লখিমপুৰ বিজেপিত খহনীয়াঃ বিজেপি, RSS নেতাৰ কংগ্ৰেছত যোগদান...

লখিমপুৰ বিজেপিত খহনীয়াঃ বিজেপি, RSS নেতাৰ কংগ্ৰেছত যোগদান...
লখিমপুৰ বিজেপিত খহনীয়াঃ বিজেপি, RSS নেতাৰ কংগ্ৰেছত যোগদান...

ডিজিটেল সংবাদ লখিমপুৰঃ দলীয় অন্তঃকন্দলৰ পৰিপ্ৰেক্ষিতত বিজেপি ত্যাগ কৰিছে লখিমপুৰ বিজেপিৰ ভালে কেইজন বিজেপিৰ জ্যেষ্ঠ নেতাই ৷ ন বিজেপিৰ দপদপনিত পুৰণি জ্যেষ্ঠ বিজেপি কৰ্মী অৱহেলিত হোৱাৰ অভিযোগ তুলি লখিমপুৰ বিজেপিৰ পৰা এমাহ পূৰ্বে পদত্যাগ কৰা বিজেপিৰ প্ৰাক্তন জিলা সভাপতি কুশ শৰ্মা,প্ৰাক্তন উপ-সভাপতি নাৰায়ণ বৰুৱা, আৰ এছ এছৰ প্ৰশিক্ষণপ্ৰাপ্ত তথা সাধাৰণ সম্পাদক জ্যোতি বৰগোহাঁই, মিডিয়া চেলৰ কোঅৰ্ডিনেটৰ নিত্য মিলি, কিষাণ মৰ্চাৰ সভাপতি তথা আৰ এছ এছৰ কৰ্মী কুশল হাজৰিকাই আজি কংগ্ৰেছত যোগ দিয়ে ৷

ভোগপুৰস্থিত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ বাসগৃহত এই বিজেপি, আৰ এছ এছ নেতাসকলে কংগ্ৰেছত যোগদান কৰে। উল্লেখ্য যে এই আটাইকেই জনে বিজেপি নেতাৰে জিলাখনত দলটোক শক্তিশালী কৰাত গুৰুত্বপূৰ্ণ ভূমিকা আছিল।

তেওঁলোকে ২০১০ চনৰ পৰা বিজেপি দলত সেৱা আগবঢ়াই আছিল ৷ ২০১৬ চনৰ বিধান সভা আৰু ২০১৯ চনৰ লোক সভাৰ লগতে ২০১৪ চনৰ নিৰ্বাচনত অশেষ কষ্ট আৰু ত্যাগ কৰিছিল ৷ এই সকলৰ নেতাৰ উপৰিও জিলাখনৰ মুঠ ১৫ জন বিজেপিৰ বিভিন্ন পদবীৰ কাৰ্যকৰ্তাই কংগ্ৰেছত যোগ দান কৰিছে৷

লখিমপুৰ বিজেপিত খহনীয়াঃ বিজেপি, RSS নেতাৰ কংগ্ৰেছত যোগদান...
চীনৰ দাবী চন্দ্ৰৰ দক্ষিণ মেৰুত অৱতৰণ কৰা নাই 'চন্দ্ৰযান-৩'...

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in