ঢকুৱাখনাত কেন্দ্ৰীয় 'মে-ডাম্-মে-ফী'ৰ কাৰ্যসূচী আৰম্ভ...

ঢকুৱাখনাত কেন্দ্ৰীয় 'মে-ডাম্-মে-ফী'ৰ কাৰ্যসূচী আৰম্ভ...

author-image
Asomiya Pratidin
New Update
ঢকুৱাখনাত কেন্দ্ৰীয় 'মে-ডাম্-মে-ফী'ৰ কাৰ্যসূচী আৰম্ভ...

ঢকুৱাখনাত কেন্দ্ৰীয় 'মে-ডাম্-মে-ফী'ৰ কাৰ্যসূচী আৰম্ভ...

ডিজিটেল সংবাদ ঢকুৱাখনা: টাই আহোম জনগোষ্ঠীৰ পুলিন পোথাওসকলৰ স্বৰ্গগত পুন্যাত্মাৰ সশ্ৰদ্ধ স্মৰণৰ অৰ্থে পৰম্পৰাগত ভাবে অনুষ্ঠিত কৰি অহা ধৰ্মীয় পৰ্ব 'মে ডাম মে ফী' ঢকুৱাখনাতো দুদিনীয়া আধ্যাত্মিক কাৰ্যসূচীৰে সোমবাৰৰ পৰা অনুষ্ঠিত হৈছে। ঢকুৱাখনা টাই সাংস্কৃতিক গৱেষণা আৰু বিকাশ কেন্দ্ৰ,অসমৰ প্ৰাংগণত জ্ঞাতি বৰ্গৰ উদ্যোগত অনুষ্ঠিত এই কাৰ্যসূচীৰ প্ৰথম দিনা পুৱা পতাকা উত্তোলন কৰে টাই সাংস্কৃতিক গৱেষণা আৰু বিকাশ কেন্দ্ৰ,অসম ঢকুৱাখনাৰ সভাপতি জীতেন গগৈয়ে।

Advertisment

গৰিষ্ঠ সংখ্যক কৰ্মকর্তা, বিষয়ববীয়া আৰু জ্ঞাতিবৰ্গৰ উপস্থিতিত এই কাৰ্যসূচী সম্পন্ন হোৱাৰ পাছতেই  ঢকুৱাখনা ফুৰালুং সংঘৰ  সম্পাদক অকন গোঁহাইয়ে  'মে-ডাম-মে-ফী'ৰ ফুৰালুং প্ৰতিষ্ঠা কৰে ধৰ্মীয় ৰীতি-নীতিৰে । পৰৱৰ্তী সময়ত টাই সাংস্কৃতিক গৱেষণা আৰু বিকাশ কেন্দ্ৰ,অসম ঢকুৱাখনাৰ উপদেষ্টা লীলা চমুৱাই  বিকাশ কেন্দ্ৰৰ চৌহদত গছপুলি ৰোপনৰ পাছত দুপৰীয়া ঢকুৱাখনাৰ বিভিন্ন শিক্ষানুষ্ঠানৰ শিক্ষাৰ্থীসকলৰ মাজত অনুষ্ঠিত হয় কুইজ,ৰচনা লিখা আৰু চিত্ৰাংকন প্ৰতিযোগিতা।

এই প্ৰতিযোগিতা উদ্বোধন কৰে ঢকুৱাখনা বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক প্ৰফুল্ল চুতীয়াই। দুদিনীয়া কাৰ্যসূচীৰে মঙ্গলবাৰে পুৱা ফুৰালুং পূজাৰ পাছতেই মৈদাম তৰ্পণ অনুষ্ঠান অনুষ্ঠিত হ'ব। ইয়াৰ পাছত 'মে-ডাম-মেফীৰ স্মৃতিগ্ৰন্থ "বান্-ফাই" উন্মোচন কৰিব বিশিষ্ট নাট্য সাধক হেমন্ত বৰপাত্ৰ গোঁহাইয়ে ।

পৰৱৰ্তী সময়ত চাও লুং চ্যুকাফাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কাৰ্যসূচী সম্পন্ন হোৱাৰ পাছতে দুপৰীয়া মুকলি সভা অনুষ্ঠিত হ'ব ।  বিকাশ কেন্দ্ৰৰ সভাপতি জীতেন গগৈ আৰু উদযাপন সমিতিৰ সভাপতি নীলমণি গগৈৰ সভাপতিত্বত অনুস্থিতব্য মুকলি সভাৰ উদ্বোধন কৰিব বিশিষ্ট ক্ৰীড়াবিদ প্ৰিয়ৰাম ফুকনে। 

নিৰ্দ্দিষ্ট বক্তা হিচাবে প্ৰবীণ শিক্ষাবিদ ড০ চন্দ্ৰধৰ বৰুৱা, মুখ্য অতিথি হিচাবে সাংসদ প্ৰদান বৰুৱা, বিধায়ক নৱ দলে , বিশিষ্ট অতিথি হিচাবে মহকুমাধিপতি অৰিন্দম বৰুৱা, মহকুমা আৰক্ষী বিষয়া সৌমেদ্য শুক্লবৈদ্য , ৰাজহ চক্ৰ বিষয়া ৰাহুল দলে আদি বহু কেইগৰাকী প্ৰশাসনিক বিষয়া, সমাজকৰ্মীয়ে সভাত অংশগ্ৰহণ কৰিব। 

সন্ধিয়া বন্তি প্ৰজ্বলনেৰে দুদিনীয়া কাৰ্যসূচীৰ সামৰণি পৰিব।

Also Read: আৰ্থিক অনাটনৰ মাজতে সাজু মনিকাঞ্চন ক্ষেত্ৰঃ কাইলৈৰ পৰা অসম সাহিত্য সভাৰ নাৰায়ণপুৰ অধিৱেশন...

ঢকুৱাখনা মে-ডাম-মে-ফী