শিক্ষকৰ অভাৱত বন্ধ হোৱাৰ পথত মধ্য সোৱণশিৰী বালিকা এম ই স্কুল!

শিক্ষকৰ অভাৱত বন্ধ হোৱাৰ পথত মধ্য সোৱণশিৰী বালিকা এম ই স্কুল!

ডিজিটেল সংবাদ, ঢকুৱাখনাঃ  ৰাজ্যখনৰ চৰকাৰী শিক্ষা খণ্ডৰ আমূল পৰিৱৰ্তন আৰু শৈক্ষিক মানদণ্ড বিকাশৰ বাবে শিক্ষা বিভাগে গ্ৰহণ কৰি আহিছে বিভিন্ন পদক্ষেপ । বিদ্যাৰ্থী সকলৰ বিদ্যায়তনিক উৎকৰ্ষ সাধনৰ বাবে নিত্য নতুন কৰ্মপন্থা গ্ৰহণ কৰি আহিছে ৰাজ্য চৰকাৰে । পিছে শিক্ষা মন্ত্ৰী ডাঃ ৰনোজ পেগুৰ এনে সীমাহীন পৰিৱৰ্তনকামী কৰ্ম আঁচনিয়ে স্পৰ্শ নকৰা এখন চৰকাৰী খণ্ডৰ বিদ্যালয় আছে ঢকুৱাখনা মহকুমাত। বিদ্যালয়খনৰ নাম মধ্য সোৱণশিৰী বালিকা মধ্য ইংৰাজী বিদ্যালয় ।

১৯৮৬ চনতে মধ্য সোৱণশিৰী অঞ্চলত শিক্ষাৰ পোহৰ বিলাবলৈ স্থাপিত এইখন বিদ্যালয়ে এতিয়া শিক্ষাৰ্থী সকলৰ শৈক্ষিক ভৱিষ্যত অন্ধকাৰাচন্ন কৰাৰ পথ প্ৰশস্ত কৰিছে । ঘিলামৰাৰ বৰদলনি শিক্ষা খণ্ডৰ অন্তৰ্গত গ্ৰাম্য অঞ্চলটোৰ শ্ৰমজীৱী ৰাইজৰ মুঠ ২২গৰাকী বিদ্যাৰ্থীয়ে ষষ্ঠ শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণী পৰ্যন্ত শিক্ষা গ্ৰহণ কৰি আহিছে এইখন চৰকাৰী খণ্ডৰ বিদ্যালয়ত । প্ৰতিটো শ্ৰেণীত ৭টাকৈ বিভিন্ন বিষয়ৰ পাঠদান কৰিবলৈ শিক্ষা বিভাগে বিগত বছৰ ধৰি নিযুক্তি নিদিলে এজনো বিষয় ভিত্তিক শিক্ষকক । বৰঞ্চ বিদ্যাৰ্থী সকলৰ মূৰ খোৱা নীতিহে গ্ৰহণ কৰি শিক্ষা বিভাগে এজনীয়া শিক্ষকেৰে বিদ্যালয়খন পৰিচালনাৰ কাণ্ডজ্ঞানহীন ভূমিকা পালি আহিলে ।

শিক্ষা বিভাগৰ অমনোযোগিতাৰ বাবে সুদীৰ্ঘ দিন বিদ্যালয়খন একমাত্ৰ শিক্ষক তথা প্রধান শিক্ষক দিগন্ত পগাগৰ জৰিয়তে পৰিচালিত হৈ আহিছে । বিদ্যালয় পৰিচালনাৰ সীমাহীন চৰকাৰী কৰ্ম ব্যস্ততাৰ লগতে ৬ টাকৈ শ্ৰেণীৰ শিক্ষাদানতো ব্যস্ত থাকি নিষ্ঠাবান সেৱা আগবঢ়াই অহা এইগৰাকী শিক্ষকৰ মৰ্মবেদনা বৰদলনি শিক্ষা খণ্ড আৰু লখিমপুৰ জিলা প্ৰাথমিক শিক্ষা বিষয়াই এবাৰো উপলব্ধি নকৰিলে । বিদ্যালয়খনৰ শিক্ষাৰ্থী সকলৰ শৈক্ষিক উত্তৰণৰ প্ৰতিও দায়িত্বশীল হ'বলৈ নিশিকা জিলা আৰু খণ্ড প্ৰাথমিক শিক্ষা বিভাগৰ অন্য এক চূড়ান্ত কাণ্ডজ্ঞানহীনতা পোহৰলৈ আহিছে ।

বিগত সময়চোৱাত অকলেই প্ৰধান শিক্ষকৰ চৰকাৰী দায়িত্ব আৰু ৬টাকৈ শ্ৰেণীত এদিনতে ৪২টা বিষয়ৰ শিক্ষা দান কৰি অহা শিক্ষাগুৰু দিগন্ত পগাগৰ ৩১ জানুৱাৰীত অৱসৰ গ্ৰহণৰ দিন । সুদীর্ঘ কাল একক শিক্ষক হিচাবে সততাৰে সেৱা আগবঢ়াই ৩১জানুৱাৰীত অৱসৰ গ্ৰহণ কৰিব পগাগে । যিহেতু ৩১জানুৱাৰী ৰাজ্যিক বন্ধৰ দিন সেয়ে ৩০ জানুৱাৰী হ'ল প্ৰধান শিক্ষকগৰাকীৰ অন্তিম কাৰ্যকালৰ দিন । কিন্তু একমাত্ৰ শিক্ষকগৰাকীৰ অৱসৰৰ পাছত বিদ্যালয়খন এদিনৰ পাছতে শিক্ষক শূণ্য অৱস্থাৰ উদ্ভৱ হোৱাটো নিশ্চিত হোৱা স্বত্তেও শিক্ষা বিভাগে সোমবাৰ পৰ্যন্ত এজনো শিক্ষকক বিদ্যালয়খনত নিযুক্তি নিদিলে । ফলত ১ফেব্ৰুৱাৰীৰ পৰা বিদ্যালয়খন হয় শিক্ষক শূণ্য ভাবে চলাৰ, নহয় চিৰদিনলৈ তলা ওলমাৰ এক কাণ্ডজ্ঞানহীন ভূমিকা গ্ৰহণ কৰিছে শিক্ষা বিভাগে ।

বিদ্যালয়খনৰ প্ৰধান শিক্ষক পগাগে খণ্ড প্ৰাথমিক শিক্ষা বিভাগ ,জিলা প্ৰাথমিক শিক্ষা বিভাগ সকলোকে অৱগত কৰি অৱসৰৰ পূৰ্বে নূন্যতম এগৰাকী শিক্ষকক বিদ্যালয়খনত নিযুক্তিৰ আহ্বান জনাইছিল । পিছে এইবোৰ স্পৰ্শকাতৰ বিষয়ৰ প্ৰতি গুৰুত্ব দিয়াৰ সময় নহল বিভাগটোৰ চৰকাৰী বেতনভোগী বিষয়া কৰ্মচাৰী সকলৰ । পৰিণতিত অন্তিম কৰ্মদিন ৩০জানুৱাৰীত একমাত্ৰ চৰকাৰী কৰ্মচাৰী হিচাবে থকা চকীদাৰ গৰাকীকে প্ৰধান শিক্ষকৰ গুৰু দায়িত্ব অৰ্পণ কৰি অৱসৰ লোৱাৰ বিকল্প পথ হৈছে পগাগৰ বাবে । এখন মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰতি শিক্ষা বিভাগৰ এনে উদাসীন আৰু গুৰুত্বহীন আচৰণত ক্ষুব্ধ অভিভাৱক ,পৰিচালনা সমিতি আৰু মিচিং জাতীয় সংগঠন ।গ্ৰামাঞ্চলিয় শিক্ষা ব্যৱস্থাক তুচ্ছ জ্ঞান কৰি শিক্ষাৰ্থীৰ শৈক্ষিক ভৱিষ্যতকলৈ নির্লজ হেতালি খেলা বৰদলনি শিক্ষা খণ্ড ,লখিমপুৰ জিলা শিক্ষা বিষয়াৰ কাৰ্য্যালয়ৰ এনে জনস্বাৰ্থ বিৰোধী ভূমিকাক এনেবোৰ পক্ষই তীব্ৰ সমালোচনা কৰিছে। কেৱল দৰমহা লবলৈ ক্ষণ গণি থাকি এখন গুৰুত্বপূৰ্ণ চৰকাৰী বিদ্যালয়ত অধ্যয়নৰত শিক্ষাৰ্থী সকলৰ প্ৰতি গ্ৰহণ কৰা বেপৰোৱা আচৰণ সন্দৰ্ভত জিলা আয়ুক্ত গায়ত্ৰী দেৱীৰ কঠোৰ স্থিতি দাবী জনাইছে আৰু শিক্ষকৰ অভাৱত যাতে বিদ্যালয়ৰ পাঠদান এদিনৰ বাবেও বন্ধ নহয় তাৰ প্ৰতি সতৰ্ক হোৱাৰ দাবী জনাইছে অভিভাৱক ,ৰাইজ আৰু মিচিং জাতীয় সংগঠনে । অন্যথাই অকমন্য শিক্ষা বিভাগৰ বিৰুদ্ধে সবল গণতান্ত্ৰিক প্ৰতিবাদ সাব্যস্ত কৰিব বুলি অন্তিম সকীয়নী দিছে শিক্ষানুৰাগী ৰাইজ সংগঠনে।

শিক্ষকৰ অভাৱত বন্ধ হোৱাৰ পথত মধ্য সোৱণশিৰী বালিকা এম ই স্কুল!
নামত আছে নাৰিকল উন্নয়ন ব'ৰ্ডঃ কৃষকেই নাজানে কাৰ্যালয় ক'ত !

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in