পুনৰ বহিঃৰাজ্যত ৰহস্যজনক মৃত্যু অসমৰ ব্যক্তিৰ, হত্যাৰ সন্দেহ পৰিয়ালৰ...

পুনৰ বহি:ৰাজ্যত কৰ্মৰ সন্ধানত গৈ ৰহস্যজনক ভাবে মৃত্যু হ'ল বিশ্বনাথৰ বিহালী সমষ্টিৰ ডেকা পথাৰৰ এজন লোক । উল্লেখ্য যে বিশ্বনাথৰ বিহালী সমষ্টিৰ ডেকাপথাৰৰ কুমাৰ লামা নামৰ এজন লোকে যোৱা ২২ মে' তাৰিখে নিজ ঘৰৰ পৰা কৰ্ম সংস্থাপন বিচাৰি তামিনাডুলৈ বুলি কৰিছিল যাত্ৰা ।
পুনৰ বহিঃৰাজ্যত ৰহস্যজনক মৃত্যু অসমৰ ব্যক্তিৰ, হত্যাৰ সন্দেহ পৰিয়ালৰ...

ডিজিটেল সংবাদ, বিশ্বানাথঃ পুনৰ বহি:ৰাজ্যত কৰ্মৰ সন্ধানত গৈ ৰহস্যজনক ভাবে মৃত্যু হ'ল বিশ্বনাথৰ বিহালী সমষ্টিৰ ডেকা পথাৰৰ এজন লোক । উল্লেখ্য যে বিশ্বনাথৰ বিহালী সমষ্টিৰ ডেকাপথাৰৰ কুমাৰ লামা নামৰ এজন লোকে যোৱা ২২ মে' তাৰিখে নিজ ঘৰৰ পৰা কৰ্ম সংস্থাপন বিচাৰি তামিনাডুলৈ বুলি যাত্ৰা কৰিছিল । কিন্তু এই যাত্ৰাৰ আধা বাটতে লোকজনৰ ৰহস্য জনক মৃত্যুৰ বাতৰিয়ে পৰিয়ালটোক অথাই সাগৰত পেলাইছে ।

পৰিয়ালৰ লোকে জনোৱা অনুসৰি ২২ মে' তাৰিখে সুস্থ শৰীৰে কুমাৰ লামাই নিজ ঘৰৰ পৰা ওলাই গৈছিল। কিন্তু ২৩ মে' তাৰিখে কুমাৰ লামা নামৰ লোকজনে অন্ধ্ৰপ্ৰদেশৰ গোডাবাৰী জিলাৰ নৱ পালেম ৰেলৱে ষ্টেচনত নামিছিল।

কোনো অজ্ঞাত লোকে কুমাৰ লামা নামৰ লোকজনৰ মোবাইল ফোনৰে পৰিয়ালক জানিব দিয়া অনুসৰি সেই ষ্টেচনতে শাৰীৰিকভাৱে হেনো অসুস্থ হৈ পৰে কুমাৰ লামা।যি খন ৰেলৰে কুমাৰ লামাই যাত্ৰা কৰিছিল তামিলনাডুলৈ সেই ৰেলখন ষ্টেচনৰ পৰা গুছি যোৱাত ষ্টেচনৰ আশে-পাশে থাকি গল কুমাৰ লামা ।

নিশা দহ মান বজাত পুনৰ কুমাৰ লামাৰ মবাইল নম্বৰৰে এজন অজ্ঞাত লোকে ফোন কৰি পৰিয়ালক জানিবলৈ দিয়ে যে তেওঁ হেনো সেই লোকজনৰ হোটেলত মোবাইল চাৰ্জ কৰিবলৈ গৈছে আৰু লোকজন অসুস্থ । লগে লগে অজ্ঞাত লোকজনক পৰিয়ালৰ লোকে কাকুতি-মিনতি কৰি কুমাৰ লামাক দুদিন ৰাখি থ'বলৈ অনুৰোধ জনায় ।

কিন্তু নিশা দহ বজাৰ পিছত কুমাৰ লামাৰ পৰিয়ালে কুমাৰ লামালৈ ফোন কৰোতে মোবাইলৰ চুইছ বন্ধ পাই । পৰিয়ালৰ লগত সম্পূৰ্ণ যোগাযোগ বিচ্ছিন্ন হ'ল কুমাৰ লামাৰ । ফলত পৰিয়ালৰ লোকে বিহালী সমষ্টিৰ জিনজিয়া আৰক্ষীৰ কাষ চাপে । আৰু জিনজিয়া আৰক্ষীৰ জড়িয়তে অন্ধ্ৰ প্ৰদেশৰ নৱ পালেম আৰক্ষীৰ লগত যোগাযোগ কৰি সমস্ত ঘটনাৰ বিষয়ে অৱগত কৰে ।

কিন্তু ৰহস্য জনকভাৱে ২৪ তাৰিখে অন্ধপ্ৰদেশ আৰক্ষীয়ে কুমাৰ লামাৰ মৃত্যু হোৱা বুলি জানিব দিয়ে । ইফালে অন্ধ্ৰ প্ৰদেশ আৰক্ষীয়ে পৰিয়ালৰ লোকক কুমাৰ লামাৰ যিবোৰ ফটো প্ৰেৰণ কৰিছে সেই ফটোত স্পষ্টকৈ শৰীৰৰ বিভিন্ন স্থানত আঘাতৰ চিহ্ন দেখা পোৱা গৈছে ।

যাৰ বাবে পৰিয়ালৰ লোক তথা স্থানীয় লোকে কুমাৰ লামাৰ এই মৃত্যু কোনো কাৰণতে স্বাভাৱিক মৃত্যু নহয় বুলি দাবী কৰিছে । এইয়া এক হত্যা কাণ্ড বুলি অভিযোগ উত্থাপন কৰিছে মৃত পৰিয়ালৰ লোকে ।

কৰ্ম সংস্থাপনৰ বাবে বহিঃৰাজ্যলৈ গৈ মৃত্যু হোৱাৰ পিছত অৰ্থৰ অভাৱত মৃতদেহ পৰ্যন্ত ঘৰলৈ ওভতাই আনিব পৰা নাই দুৰ্ভগীয়া পৰিয়ালটোৱে । বিহালীৰ এই পৰিয়ালটোয়ে নিজ স্বামী তথা পিতৃৰ মৃতদেহ উভতাই আনিবলৈ সহায় ভিক্ষা বিচাৰিছে চৰকাৰ তথা বিভিন্ন দল সংগঠনৰ।

পুনৰ বহিঃৰাজ্যত ৰহস্যজনক মৃত্যু অসমৰ ব্যক্তিৰ, হত্যাৰ সন্দেহ পৰিয়ালৰ...
কমলপুৰত একেদিনাই ২৭ টা পথৰ আধাৰশিলা স্থাপন...

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in