বাঁহৰ দলং ভাঙি আহত হোৱা ২০ শিক্ষাৰ্থীৰ ঘৰত কংগ্ৰেছ নেতৃত্বঃ বিজেপিক তীব্ৰ কটাক্ষ...

বাঁহৰ দলং ভাঙি আহত হোৱা ২০ শিক্ষাৰ্থীৰ ঘৰত কংগ্ৰেছ নেতৃত্বঃ বিজেপিক তীব্ৰ কটাক্ষ...

author-image
Asomiya Pratidin
New Update
বাঁহৰ দলং ভাঙি আহত হোৱা ২০ শিক্ষাৰ্থীৰ ঘৰত কংগ্ৰেছ নেতৃত্বঃ বিজেপিক তীব্ৰ কটাক্ষ...

বাঁহৰ দলং ভাঙি আহত হোৱা ২০ শিক্ষাৰ্থীৰ ঘৰত কংগ্ৰেছ নেতৃত্বঃ বিজেপিক তীব্ৰ কটাক্ষ...

ডিজিটেল সংবাদ চিলাপথাৰঃ যোৱা ২৬ অক্টোবৰত চিলাপথাৰৰ মধ্য চিচি টঙানি পঞ্চায়তৰ চ'হবাৰিত এখন জৰাজীৰ্ণ বাঁহৰ দলঙত সংঘটিত হৈছিল এক ভয়ংকৰ দুৰ্ঘটনা। দলংখনেৰে টঙানি নৈ পাৰ হোৱাৰ চেষ্টা কৰাৰ সময়তে দলংখন ভাঙি পৰাত আহত হৈছিল কুৰিগৰাকী ছাত্ৰী।

এই ঘটনাৰ বুজ ল'বলৈ শুকুৰবাৰে কেইবাজনো দলীয় নেতা কৰ্মীৰ সৈতে চ'হবাৰিৰ ঘটনাস্থলীত উপস্থিত হয়গৈ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামী। ইয়াৰোপৰি তেওঁ আহতসকলক ঘৰে ঘৰে গৈ সাক্ষাৎ কৰি স্বাস্থ্যৰ বুজ লয়।

ইয়াৰ পাছতে সাংবাদিকৰে হোৱা বাৰ্তালাপত কংগ্ৰেছ নেতাগৰাকীয়ে বিজেপিয়ে কংগ্ৰেছৰ চাঙে চাঙে যোৱাৰ যি কাৰ্যসূচী সেই কাৰ্যসূচীক সমালোচনা কৰা বিষয়টোৰো প্ৰত্যুত্তৰ দিয়ে। বিজেপিয়ে চাঙ চাঙে গৈ উন্নয়নৰ বাদে একো দেখা নাপাব বুলি কংগ্ৰেছক কৰা কটাক্ষৰ প্ৰত্যুত্তৰ দি তেওঁ কয়, বাঁহৰ দলং ভাঙি পৰি বিদ্যাৰ্থী আহত হোৱা ঘটনাই বিজেপিৰ উন্নয়নৰ চূৰান্ত মিথ্যাচাৰ উদঙাই দেখুৱাইছে। তেওঁ মিচিং স্বায়ত্ব শাসিত পৰিষদৰ ধনৰ ব্যৱহাৰত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ বাবেই বাট-পথৰ এই বিধ্বস্ত অৱস্থা‌ বুলি মন্তব্য কৰি বিজেপিক ক্ষুৰধাৰ সমালোচনা কৰে।

Also Read: প্ৰিয় নদী সোৱণশিৰি

কংগ্ৰেছ চিলাপথাৰ