ঢকুৱাখনাত পুৰণি পেঞ্চন নীতি বাহাল ৰখাৰ দাবীত ক'লা দিৱস পালন...

ঢকুৱাখনাত পুৰণি পেঞ্চন নীতি বাহাল ৰখাৰ দাবীত ক'লা দিৱস পালন...

author-image
Asomiya Pratidin
New Update
ঢকুৱাখনাত পুৰণি পেঞ্চন নীতি বাহাল ৰখাৰ দাবীত ক'লা দিৱস পালন...

ঢকুৱাখনাত পুৰণি পেঞ্চন নীতি বাহাল ৰখাৰ দাবীত ক'লা দিৱস পালন...

ডিজিটেল সংবাদ ঢকুৱাখনা: ৰাজ্যখনৰ কৰ্মচাৰীসকলৰ অভিভাৱক সংগঠন সদৌ অসম কৰ্মচাৰী পৰিষদৰ আহ্বান মৰ্মে বুধবাৰে ৰাজ্যখনৰ লগতে ঢকুৱাখনা জিলা কৰ্মচাৰী পৰিষদৰ উদ্যোগত ক'লা দিৱস পালন কৰা হয় । ৰাজ্যখনৰ কৰ্মচাৰীসকলৰ নাৰ্য প্ৰাপ্য অধিকাৰ খৰ্ব কৰি পুৰণি পেঞ্চন নীতি বাতিল কৰা কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ কৰ্মচাৰী বিৰোধী আৰু হঠকাৰী সিদ্ধান্ত প্ৰত্যাহাৰ কৰাৰ দাবীত কৰ্মচাৰী পৰিষদে অব্যাহত ৰাখি অহা ধাৰাবাহিক গণতান্ত্ৰিক সংগ্ৰামৰ অংশ হিচাপে বুধবাৰে আহ্বায়িত ক'লা বেজ পৰিধান কৰি ক'লা দিৱস পালন কাৰ্যসূচী ঢকুৱাখনা মহকুমাত সামগ্ৰিক ভাৱে পালিত হয়।

Advertisment

ঢকুৱাখনা জিলা কৰ্মচাৰী পৰিষদৰ উদ্যোগত মুঠ ৭খন আঞ্চলিকৰ ডেৰ সহস্ৰাধিক শ্ৰমিক ,শিক্ষক, বিষয়া, কৰ্মচাৰীয়ে ক'লা বেজ পৰিধান কৰি কৰ্তব্যত উপস্থিত থাকি ক'লা দিৱস হিচাবে বুধবাৰৰ দিনটো পালন কৰে । ৰাজ্যখনৰ লক্ষ লক্ষ কৰ্মচাৰীৰ নাৰ্য প্ৰাপ্য অধিকাৰ স্বৰূপ 'পুৰণি পেঞ্চন আঁচনি'(অ পি এছ) বাতিল কৰি প্ৰৱৰ্তন কৰা 'নতুন পেঞ্চন আঁচনি'(এন পি এছ)ক এক আত্মঘাতীমূলক সিদ্ধান্ত হিচাবে আখ্যা দি ঢকুৱাখনা জিলা কৰ্মচাৰী পৰিষদৰ সভাপতি অতুল চুতীয়া আৰু সম্পাদক সুনীল কুমাৰ দত্তই  খাতিখোৱা নিষ্ঠাবান কৰ্মচাৰীসকলৰ স্বাধীকাৰ খৰ্ব কৰি প্ৰৱৰ্তন কৰা "নতুন পেঞ্চন আঁচনি" তৎকালে বাতিল কৰাৰ দাবী জনায় চৰকাৰক।

নেতৃদ্বয়ে কৰ্মচাৰীসকলৰ পেঞ্চন কোনো চৰকাৰী অনুদান কিম্বা সাহায্য নহয় , ই এগৰাকী নিষ্ঠাবান কৰ্মচাৰীয়ে আগবঢ়াই অহা নিষ্ঠামূলক সেৱাৰ বিপৰীতে লাভ কৰা অধিকাৰ বুলি কৈ এই অধীকাৰ লাভৰ পথত হেঙাৰ হৈ থিয় দিয়া চৰকাৰৰ অবিবেচকী ভূমিকাক কটু সমালোচনা কৰে। পৰিষদৰ নেতৃবৰ্গই শীঘ্ৰে নতুন পেঞ্চন আঁচনি বাতিল কৰি পুৰণি পেঞ্চন আঁচনি বাহাল ৰখাৰ দাবী উত্থাপন কৰি অন্যথাই আহিবলগীয়া সময়ত নাৰ্য অধিকাৰ সাব্যস্ত কৰাৰ দাবীত ধাৰাবাহিক গণতান্ত্ৰিক সংগ্ৰাম চলাই যোৱাৰ সকীয়নী প্ৰদান কৰে।

Also Read: পথ দুৰ্ঘটনাই প্ৰাণ কাঢ়িলে পলাশৰ...

ঢকুৱাখনা পুৰণি পে়ঞ্চন নীতি পেঞ্চন নীতি