দ্বিশতকেৰে দিনটোৰ আৰম্ভণি কেন ৱিলিয়ামছনৰ

দ্বিশতকেৰে দিনটোৰ আৰম্ভণি কেন ৱিলিয়ামছনৰ

ডিজিটেল ডেস্ক : নিউজিলেণ্ড আৰু শ্ৰীলংকাৰ মাজত অব্যাহত আছে ক্ৰিকেটৰ যুদ্ধ । প্ৰথমখন টেষ্টত জয় লাভ কৰি আত্মবিশ্বাসৰ তুংগত আছিল নিউজিলেণ্ড । তেনেদৰেই দ্বিতীয়খন টেষ্টতো আধিপত্য বাহাল ৰাখিবলৈ সক্ষম হৈছে নিউজিলেণ্ডৰ বেটছমেন সকলে । দ্বিতীয় টেষ্টৰ দ্বিতীয় দিনাৰ আৰম্ভণিতেই টেষ্ট কেৰিয়াৰ ষষ্ঠটো টেষ্ট দ্বিশতক অৰ্জন কৰি নিউজিলেণ্ডক এক শক্তিশালী স্থিতিত উপনীত কৰাই কেন ৱিলিয়ামছন আৰু হেনৰী নিকোলছে ।

কেন ৱিলিয়ামছনে সৰ্বমুঠ ২৯৬ টা বলত ২১৫ ৰান সংগ্ৰহ কৰি পেভিলিয়নমুখী হোৱাৰ পৰিৱৰ্তে বাতৰি লিখাৰ পৰলৈকে হেনৰী নিকোলছে ২৩৬ টা বলত ১৯১ ৰান সংগ্ৰহ কৰি ক্ৰীজত আছে । হেনৰী নিকোলছো দ্বিশতক অৰ্জন কৰাৰ দিশে অতি শীঘ্ৰেই । এই দুয়োজনৰ শক্তিশালী বেটিঙে নিউজিলেণ্ডক মাত্ৰ ৪টা উইকেটৰ বিনিময়ত প্ৰদান কৰে ৫৬৯ ৰান ।

উল্লেখ্য যে, ১১৮ ৰানত নিউজিলেণ্ডৰ দ্বিতীয়টো উইকেটৰ পতন হোৱাৰ পাছত খোপনি পুতিবলৈ সক্ষম হৈছিল এই দুয়োগৰাকী বেটছমেনে । ১১৮ ৰ পাছত তৃতীয়টো উইকেট ৪৮১ ৰানত হে পতন হয় । এই সুদৃঢ় খোপনিৰ পাছত নিউজিলেণ্ডে বলিঙত নিজৰ ধাৰাবাহিকতা অক্ষুন্ন ৰাখিবলৈ সক্ষম হ'লেই জয় যে নিশ্চিত সেইয়া সকলো ক্ৰীড়াপ্ৰেমীৰেই এতিয়া জ্ঞাত ।

আনহাতে, নিউজিলেণ্ডৰ এই শ্কতি প্ৰদৰ্শন ভাৰতৰ বাবে যে মূৰৰ কামোৰণি হৈ উঠিব সেইয়াও নিশ্চিত । কিয়নো বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত ভাৰতে সন্মুখীন হ'ব নিউজিলেণ্ডৰ ।

দ্বিশতকেৰে দিনটোৰ আৰম্ভণি কেন ৱিলিয়ামছনৰ
মৰিগাঁও আৰক্ষীৰ জালত দুজনকৈ চাইবাৰ অপৰাধী

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in