ঢকুৱাখনা মহাবিদ্যালয়ৰ দৃষ্টিনন্দন সাংস্কৃতিক শোভাযাত্ৰা

ঢকুৱাখনাবাসীৰ শৈক্ষিক ক্ষেত্ৰখনৰ স্বাভিমানী প্ৰতীক ঢকুৱাখনা মহাবিদ্যালয়। ১৯৬৬ চনতে প্ৰতিষ্ঠা হোৱা এই উচ্চ শিক্ষানুষ্ঠানখনৰ ৫৭ সংখ্যক মহাবিদ্যালয় সপ্তাহৰ শুকুৰবাৰে সফল পৰিসমাপ্তি ঘটে।

author-image
Asomiya Pratidin
New Update
ঢকুৱাখনা মহাবিদ্যালয়ৰ দৃষ্টিনন্দন সাংস্কৃতিক শোভাযাত্ৰা

ডিজিটেল সংবাদ,ঢকুৱাখনাঃ ঢকুৱাখনাবাসীৰ শৈক্ষিক ক্ষেত্ৰখনৰ স্বাভিমানী প্ৰতীক ঢকুৱাখনা মহাবিদ্যালয়। ১৯৬৬ চনতে প্ৰতিষ্ঠা হোৱা এই উচ্চ শিক্ষানুষ্ঠানখনৰ ৫৭ সংখ্যক মহাবিদ্যালয় সপ্তাহৰ শুকুৰবাৰে সফল পৰিসমাপ্তি ঘটে। ২৮ জানুৱাৰীত আৰম্ভ হোৱা বাৰ্ষিক মহাবিদ্যালয় সপ্তাহ উপলক্ষে শুকুৰবাৰে ষষ্ঠ দিনৰ প্ৰথম কাৰ্যসূচী বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰাৰে শুভাৰম্ভ কৰা হয়।

Advertisment

মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ যোগানন্দ সূত ,উপাধ্যক্ষ চিত্ৰ কুমাৰ কোচ, মহাবিদ্যালয়ৰ গৰিষ্ঠ সংখ্যক শিক্ষকৰ নেতৃত্বত মহাবিদ্যালয় চৌহদৰ পৰা বাহিৰ কৰা হয় এক বৰ্ণময় সাংস্কৃতিক শোভাযাত্ৰাৰ উদ্বোধন কৰে মহাবিদ্যালয়ৰ উদ্ভিদ বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক ডঃ অমল চন্দ্ৰ দত্তই। মহাবিদ্যালয়খনৰ বিভিন্ন বিভাগৰ শিক্ষাৰ্থী সকলে অসমীয়া জাতীয় চহা জীৱনৰে সম্পৃক্ত থলুৱা সম্পদৰ চহকী  শিল্প সংস্কৃতিৰ নান্দনিক প্ৰতীকী উপস্থাপনেৰে শোভাযাত্ৰাখন অধিক মনোমোহা আৰু দৃষ্টিনন্দন কৰি তোলে।

ঢকুৱাখনা মহাবিদ্যালয় চৌহদৰ পৰা বাহিৰ হোৱা শোভাযাত্ৰাত শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ ভাগৱত ভ্ৰমণ, চন্দ্ৰ যান, ৰাম মন্দিৰ, বাবৰি মছজিদৰ প্ৰতীকী উপস্থাপন, গায়ন বায়ন, চিত্ৰশিল্পী নীল পৱন বৰুৱা- দীপালি বৰঠাকুৰৰ অমৰ প্ৰেম গাঁথাৰ জীৱন্ত বৰ্ণন , ভাতৃ ভবেন বৰঠাকুৰ, ভূপেন বৰঠাকুৰৰ সৈতে দীপালি বৰঠাকুৰৰ সংগীত চৰ্চাৰ প্ৰতীকী বাঙ্ময় প্ৰকাশ, চুমনিত ৰেচম পালন, তাঁত শাল, টাই লোক কৃষ্টি, হৰি কীৰ্তন,বিভিন্ন জাতি জনগোষ্ঠীৰ স্বকীয় লোক কৃষ্টিৰ সমাহাৰ ঘটা এই মনোমোহা সাংস্কৃতিক শোভাযাত্ৰা ঢকুৱাখনা নগৰৰ সদৰ চাৰিআলি হৈ ঘূৰি পুনৰ মহাবিদ্যালয়ত প্ৰৱেশ কৰি সফল সামৰণি মাৰে ।

ইয়াৰ পাছতেই মহাবিদ্যালয়ৰ নিজ নিজ বিভাগৰ শিক্ষাৰ্থী সকলৰ উদ্যোগত অনুষ্ঠিত হয় থলুৱা পিঠা পনা প্ৰস্তুত প্ৰতিযোগিতা অনুষ্ঠিত হয়। মহাবিদ্যালয়ৰ সকলো বিভাগৰ শিক্ষাৰ্থীয়ে অংশ গ্ৰহণ কৰা এই মনোজ্ঞ প্ৰতিযোগিতাত তিল পিঠা, ঘিলা পিঠা, তেল পিঠা, বৰপিঠা, সান্দহ, তৰা পিঠা, নাৰিকল লাড়ু, তিলৰ লাড়ু আদি বিভিন্ন সুস্বাদু পিঠা-পনা প্ৰস্তুতৰ প্রতিযোগিতাত অংশ গ্ৰহণ কৰি কেৱল পুথিগত শিক্ষাতেই নহয় অসমীয়া থলুৱা লোক পৰম্পৰা ৰক্ষা আৰু কৰ্ষণটো যে মহাবিদ্যালয়ৰ শিক্ষাৰ্থী সকল এখোপ চৰা সেয়া ঈর্ষণীয় ৰূপত প্ৰকাশ কৰিলে । শনিবাৰে মহাবিদ্যালয় সপ্তাহৰ বৰ্ণিল সামৰণি পৰিব ।

Also Read: নীতিশক লৈ পুনৰ অস্থিৰ বিহাৰৰ ৰাজনীতিঃ বিপদত বিজেপি !

college week cultural rally Dhakuakhana college