পদ্মশ্ৰী যাদৱ পায়েঙক 'ছহিদ কৰম সিং জনমভূমি বঁটা' প্ৰদান: নন্দ সিং বৰকলাৰ 'হাদিৰাচকী' উন্মোচন...

পদ্মশ্ৰী যাদৱ পায়েঙক 'ছহিদ কৰম সিং জনমভূমি বঁটা' প্ৰদান: নন্দ সিং বৰকলাৰ 'হাদিৰাচকী' উন্মোচন...
পদ্মশ্ৰী যাদৱ পায়েঙক 'ছহিদ কৰম সিং জনমভূমি বঁটা' প্ৰদান: নন্দ সিং বৰকলাৰ 'হাদিৰাচকী' উন্মোচন...

ডিজিটেল সংবাদ নগাঁও: আজি নগাঁৱৰ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত পৃথিৱীৰ সেউজীয়া মানুহ, 'ফৰেষ্ট মেন অফ ইণ্ডিয়া' অৰণ্য মানৱ পদ্মশ্রী যাদৱ পায়েঙক ২০২৩ বৰ্ষৰ "শ্বহীদ কৰম সিং জনমভূমি বঁটা" প্রদান কৰা হয় ৷ ছহিদ কৰম সিং ন্যাস,অসম,দুলীয়াজানৰ সৌজন্যত আগবঢ়োৱা এই বঁটাত আছে নগদ পঞ্চাশ হাজাৰ টকা, এটি স্মাৰক,শৰাই,গামোচা, প্ৰশস্তি পত্ৰ,অংগবস্ত্ৰ আৰু গ্ৰন্থৰ টোপোলা ৷

বঁটাটো আনুষ্ঠানিকভাৱে প্ৰদান কৰে “আমাৰ অসম ” কাকতৰ মুখ্য সম্পাদক বিশিষ্ট গল্পকাৰ মনোজ কুমাৰ গোস্বামীয়ে ৷ বঁটাগ্ৰহণ কৰি অৰণ্যমানৱ গৰাকীয়ে কৈশোৰ অৱস্থাত তেওঁৰ ৰক্তত প্ৰোথিত হোৱা অৰণ্য প্ৰেমৰ আৰম্ভণিৰ দিনবোৰৰ কথা বৰ্ণনা কৰে ৷ অৰণ্য পাতি গাঁৱলৈ হাতী,গঁড়,বাঘ আদি মাতি অনা বাবে তেওঁক কেনেকৈ মানুহে বেয়া পাইছিল সেয়া বৰ্ণনা কৰে ৷

উল্লেখ্য যে অসমৰ পৰা বিদেশী নাগৰিক বহিষ্কাৰ আন্দোলন (১৯৭৯-৮৫)ত অসমীয়া শিখ গাঁও নগাঁও জিলাৰ বৰকলাৰ সুযোগ্য সন্তান কৰম সিং ১৯৮৩ চনৰ ১ মার্চ তাৰিখে নগাঁৱৰ কামপুৰৰ ওচৰত ছহিদ হৈছিল। ছহিদ জনৰ পৰিয়ালে তেখেতৰ স্মৃতি জিলিকাই অসমীয়া শিখসকলৰ সমাজ জীৱনক অধিক চহকী কৰিবলৈ ২০১৯ চনত "ছহিদ কৰম সিং ন্যাস, অসম,দুলিয়াজানৰ সৌজন্যত পৰিয়ালৰ একান্ত অর্থ ব্যৱস্থাত এটি ন্যাস গঠন কৰে।

এই ন্যাসৰ দ্বাৰা প্ৰতি বছৰে অসমৰ সমাজ জীৱনক চহকী, স্বাভিমানী কৰি তোলা একোজন ধীমান, কৃতধী ব্যক্তিক "ছহিদ কৰম সিং জনমভূমি বঁটা" প্রদান কৰি আহিছে৷ একেটা অনুষ্ঠানতে বিশিষ্ট মননশীল লেখক ড° নন্দ সিং বৰকলাৰ নৱতম উপন্যাস 'হাদিৰাচকী' উন্মোচন কৰা হয় ৷

কাকলি শইকীয়াৰ বৰগীতেৰে শুভাৰম্ভ হোৱা অনুষ্ঠানটোৰ প্ৰথমতে ছহিদ কৰম সিংৰ প্ৰতিচ্ছবিত অৰণ্য মানৱ যাদৱ পায়েং, ছহিদগৰাকীৰ জ্যেষ্ঠ ভাতৃ জিৎ সিং প্ৰমুখ্যে কৰি বিশিষ্টসকলে ৷ আদৰণি ভাষণ আগবঢ়াই নগাঁৱৰ যুৱ সাংবাদিক জ্যোতিপ্ৰসাদ বৰাই নিজৰ শ্ৰুতিমধুৰ বক্তব্যত ছহিদ কৰম সিঙৰ আত্মবলিদান আৰু হাদিৰাচকী ৰণৰ পটভূমিৰ আভাস দাঙি ধৰে ৷

বিশিষ্ট অতিথিৰ ভাষণত নগাঁৱৰ ঐতিহ্যমণ্ডিত সপ্তাহিক কাকত “কলংপাৰ”ৰ সম্পাদক গুৰমাইল সিঙে অসম আন্দোলনত অসমৰ শিখ সমাজৰ অৱদানৰ ওপৰত আলোকপাত কৰে ৷ তেওঁ ছহিদ কৰম সিং জনমভূমি বঁটা প্ৰদানৰ উদ্যোগ লোৱা বাবে ছহিদগৰাকীৰ পৰিয়ালৰ শলাগ লোৱাৰ লগতে ড° নন্দ সিং বৰকলাৰ অক্লান্ত কৰ্ম স্পৃহাৰ প্ৰশংসা কৰে ৷

নিজৰ ভাষণত তেওঁ আৰু কয় যে, মানুহে সহানুভূতি আদায়ৰ বাবে চেষ্টা চলোৱাৰ পৰিবৰ্তে সদায় নিজৰ যোগ্যতা প্ৰতিপন্ন কৰিবলৈ তৎপৰ হোৱা উচিত ৷ আনহাতে ড° নন্দ সিং বৰকলাই তেওঁৰ নৱতম গ্ৰন্থ “হাদিৰা চকী”ৰ ৰচনাৰ আঁৰৰ কথা বক্ত কৰে ।

তেওঁ লগতে অৰণ্যমানৱ যাদৱ পায়েঙৰ বিলাসিতাহীন অথচ অসাধাৰণ বৰ্ণাঢ্য জীৱন শৈলীৰো বৰ্ণনা কৰে ৷ তেওঁ কয় যে, অৰণ্য হৈছে অহিংসা আৰু সীমাহীনতাৰ প্ৰতীক ৷ নিজৰ অভিজ্ঞতা এটা ব্যক্ত কৰি কয় যে, এবাৰ মাজুলীত এখন অত্যাধুনিক গাড়ীৰ পমখেদি যাওঁতে দেখিছিল চেক’শ্লেভিয়াৰ দুজন পৰ্যটকক এখন বিলৰ এবুকু পানীত চৰাইৰ ফটো আৰু মাত সংগ্ৰহ কৰা অৱস্থাত ৷

অৰণ্যৰ প্ৰেমত পৰা মানুহবোৰ এনেকুৱাই ৷ ইয়াৰ লগতে তেওঁ অসমলৈ শিখসকলৰ আগমনৰ কথা, ইন্দিৰা গান্ধীৰ হত্যাৰ পৰা পঞ্জাৱৰ গণ হত্যালৈকে,সঞ্জয় ঘোষৰ পৰা আৰম্ভ কৰি কমলা শইকীয়াৰ হত্যালৈকে, অসম আন্দোলনৰ ৰক্তাক্ত দিনৰ কথা নিজৰ সুদীৰ্ঘ ভাষনত বৰ্ণনা কৰে ৷

সভাতে শিল্পী লক্ষীপ্ৰভা শইকীয়াই নিজে অংকন কৰা ড৹ নন্দ সিং বৰকলাৰ এখনি ছবি সাহিত্যিকগৰাকীক আনুষ্ঠানিকভাৱে অৰ্পন কৰে ৷ জনপ্ৰিয় কন্ঠশিল্পী কৃষ্ণমণি নাথে কবি নলিনীবালা দেৱীৰ "জনমভূমি” কবিতাটো গুণগুনাই সভাৰ সৌষ্ঠৱ বৃদ্ধি কৰে৷ সভাত অন্যান্যসকলৰ লগতে গল্পকাৰ শিৱানন্দ কাকতি, বিশিষ্ট কবি ডাঃ প্ৰয়াগ শইকীয়া, প্ৰদীপ শইকীয়া, আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ সদানন্দ পায়েং,ছহিদ কৰম সিং ন্যাসৰ কৰ্মকৰ্তা সকলকে ধৰি ভালেসংখ্যক লোক উপস্থিত থাকে ৷ অনুষ্ঠানটিৰ আঁত ধৰে সাংস্কৃতিক সংগঠক গৌৰী প্ৰসাদ শৰ্মাই ।

পদ্মশ্ৰী যাদৱ পায়েঙক 'ছহিদ কৰম সিং জনমভূমি বঁটা' প্ৰদান: নন্দ সিং বৰকলাৰ 'হাদিৰাচকী' উন্মোচন...
ডিগবৈত আছুৱে, পশ্চিম বৰাগাঁৱত অসম চৰকাৰে কেন্দ্ৰীয়ভাৱে পালন কৰিলে ছহিদ দিৱস...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in