নাৰায়ণপুৰত অসম চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তি প্ৰাপ্তক অভিনন্দন...

লখিমপুৰ জিলাৰ বিহপুৰীয়া বিধান সভা সমষ্টিৰ অন্তৰ্গত অসম চৰকাৰৰ সদ্য নিযুক্তি প্ৰাপ্ত ৩ শতাধিক তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰি প্ৰাৰ্থীক শনিবাৰে বিশেষভাৱে অভিনন্দন জনাই বিহপুৰীয়াৰ বিধায়ক ড০ অমিয় কুমাৰ ভূঞাই।

author-image
Asomiya Pratidin
New Update
নাৰায়ণপুৰত অসম চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তি প্ৰাপ্তক অভিনন্দন...

ডিজিটেল সংবাদ, নাৰায়ণপুৰঃ লখিমপুৰ জিলাৰ বিহপুৰীয়া বিধান সভা সমষ্টিৰ অন্তৰ্গত অসম চৰকাৰৰ সদ্য নিযুক্তি প্ৰাপ্ত ৩ শতাধিক তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰি প্ৰাৰ্থীক শনিবাৰে বিশেষভাৱে অভিনন্দন জনাই বিহপুৰীয়াৰ বিধায়ক ড০ অমিয় কুমাৰ ভূঞাই। বিহপুৰীয়া সমষ্টিৰ বিধায়কৰ দক্ষতা বিকাশ সমিতিৰ সৌজন্যত আৰু বিজেপিৰ বিহপুৰীয়া-নাৰায়ণপুৰ গ্ৰাম্য আৰু নগৰ মণ্ডলৰ সহযোগত নাৰায়ণপুৰৰ সমীপৰ জৰাবাৰীস্থিত জ্যোতিসঙ্গমৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰা বিশেষ অভিনন্দন সভাৰ । সভাখনত সভাপতিত্ব কৰে লখিমপুৰ জিলা বিজেপিৰ সভাপতি ফণীধৰ বৰুৱাই।

Advertisment

সভাখনিৰ আঁত ধৰে বিজেপিৰ নাৰায়ণপুৰ গ্ৰাম্য মণ্ডলৰ সভাপতি গুণাৰাম গগৈয়ে । উক্ত সভাখনত দক্ষতা বিকাশ সমিতিৰ সভাপতি তথা অধ্যাপক মাখন তামুলী, শংকৰদেৱ মহাবিদ্যালয়ৰ অধ্যক্ষ সোনাৰাম কলিতা, নাৰায়ণপুৰ প্ৰাথমিক শিক্ষা খণ্ডৰ শিক্ষা বিষয়া পদ্মেশ্বৰ বৰাই, নাৰায়ণপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত ভাৰপ্ৰাপ্ত অধ্যক্ষ চন্দ্ৰ হাজৰিকা,দেউৰী স্বায়ত্ব শাসিত পৰিষদৰ অধ্যক্ষ অমৃতপ্ৰভা দেউৰী,বিহপুৰীয়া মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধক্ষ্য নৱ দত্ত,নাৰায়ণপুৰ উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া শেৱালি পেগু,নাৰায়ণপুৰ পৌৰসভাৰ পৌৰপতি হৰিশ চন্দক প্ৰমুখ্য বিশিষ্ট ব্যক্তি সকলে অংশগ্ৰহণ কৰি বক্তব্য প্ৰদান কৰে

।উক্ত সভাতে বিধায়ক ড.অমিয় কুমাৰ ভূঞাই সদ্যঘোষিত অসম চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ ৩ শতাধিক সদ্য নিযুক্তি প্ৰাপ্তক বিশেষভাৱে অভিনন্দন জনাই।

Also Read: পুনৰ বহিঃৰাজ্যত ৰহস্যজনক মৃত্যু অসমৰ ব্যক্তিৰ, হত্যাৰ সন্দেহ পৰিয়ালৰ...

ASSAM GOVERNMENT new government job appointed