গোগামুখ-ঘিলামৰাত চিমেণ্টৰ চোৰাং বেহা : ৰাজপথত চিমেণ্ট বিক্ৰী,টকা লৈ উধাও চালক

গোগামুখ-ঘিলামৰাত চিমেণ্টৰ চোৰাং বেহা : ৰাজপথত চিমেণ্ট বিক্ৰী,টকা লৈ উধাও চালক

ডিজিটেল সংবাদ,ঢকুৱাখনা : নিষিদ্ধ ড্ৰাগছ ,ভাং, অৰুণাচলী সুৰা, ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ চাউল আদিৰ পাছত এইবাৰ চিমেণ্টৰ এক চোৰাং বেহা বহিছে গোগামুখ আৰু ঘিলামৰাত। জানিব পৰামতে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ গোগামুখৰ পৰা ঘিলামৰা সংযোগী ২২নং ৰাজ্যিক ঘাইপথৰ এক সুনিৰ্দিষ্ট স্থানত এই চোৰাং বেহা অৱধাৰিতভাৱে চলি আহিছে।

গোগামুখ আৰু ঘিলামৰা আৰক্ষীৰ জ্ঞাতসাৰে দিন দুপৰতে এনে অবৈধ চোৰাং বেহা দীৰ্ঘদিন ধৰি চলাৰ কথা পোহৰলৈ আহিছে। উল্লেখ্য যে বহু গোচৰো চলি আছে এনে ধুৰন্ধৰ চক্ৰৰ বিৰুদ্ধে।

শেহতীয়াকৈ সাংবাদিকৰ গোপন অভিযানৰ কালচোৱাত ষ্টাৰ চিমেণ্টৰ এক চোৰাং বেহা পোহৰলৈ আহিছে। এ এছ ০১-কিউ চি- ০৮৭৯ নম্বৰৰ এখন ট্ৰাকে মুঠ ১হাজাৰ বেগ ষ্টাৰ চিমেণ্ট লৈ বৃহস্পতিবাৰে বিয়লি উপস্থিত হয় গোগামুখ-ঘিলামৰা ৰাজ্যিক ঘাইপথৰ বিশেষ অংশত।

লখিমপুৰ সদৰৰ শ্ৰী জগডম্বা হাৰ্ডৱেৰ ষ্টৰৰ নামত অহা এই বৃহৎ পৰিমাণৰ ষ্টাৰ চিমেণ্টভৰ্তি ট্ৰাকখনে ঘিলামৰাৰ পি চি ষ্টৰলৈ আনলোড কৰিবলৈ আহি থকা অৱস্থাতে চোৰাংভাৱে বৃহস্পতিবাৰে দুপৰীয়া ৰাজ্যিক ঘাইপথৰ ওপৰৰ বিশেষ স্থানত প্ৰায় ১৫০ বেগ চিমেণ্ট বিক্ৰী কৰা বুলি জানিব পৰা গৈছে। এক বিশেষ মধ্যভোগীৰ জৰিয়তে দুগৰাকী হাৰ্ডৱেৰ ব্যৱসায়িক প্ৰতি বেগত ৩০০ টকাকৈ, ১৫০বেগ চিমেণ্ট বিক্ৰী কৰে।

অতি ন্যূনতম দামত বৃহৎ পৰিমাণৰ চিমেণ্ট লাভ কৰি দুই ব্যৱসায়ীযে দুখন টাটা ম'বাইল আৰু ট্ৰেক্টৰৰ জৰিয়তে প্ৰতি বেগত ৩০০ টকা লাভ কৰা উক্ত পৰিমাণৰ চিমেণ্ট লগে লগে নিজ নিজ গুদামলৈ প্ৰেৰণ কৰে। ইয়াৰ পৰৱৰ্তী সময়ত একেজন মধ্যভোগী দালালে যোগাযোগ কৰি দিয়া এগৰাকী ব্যক্তিক ট্ৰাক চালক মনোজ বৰাই ঘিলামৰা আৰক্ষী থানাৰ এলেকাৰ ভিতৰৰ ৰাজপথৰ এক স্থানত উপস্থিত হৈ অন্য এজন ব্যৱসায়ীক ১৫০ বেগ চিমেণ্ট বিক্ৰী কৰে একে দামত।

এইদৰে মুঠ ৩০০বেগ চিমেণ্টৰ চোৰাং বিক্ৰী কৰি আৰ্জিত প্ৰায় ৯০ হাজাৰ নগদ ধনসহ চালক মনোজ বৰাই ট্ৰাকখন লৈ ঘিলামৰা অভিমুখে যাত্ৰা কৰে। ঘিলামৰা থানাৰ সমীপত ৰাজপথৰ দাঁতিত ট্ৰাকখন ৰাখি গাড়ীতে চাবি থৈ এইবাৰ উধাও হয় চালক মনোজ বৰা।

এই সন্দৰ্ভত চলোৱা অভিযান কালত সমস্ত চোৰাং বেহাৰ গোপন ভি ডি অ' সংগ্ৰহ কৰিবলৈ সাংবাদিক সক্ষম হয়। অৱশ্যে পৰৱৰ্তী সময়ত অৱশিষ্ট ৭০০ বেগ চিমেণ্ট ঘিলামৰাৰ প্ৰকৃত ব্যৱসায়ী পি চি ষ্টৰৰ গুদামলৈ নিয়া হয়।

বিভাগীয় এফ ২১২০০০ ৯৭৪২৫ নম্বৰৰ (ইনভইচ )চালান অনুসৰি ১০০০ বেগ চিমেণ্ট অনা ট্ৰাকখনত মাত্ৰ ৭০০ বেগহে চিমেণ্ট লাভ কৰে ঘিলামৰাৰ প্ৰকৃত ব্যৱসায়ীজনে । ইপিনে শুকুৰবাৰে দুপৰীয়ালৈকে ঘিলামৰা থানাৰ সন্মুখত ট্ৰাকখন ৰাখি থোৱাৰ পাছত ঘিলামৰা আৰক্ষী থানাৰ চৌহদলৈ ট্ৰাকখন নি কিছু সময় ৰখাৰ পাছত আৰক্ষীয়ে কোনো বিধিগত ব্যৱস্থা গ্ৰহণ নকৰাকৈ মালিকৰ উপস্থিতিত ট্ৰাকখন বেলেগ চালকৰ জৰিয়তে ৰহস্যজনকভাৱে গোগামুখলৈ প্ৰেৰণ কৰে।

ইপিনে এই সন্দৰ্ভত ট্ৰাক পৰিবহন সংস্থাৰ লগতে ট্ৰাকৰ স্বত্বাধিকাৰীৰ বিষয়টো অৱগত হোৱাত শুকুৰবাৰে ঘিলামৰাত উপস্থিত হয় গুৱাহাটীৰ বেলতলা, জটিয়াৰ সত্তা কুমাৰ মাহতোৰ পুত্ৰ কৃষ্ণ কুমাৰ মাহতো । স্বত্বাধিকাৰীজনে চালক মনোজ বৰাই সংঘটিত কৰা এই চোৰাং বেহা সন্দৰ্ভত ঘিলামৰা আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে।

কিন্তু ঘিলামৰা থানাৰ সন্মুখতে ট্ৰাকখন উদ্ধাৰ হোৱা সত্বেও ঘিলামৰা আৰক্ষীয়ে ঘটনাৰ স্থান ঘিলামৰা থানা এলেকাৰ নহয় বুলি এজাহাৰকাৰীক কৈ গোগামুখ থানালৈ যাবলৈ পৰামৰ্শ দি দায়িত্ব এৰাব বিচাৰে। বিব্ৰত স্বত্বাধিকাৰীগৰাকীয়ে শনিবাৰে গোগামুখ থানাত উপস্থিত হৈ এই সন্দৰ্ভত এক গোচৰ ৰুজু কৰে।

তাৎপৰ্যপূৰ্ণ বিষয় হ'ল ঘিলামৰা আৰু গোগামুখ থানা এলেকাৰ দুটা স্থানত এই চোৰাং বেহা চলিছিল। কিন্তু ঘিলামৰা থানাই ঘিলামৰা থানা এলেকাত এই ঘটনা সংঘটিত নোহোৱা বুলি দায়িত্বহীন মন্তব্য কৰি কিয় গোগামুখ থানালৈ গোচৰিয়াক পঠালে সেয়া এক ৰহস্যৰ বিষয় হিচাপে ধৰা দিছে ।

সংগৃহীত তথ্যমতে ঘিলামৰা থানা এলেকাত এজন ব্যক্তিয়ে ক্ৰয় কৰা চোৰাং চিমেণ্টখিনি এটা গুদামত এতিয়াও মজুত আছে। কিন্তু আৰক্ষীৰ জালত পৰাৰ ভয়ত উক্ত স্থানৰ পৰা স্থানান্তৰ কৰাৰ ক্ষণ গণি আছে।

ৰাজপথৰ ওপৰত চোৰাং বেহা চলাৰ প্ৰামানিক তথ্য থকাৰ পাছতো ঘিলামৰা আৰক্ষীয়ে গোচৰ পঞ্জীয়ন কৰিবলৈ সাহস নকৰা আৰু এই সন্দৰ্ভত ভিজা মেকুৰীৰ ভাও দিয়া স্থিতিক ৰাইজে সহজ ভাবে লোৱা নাই। গোগামুখ আৰক্ষীয়ে এই সন্দৰ্ভত কি সক্ৰিয়তা প্রদর্শন কৰি হৰলুকী হোৱা ৩০০ বেগ চিমেণ্ট উদ্ধাৰ কৰিবলৈ সক্ষম হয়, সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব।

গোগামুখ-ঘিলামৰাত চিমেণ্টৰ চোৰাং বেহা : ৰাজপথত চিমেণ্ট বিক্ৰী,টকা লৈ উধাও চালক
এ পি এছ চি কেলেংকাৰীৰে অভিযুক্ত ৩গৰাকী ৰাজপত্ৰিত বিষয়াৰ বিৰুদ্ধে অভিযোগনামা দাখিল

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in