/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/c88bb221-8c90-41de-ad00-5f7aa37e3dd2/swahid.jpg)
তিনি শ্বহীদ
ডিজিটেল সংবাদ, ঢকুৱাখনাঃ ৰাজ্যখনৰ দ্বিতীয় বৃহৎ ভৈয়াম জনগোষ্ঠী মিচিং সকলৰ নায্য প্ৰাপ্য বিচৰা জাতীয় সংগ্ৰামখনৰ অক্লান্ত যোদ্ধা, মিচিং জাতীয় সংগঠন টাকাম মিচিং পৰিন কৌবাং, মিচিং মিমাগ কৌবাং আৰু টাকাম মিচিং মিমে কৌবাংৰ তিনি প্ৰাতঃস্মৰণীয় সংগ্ৰামী সত্বাৰ সশ্ৰদ্ধ স্মৰণেৰে শুক্ৰবাৰে ৰাজ্যজুৰি পালন কৰা হৈছে জাতিয় শ্বহীদ দিৱস।
মিচিং জনগোষ্ঠীয় ৰাইজ আৰু মিচিং জাতীয় সংগঠনে এই তিনি গৰাকী বীৰ জাতীয় শ্বহীদৰ আত্মবলিদান আৰু আত্মোৎস্বৰ্গাৰ গুনাণোকীৰ্তনেৰে পবিত্ৰ পুণ্যাত্মাৰ সদগতি কামনা কৰি শুক্ৰবাৰে পালন কৰিছে এই দিৱস ।
স্মৰ্তব্য যে ১৯৯৫ চনৰ ২১ এপ্ৰিলত ঢকুৱাখনা মহকুমাৰ বিলমুখত অনুষ্ঠিত হোৱা মিচিং বানে কৌবাংৰ অধিৱেশনলৈ মিচিং জনগোষ্ঠীক ভুৱা, প্ৰতাৰণামূলক আৰু পুতলা স্বায়ত্ব শাসন প্ৰদানৰ ঘোষণা কৰিবলৈ তদানীন্তন প্ৰয়াত মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ আগমনৰ প্ৰতিবাদ জনাই তিনি মিচিং জাতিয় সংগঠনৰ নেতৃত্বত ৰাজপথলৈ ওলাই আহিছিল হাজাৰ বিজাৰ স্বাধীকাৰ প্ৰয়াসী জনগোষ্ঠীয় ৰাইজ ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/bbfa1d1d-2f4c-4ece-bb8b-d04d78dfd0ea/920923ae_efe2_4a24_a0ea_8483e9dc69b7.jpg)
ৰাইজৰ অপ্ৰতিৰোধ্য প্ৰতিবাদী সত্বাক সশস্ত্ৰ দমন কৰিবলৈ উক্ত দিনা শাসক গোষ্ঠীৰ পালিত আৰক্ষী নিৰাপত্তা বাহিনীয়ে চলোৱা বৰ্বৰ আৰু নিৰ্বিচাৰ নিৰ্যাতন আৰু গুলীবৰ্ষণৰ ফলত তিনি সংগ্ৰামী নেতা ক্ৰমে অৱনৰী ভাটি মেদক গাঁওৰ বগাৰাম মেদক, বকুলা মঘোৱাচুক গাঁওৰ নৰেশ টাইদ আৰু পৰৱৰ্তী সময়ত মিংমাং জেংৰাই গাঁওৰ অঞ্জুমনি পেগুৰ অকাল মৃত্যু ঘটিছিল ।
তেতিয়াৰে পৰা জনগোষ্ঠীটোৰ সকলো জাতীয় সংগঠন আৰু ৰাইজে ২১ এপ্ৰিলৰ দিনটো পালন কৰি আহিছে জাতীয় শ্বহীদ দিৱস হিচাবে। তাৰেই অংশ হিচাপে জাতীয় সংগঠন টি এম পি কে, এম এম কে আৰু টি এম এম কেৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত ধেমাজিৰ কাৰেং চাপৰিত কেন্দ্ৰীয় ভাবে শুক্ৰবাৰে শ্বহীদ দিৱসটো পালন কৰিছে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/567aee42-c4b8-47c0-bdbe-5f149286b2b0/e6742e31_da7d_4dbb_8185_45f73c0ef0bb.jpg)
এখন প্ৰগতিশীল উত্তৰণমুখী স্বগোষ্ঠীয় পৰিশিলীত সমাজ গঠনৰ বাবে জীৱন উৎসৰ্গা কৰা এই ত্রিশ্বহীদৰ শ্ৰদ্ধাশীল স্মৰণ কৰি তিনি জাতীয় সংগঠনকেইটাই পালন কৰা কেন্দ্ৰীয় শ্বহীদ দিৱসৰ প্ৰথম কাৰ্যসূচী পতাকা অৰ্ধনমিত কৰে ক্ৰমে টি এম পি কেৰ সভাপতি ৰাজকুমাৰ মৰাং, এম এম কেৰ উপসভাপতি যগ্যেশ্বৰ কুটুম আৰু টি এম এম কেৰ সভানেত্রী গীতাঞ্জলী বড়িয়ে ।
ইয়াৰ পাছতে শ্বহীদ তৰ্পণ কাৰ্যসূচী শুভাৰম্ভ কৰে টি এম পি কেৰ সাধাৰণ সম্পাদক তিলক দলে, এম এম কেৰ সাধাৰণ সম্পাদক পুৰুষোত্তম দলে আৰু টি এম এম কেৰ সাধাৰণ সম্পাদিকা শৰ্মিলা পায়েং পেগুৱে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/2af7987d-1a51-4356-a234-59f0a326ed61/14525f72_0548_4be1_8996_f2526776400f.jpg)
জোনাই সমষ্টিৰ বিধায়ক ভুৱন পেগু, তিনিও গৰাকী জাতীয় বীৰ শ্বহীদৰ নিকট আত্মীয় উপস্থিত থকা দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচীতে শ্বহীদসকলৰ আত্মীয় স্বজনৰ লগতে কাৰেং চাপৰিৰ ১৬ শ বিঘা ভূমি বনানীকৰণৰে চিৰসেউজ কৰাৰ বাবে জাতীয় সংগঠনক অৰ্পণ কৰা কাৰেং চাপৰিবাসীক কৃতজ্ঞতা জনাই সম্বৰ্ধনা জ্ঞাপন আৰু মানপত্ৰ প্ৰদান কৰে জাতিয় সংগঠন কেইটাই ।
ইয়াৰ পাছতেই কেন্দ্ৰীয় সমিতিৰ নেতৃবৰ্গই অভ্যাগত সকলৰ সহযোগত কাৰেং চাপৰিবাসীয়ে সংগঠনলৈ দান সূত্ৰে আগবঢ়োৱা প্ৰায় ১৬ শ বিঘা ভূমিত গছপুলি ৰোপণ কৰে ।
ইয়াৰোপৰি এই দিৱসৰ সৈতে সংগতি ৰাখি শনিবাৰে এই বিশাল ভূখণ্ডত জনগোষ্ঠীয় ৰাইজৰ সহযোগিতাৰে জাতীয় সংগঠনৰ উদ্যোগত মুঠ ১লাখ গছপুলি ৰোপণ কৰিব বুলি সভাত ঘোষণা কৰে কেন্দ্ৰীয় নেতৃবৰ্গই ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/961dcdbc-af8f-474b-a584-0492dab1e512/e6742e31_da7d_4dbb_8185_45f73c0ef0bb.jpg)
ইপিনে সংগঠন কেইটাৰ আঞ্চলিক সমিতি সমূহেও নিজ নিজ অঞ্চলত পালন কৰিছে এই শ্বহীদ দিৱস ।
তাৰেই অংশ হিচাপে তিনিওটা জাতীয় সংগঠনৰ ঢকুৱাখনা জিলা সমিতিৰ অন্তৰ্গত ৩৩ খন আঞ্চলিক সমিতিৰ উদ্যোগত নিজ নিজ এলেকাত শুক্ৰবাৰে পুৱা পালন কৰিছে এই দিৱস।
পুৱা গছপুলি ৰোপণ, শ্বহীদ তৰ্পণ, সংগঠনৰ পতাকা অৱনমন আৰু স্মৃতিচাৰণ সভা অনুষ্ঠিত কৰাৰ লগতে শ্বহীদ স্মাৰক মুকলি সভাও অনুষ্ঠিত কৰি চাকি বন্তি প্ৰজ্বলন কৰি শ্বহীদৰ চৰম আত্ম বলিদানৰ সঠিক মূল্যায়ন কৰাৰ সংকল্প গ্ৰহণ কৰা হয় ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/8e2a4f44-bd49-453d-ad66-c88f4702d80d/6223538b_a550_4041_a936_cf24d1555c07.jpg)
Also Read: পেঞ্চনৰ বাবে খালী ভৰিৰে কেইবা কিলোমিটাৰ খোজ কাঢ়ি গ'ল বয়সে কুঁজা কৰি পেলোৱা বৃদ্ধা