আৰ্থিক অনাটনৰ মাজতে সাজু মনিকাঞ্চন ক্ষেত্ৰঃ কাইলৈৰ পৰা অসম সাহিত্য সভাৰ নাৰায়ণপুৰ অধিৱেশন...
আৰ্থিক অনাটনৰ মাজতে সাজু মনিকাঞ্চন ক্ষেত্ৰঃ কাইলৈৰ পৰা অসম সাহিত্য সভাৰ নাৰায়ণপুৰ অধিৱেশন...

আৰ্থিক অনাটনৰ মাজতে সাজু মনিকাঞ্চন ক্ষেত্ৰঃ কাইলৈৰ পৰা অসম সাহিত্য সভাৰ নাৰায়ণপুৰ অধিৱেশন...

ডিজিটেল ডেস্কঃ বিতৰ্কই এতিয়াও লগ এৰা নাই। চৰকাৰে মুকলি কৰি দিয়া নাই আৰ্থিক অনুদান। আয়োজক সমিতিৰ সভাপতিৰ আচৰণ, কৰ্ম-কাণ্ডক লৈ প্ৰতিবাদ আৰু সমালোচনাৰ মাজতেই সাজু হৈ উঠিছে অসম সাহিত্য সভাৰ নাৰায়ণপুৰ অধিৱেশনস্থলী।

অসমৰ অগ্ৰণী সাহিত্য অনুষ্ঠান অসম সাহিত্য সভাৰ ষষ্ঠ সপ্ততিতম পূৰ্ণাংগ অধিৱশেনলৈ মাজত মাজত মাত্ৰ কেইটামান ঘণ্টা। লখিমপুৰৰ বৰখামটি পথাৰৰ মনিকাঞ্চন ক্ষেত্ৰত ৩১ জানুৱাৰী, মঙ্গলবাৰৰ পৰা আৰম্ভ হ’ব অধিৱেশনৰ কাৰ্যসূচী।

কাইলৈ পুৱা ঠিক ৯ বজাত অধিৱেশনস্থলীত উদ্বোধন কৰা হ'ব নামঘৰ। অধিৱেশনস্থলীত নিৰ্মাণ কৰা নামঘৰ উদ্বোধন কৰিব শ্ৰীশ্ৰী উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ শ্ৰীশ্ৰী জনাৰ্দন দেৱগোস্বামীয়ে।

আৰ্থিক অনাটনৰ মাজতে সাজু মনিকাঞ্চন ক্ষেত্ৰঃ কাইলৈৰ পৰা অসম সাহিত্য সভাৰ নাৰায়ণপুৰ অধিৱেশন...
টেটুলৈকে ধাৰত ডুবা ৰাজ্য চৰকাৰে উত্তৰ প্ৰদেশৰ প্ৰকল্পত বিনিয়োগ কৰিব ১ হাজাৰ কোটি...

ইয়াৰ পিছতে স্থানীয় প্ৰায় ১ হাজাৰ শিল্পীয়ে একেলগে পৰিৱেশন কৰিব অসম সংগীত 'চিৰ চেনেহী মোৰ ভাষা জননী'। এই ১০০০ শিল্পীৰ ভিতৰত আছে ৫০০ জ্যেষ্ঠ মহিলা আৰু  ৩০০ যুৱক-যুৱতী, ২০০ শিশু।

আনহাতে পুৱা ৯-৩০ বজাত অনুষ্ঠিত হ'ব ''মে-ডাম-মে-ফী''। ইয়াৰ পিছত আছে মুখ্য আদৰণী দ্বাৰ উদঘাটন।বিশিষ্ট শিক্ষাবিদ গিৰিশ চন্দ্ৰ ভূঞাই উদ্বোধন কৰিব এই মুখ্য প্ৰৱেশ দ্বাৰ।

ইয়াৰ পিছত মুকলি কৰা হ'ব সভাৰ কেন্দ্ৰীয় অস্থায়ী কাৰ্যালয়। এই কাৰ্যালয়ৰ শুভ উদ্বোধন কৰিব মাধৱদেৱ বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত  অধ্যাপক ভূধৰ ফুকনে। ১১ বজাত গ্ৰন্থমেলা উদ্বোধন কৰিব ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে।

ইয়াৰ পিছত ১১-১৫ বজাত বাণিজ্য মেলা উদ্বোধন কৰিব লখিমপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ বিমান চন্দ্ৰ চেতিয়াই। প্ৰদৰ্শনী দ্বাৰ মুকলি কৰিব যুৱ সমাজসেৱী ৰঞ্জিত ভট্টাচাৰ্যই।

বিজ্ঞানে মেলা উদ্বোধন কৰিব ধেমাজি মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ দীপক নেওগে। শিল্পকলা আৰু প্ৰদৰ্শনী মুকলি কৰিব কলাবাৰী মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ প্ৰদীপ শৰ্মাই। 

১২-৪৫ বজাত অনুষ্ঠিত হ'ব প্ৰতিনিধি পঞ্জীয়ন। ইয়াৰ পিছতে মাধৱদেৱ বিশ্ববিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হ'ব সভাৰ অষ্টম পূৰ্ণাংগ কাৰ্যনিৰ্বাহক সভা। এই সভা উদ্বোধন কৰিব আদৰণি সমিতিৰ সভাপতি তথা বিহপুৰীয়াৰ  বিধায়ক ড০ অমিয় কুমাৰ ভূঞাই।

এইদৰে দিনটোত আৰু কেইবাটাও নিৰ্ধাৰিত কাৰ্যসূচী অনুষ্ঠিত হ'ব। যাৰ ভিতৰত আছে তোৰণ মুকলি, প্ৰতিনিধি শিবিৰ মুকলি, আকাশ অনুষ্ঠান আদি। 'আকাশ অনুষ্ঠান' উদ্বোধন কৰিব অসম সাহিত্য সভাৰ উপ-সভানেত্ৰী মৃণালিনী দেৱীয়ে।

আনহাতে এই 'আকাশ অনুষ্ঠান'ৰ সঞ্চালনা কৰিব অসম লেখিকা সমাৰোহ সমিতিৰ উপদেষ্টা ড০ চাৰু চহৰীয়া নাথে। ইয়াৰোপৰি প্ৰথমদিনটোৰ কাৰ্যসূচীৰ তালিকাত আছে 'কথা সাহিত্য সন্মিলন', ড০ সুধাকণ্ঠ সোঁৱৰণী সাংস্কৃতিক অনুষ্ঠান।

সন্ধিয়া ৬ বজাত অনুষ্ঠিত হ'বলগীয়া এই অনুষ্ঠানৰ শুভ উদ্বোধন কৰিব ৰাজ্যৰ সাংস্কৃতিক মন্ত্ৰী বিমল বৰাই। ইফালে এই পৰ্যন্ত আদৰণী সমিতি ধনৰ অভাৱত ভূগিছে। আশা কৰা মতে পুঁজি লাভ কৰা নাই আদৰণি সমিতিয়ে।

তাৰ মাজতেই অধিৱেশনৰ প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে। সাংসদ পল্লৱ লোচন দাসে আজি অধিৱেশনৰ অগ্ৰগতিৰ বুজ ল'বলৈ অধিৱেশনস্থলীত উপস্থিত হৈছেগৈ। আনহাতে সভাৰ সভাপতি কুলধৰ শইকীয়াই ৰাইজক সভাৰ কাৰ্যসূচী ফলপ্ৰসু কৰি তুলিবলৈ দান, বৰঙণি আগবঢ়াবলৈ আহ্বান জনাইছে।  

আৰ্থিক অনাটনৰ মাজতে সাজু মনিকাঞ্চন ক্ষেত্ৰঃ কাইলৈৰ পৰা অসম সাহিত্য সভাৰ নাৰায়ণপুৰ অধিৱেশন...
ধৰ্ষণৰ গোচৰত দোষী সাব্যস্ত হ'ল স্বয়ম্ভু গডমেন আশাৰাম বাপু...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in