাপ্য প্ৰাপ্তিৰ দাবীত আহ্বায়িত প্ৰতিবাদী কাৰ্যসূচীত ৰাজ্যখনৰ হিতাধিকাৰী আৰু ন্যায়কামী ৰাইজৰ সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছে। ইপিনে লখিমপুৰ জিলা সন্থাৰ অন্তৰ্গত মুঠ ২৯ খন সমবায় সমিতিৰ ১৫০০ এজেন্টেও এই প্ৰতিবাদ সাব্যস্ত কৰিব । জিলাখনৰ অন্তৰ্গত ঢকুৱাখনা মহকুমাৰ ঢকুৱাখনা,পূব ঢকুৱাখনা,পশ্চিম মাছখোৱা, খেৰকটা, ঘিলামৰা আৰু দক্ষিণ গোহাঁইসহ মুঠ ৬খন সমবায় সমিতিৰ ৩০৩ গৰাকী এজেন্টে এই গণতান্ত্ৰিক প্ৰতিবাদত অংশ গ্ৰহণ কৰি প্ৰাপ্য আদায়ৰ সংগ্ৰামত জড়িত হ'ব  বুলি জানিবলৈ দিছে ।

পহিলা ডিচেম্বৰৰ পৰা আহ্বায়িত এই গণ প্ৰতিবাদী কাৰ্যসূচীলৈ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে যথোচিত গুৰুত্ব আৰোপ নকৰাৰ পৰিপ্ৰেক্ষিতত অহা ২০২৪ বর্ষৰ পহিলা মাহৰ পৰা চৰকাৰী ৰেচন বিতৰণ ব্যৱস্থাটো যে অনিৰ্দিষ্ট কাললৈ স্তব্ধ হৈ পৰিব সেয়া নিশ্চিত । উল্লেখযোগ্য যে ইতিমধ্যে সমবায় আয়ুক্ত আৰু খাদ্য আৰু অসামৰিক যোগান মন্ত্ৰী ৰঞ্জিত দাসৰ সৈতে এলানি আলোচনা সন্থাৰ নেতৃত্বই সম্পন্ন কৰিছিল যদিও ইয়াৰ কোনো সুদত্তৰ নোলাল বুলি এজেন্ট সন্থাৰ সভাপতি বৰাই জানিবলৈ দি  কেৱল আন্দোলন প্ৰত্যাহাৰ কৰিবলৈ খাটনি ধৰি অহা অসামৰিক যোগান মন্ত্ৰী আৰু আমোলাৰ এনে দায়িত্বহীন ভূমিকাৰ বাবেই একান্ত অনিচ্ছা স্বত্তেও এই ৰেচন যোগান বন্ধ কাৰ্যসূচী চলাই যাবলৈ সন্থা বাধ্য বুলি সকীয়াই দিয়ে ।

তলা ওলমিব ৰাজ্যৰ ৩৩ হাজাৰ ৫৫৭ সুলভ মূল্যৰ দোকানত...
ৰাষ্ট্ৰীয় বক্সিঙত অসমৰ ৪ গৰাকী বক্সাৰৰ পদক অৰ্জন...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in