বিদ্যুতৰ মাচুল সঘন বৃদ্ধিৰ প্ৰতিবাদত ঢকুৱাখনাত কংগ্ৰেছৰ প্ৰতিবাদ...

বিদ্যুতৰ মাচুল সঘন বৃদ্ধিৰ প্ৰতিবাদত ঢকুৱাখনাত কংগ্ৰেছৰ প্ৰতিবাদ...
বিদ্যুতৰ মাচুল সঘন বৃদ্ধিৰ প্ৰতিবাদত ঢকুৱাখনাত কংগ্ৰেছৰ প্ৰতিবাদ...

ডিজিটেল সংবাদ ঢকুৱাখনা: ৰাজ্য চৰকাৰে বিদ্যুৎ যোগানৰ নামত সঘন মাচুল বৃদ্ধি কৰি নাগৰিকৰ ওপৰত কেঁকুৰা চেঁপা দি আহিছে। সৰ্বসাধাৰণ নাগৰিকৰ ওপৰত বিদ্যুৎ মাচুল প্ৰতিনিয়ত বৃদ্ধি কৰা এনে টোঘলকী স্থিতিৰ বিৰুদ্ধে মঙ্গলবাৰে ঢকুৱাখনা ব্লক কংগ্ৰেছ সমিতি আৰু ঘিলামৰা ব্লক কংগ্ৰেছ সমিতিৰ উদ্যোগত নিজ নিজ এলেকাত সবল প্ৰতিবাদ সাব্যস্ত কৰি এনে হাৰাশাস্তি কৰা নীতি পৰিহাৰ কৰিবলৈ ঐক্যবদ্ধ দাবী জনাই।

মঙ্গলবাৰে দুপৰীয়া ঢকুৱাখনা ব্লক কংগ্ৰেছ সমিতিৰ কাৰ্য্যালয় ৰাজীৱ ভৱনৰ পৰা এটা প্ৰতিবাদী দল গৈ ঢকুৱাখনা বিদ্যুৎ উপ-সংমণ্ডল কাৰ্য্যালয়ত উপস্থিত হৈ এনে অবিবেচকী কাৰ্য বন্ধ কৰাৰ দাবী জনাই আৰু বিভাগৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰদান কৰে। উক্ত প্ৰতিবাদত লখিমপুৰ জিলা কংগ্ৰেছৰ উপ-সভাপতি কেশেন চেতিয়া, ব্লক কংগ্ৰেছৰ সভাপতি তৰুণ চেতিয়া, উপ-সভাপতি দেৱ দাস , প্ৰশাসনিক সাধাৰণ সম্পাদক শৰৎ পাতিৰ, মহিলা নেত্ৰী ভাৰতী হাজৰিকা, কুসুম বৰুৱা, ইনামনী বৰুৱা আদি গৰিষ্ঠ সংখ্যক দলীয় নেতা কৰ্মকৰ্তাই অংশগ্ৰহণ কৰে।

বিজেপি চৰকাৰৰ একনায়কত্ব শাসন বন্ধ কৰক, সঘনাই বিদ্যুৎ মাচুল বৃদ্ধি বন্ধ কৰক, স্মাৰ্ট মিটাৰ সংযোগ বন্ধ কৰক আদি দাবী সম্বলিত প্লে'কাৰ্ড লৈ প্ৰতিবাদকাৰীসকলে বিদ্যুৎ বিভাগৰ কাৰ্যালয়ত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে। সমান্তৰাল ভাৱে ঘিলামৰা ব্লক কংগ্ৰেছৰ সভাপতি সুভাষ দিহিঙীয়াৰ নেতৃত্বত এটা প্ৰতিবাদকাৰী দলেও সবল প্ৰতিবাদ সাব্যস্ত কৰে।

ঘিলামৰা ব্লক কংগ্ৰেছৰ তৰফৰ পৰা সোৱণশিৰী ৰাজহ চক্ৰৰ চক্ৰ বিষয়াৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰি অত্যাধিক মাচুল বৃদ্ধিৰ দৰে জনবিৰোধী কাৰ্যৰ তীব্ৰ বিৰোধিতা কৰে।

বিদ্যুতৰ মাচুল সঘন বৃদ্ধিৰ প্ৰতিবাদত ঢকুৱাখনাত কংগ্ৰেছৰ প্ৰতিবাদ...
সিংঘালে ঠিকেই কৈছে - দায়ী মুখ্যমন্ত্ৰী !

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in