/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-02/0w8lfebh/5b3a0839-ecb1-4556-b4df-6e7b5b402144.jpg)
ডিজিটেল সংবাদ, মঙলদৈ : মানৱতাবাদী সংগঠন 'মানুহে মানুহৰ বাবে, দৰং, অসমৰ উদ্যোগত সদৌ অসম ভিত্তিত ৰত্নেশ্বৰ শৰ্মা সোঁৱৰণী চিত্ৰাংকণ প্ৰতিযোগিতাৰ আয়োজন কৰা হয়। বুধবাৰে মঙলদৈ নগৰ বালিকা নিম্ন বুনিয়াদী বিদ্যালয়ত স্বাধীনতা সংগ্ৰামী ৰত্নেশ্বৰ শৰ্মা সোঁৱৰণত চিত্ৰাংকণ প্ৰতিযোগিতাখন অনুষ্ঠিত কৰা হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-02/im6z2a08/33f54f2f-e704-44c2-aeb0-727ba224c676.jpg)
এই প্ৰতিযোগিতাত প্ৰায় ৪শতাধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে। সংগঠনটোৰ সাধাৰণ সম্পাদক গণেশ দত্ত আৰু সম্পাদক জিতুমণি চহৰীয়াই আঁত ধৰা প্ৰতিযোগিতাৰ প্ৰাকমুহূৰ্তত সংগঠনটোৰ সভাপতি আনোৱাৰ হুছেইনে মহামানৱ মহাত্মা গান্ধীৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পন কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-02/p1jrcmo2/994d93d1-2007-42cd-aaba-e370758315df.jpg)
আনহাতে উপসভাপতি কুঞ্জ দেৱীয়ে স্বাধীনতা সংগ্ৰামী ৰত্নেশ্বৰ শৰ্মাৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্জ্বলন আৰু মাল্যাৰ্পন কৰে। সংগঠনটোৰ উপদেষ্টা তথা শিৱসাগৰ জিলা শিক্ষক প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ অৱসৰপ্ৰাপ্ত অধ্যাপিকা মিৰণ দেৱীয়ে প্ৰতিযোগিতাখনি উদ্বোধন কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-02/ewfhdm5g/005a6f90-78ba-4fda-a7cb-aa72dcab1490.jpg)
চিত্ৰাংকণ প্ৰতিযোগিতাৰ পঞ্চম শ্ৰেণীলৈ প্ৰতিযোগীসকলে ইচ্ছানুসৰি ছবি আঁকে যদিও ষষ্ঠ শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ বিষয়- 'অসমীয়া সমাজ জীৱন' আৰু নৱম শ্ৰেণীৰ পৰা উৰ্ধলৈ বিষয়- 'মানুহে মানুহৰ বাবে' বিষয়ত ছবি অংকন কৰে। কোনো ধৰণৰ ভৰ্তি মাচুল নথকা এই প্ৰতিযোগিতাৰ প্ৰতিযোগীক উদ্যোক্তাসকলৰ তৰফৰ পৰা আৰ্ট পেপাৰ যোগান ধৰা হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-02/flp4w88w/d659af1a-e6d5-4695-9402-63301fb7299b.jpg)
প্ৰতিযোগিতাৰ প্ৰতিটো শাখাত তিনিজনকৈ প্ৰতিযোগীক অহা ২০অক্টোবৰ ২০২৪ত হ'ব লগা মানুহে মানুহৰ বাবে, দৰং, অসমৰ প্ৰতিষ্ঠা দিৱসত বঁটা প্ৰদান কৰা হ'ব বুলি সাধাৰণ সম্পাদক গণেশ দত্তই জনাইছে।
Also Read: পাঠশালাত ভ্ৰাম্যমাণ থিয়েটাৰৰ ৬১ সংখ্যক ওপজা দিন উদযাপন