ৰাজ্যৰ প্ৰথমটো সংহত শিশু উন্নয়ন প্ৰকল্পত উল্লাস : ঢকুৱাখনাত ৪৯ বছৰীয়া প্ৰতিষ্ঠা দিৱস পালন

ৰাজ্যৰ প্ৰথমটো সংহত শিশু উন্নয়ন প্ৰকল্পত উল্লাস : ঢকুৱাখনাত ৪৯ বছৰীয়া প্ৰতিষ্ঠা দিৱস পালন

author-image
Asomiya Pratidin
New Update
ৰাজ্যৰ প্ৰথমটো সংহত শিশু উন্নয়ন প্ৰকল্পত উল্লাস : ঢকুৱাখনাত ৪৯ বছৰীয়া প্ৰতিষ্ঠা দিৱস পালন

ডিজিটেল সংবাদ, ঢকুৱাখনা : গৰ্ভাৱতী, প্ৰসূতি মহিলা আৰু শিশুসকলৰ শাৰীৰিক আৰু মানসিক উৎকৰ্ষ সাধনৰ বাবে উৎসৰ্গিত এটা সংস্থা সংহত শিশু উন্নয়ন প্ৰকল্প চমুকৈ আই চি ডি এছ । ৰাজ্যত প্ৰথমবাৰৰ বাবে ১৯৭৫ চনত প্ৰৱৰ্তন কৰা হৈছিল এই বহুমুখী প্ৰকল্পৰ । সৌভাগ্যক্ৰমে তাহানিৰ কলিয়াপানী ঢকুৱাখনাত পোন প্ৰথমবাৰৰ বাবে ৰাজ্যখনৰ প্ৰথমটো প্ৰকল্প প্ৰতিষ্ঠা কৰা হৈছিল ১৯৭৫ চনৰ ২ অক্টোবৰত।

Advertisment

প্ৰসূতি মাতৃ ,নৱজাতক আৰু ৬ বছৰ পৰ্যন্ত শিশুৰ পৰিপুষ্টি সাধনৰ লগতে শাৰীৰিক ,মানসিক বিকাশৰ স্বাৰ্থত ৰাজ্যৰ ভিতৰত স্থাপিত প্ৰথমটো আই চি ডি এছ প্ৰকল্প ঢকুৱাখনাত বুধবাৰে পালন কৰা হয় ৪৯ সংখ্যক প্ৰতিষ্ঠা দিৱস । ঢকুৱাখনা নগৰৰ মাজমজিয়াত স্থাপিত এই প্ৰকল্পত বুধবাৰে অংগনৱাদী কৰ্মী আৰু সহায়িকা সন্থাৰ সহযোগত তথা প্ৰকল্পটোৰ উদ্যোগত অনুষ্ঠিত কৰা হয় ৪৯ সংখ্যক প্ৰতিষ্ঠা দিৱস।

বুধবাৰে প্ৰকল্পটোৰ গৰিষ্ঠ সংখ্যক অংগনৱাদী কৰ্মী আৰু সহায়িকাৰ উৎসাহপূৰ্ণ উপস্থিতিত প্ৰথমে প্ৰকল্পৰ চৌহদত উত্তোলন কৰা হয় পতাকা। প্ৰকল্পটোৰ জ্যেষ্ঠ পৰিদৰ্শীকা মিনু দাস বৰাই প্ৰকল্পৰ পতাকা উত্তোলন কৰে। শতাধিক কৰ্মী সহায়িকাই আই চি ডি এছ জিন্দাবাদ , ঢকুৱাখনা সংহত শিশু উন্নয়ন প্ৰকল্প দীৰ্ঘজীৱী হওক , অংগনৱাদী কৰ্মী সহায়িকা সন্থা জিন্দাবাদ , ৪৯ বছৰীয়া প্ৰথমটো প্ৰকল্প দীৰ্ঘজীৱী হওক আদি বিভিন্ন শ্লোগানৰ লগতে প্ৰকল্পৰ নিজস্ব বৃন্দ গানৰ মাজত পতাকা উত্তোলন কৰে জ্যেষ্ঠ পৰিদৰ্শীকাগৰাকীয়ে।

প্ৰকল্পটোৰ অন্তৰ্গত মুঠ ৫২২ টা কেন্দ্ৰৰ নেতৃত্ববাহী অংগনৱাদী কৰ্মী সহায়িকা সন্থাৰ সম্পাদিকা অনুৰাধা গগৈযে আঁত ধৰা প্ৰতিষ্ঠা দিৱসৰ প্ৰথম কাৰ্যসূচীৰ পাছতে এটা কে'ক কাটি জন্ম দিৱসৰ সশ্ৰদ্ধ স্মৰণ কৰে প্ৰকল্পটোৰ পৰিদৰ্শীকা আৰু কৰ্মী সহায়িকা সকলে । প্ৰকল্পটোৰ পৰিদর্শীকা চিৰঞ্জীতা ভঁৰালী , ৰিঞ্জু হাজৰিকা , প্ৰিয়ঙ্কা শইকীয়াৰ লগতে কাৰ্য্যালয়ৰ কৰ্মচাৰী দিব্য শইকীয়া ,গোলোক দাস আদিৰ উপস্থিতিত প্ৰতিষ্ঠা দিৱস অনুষ্ঠিত কৰি গৌৰবান্বিত আৰু উৎফুল্লিত হৈ পৰে কৰ্মী সহায়িকা আৰু কৰ্মচাৰীসকল ।

প্ৰকল্পটোৰ কৰ্মী সহায়িকা সন্থাৰ সম্পাদিকা অনুৰাধা গগৈয়ে অহা ২০২৫ বর্ষৰ ২অক্টোবৰত ৰাজ্যখনৰ বাটকটীয়া প্ৰকল্পটোৰ গৌৰৱোজ্জ্বল ৫০ বছৰীয়া দিৱসটো বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰিব বুলি জানিবলৈ দিয়ে। তাৰোপৰি এই ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ সহযোগিতা আন্তৰিকতাৰে কামনা কৰে ।

ইপিনে প্ৰকল্পটোৰ কৰ্মী সহায়িকাসকলে ৰাজ্যজুৰি বিভাগীয় ন্যস্ত দায়িত্বৰ উপৰিও অন্যান্য চৰকাৰী দায়িত্ব কৰ্তব্য অতিৰিক্তভাৱে পালন কৰি অহাৰ পাছতো পৰ্য্যাপ্ত মাননি লাভ নকৰাত ক্ষোভ প্ৰকাশ কৰে। শিশুৰ পৰা মাতৃলৈ, নিৰ্বাচনী কামৰ পৰা চৰকাৰী জৰীপলৈ বিভিন্ন কামৰ দায়িত্ব পালি অহাৰ পাছতো ন্যূনতম পাৰিতোষিকৰে নিষ্ঠাবান সেৱা আগবঢ়াই অহাটো কৰ্মী সহায়িকাসকলৰ বাবে কষ্টসাধ্য আৰু অবৰ্ণীয় হোৱা বুলি কৈ এই ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ জৰুৰী হস্তক্ষেপ কামনা কৰে ।

Also Read: মঙলদৈত সদৌ অসম ভিত্তিত ৰত্নেশ্বৰ শৰ্মা সোঁৱৰণী চিত্ৰাংকণ প্ৰতিযোগিতা

dhakuakhana child development project