Advertisment

ঢকুৱাখনাত বিজেপিৰ আইন কোষৰ বৈঠক

ভাৰতীয় জনতা পাৰ্টিৰ ঢকুৱাখনা জিলা সমিতিৰ এক গুৰুত্বপূৰ্ণ সাংগঠনিক অংশ আইন কোষ।

author-image
Asomiya Pratidin
New Update
ঢকুৱাখনাত বিজেপিৰ আইন কোষৰ বৈঠক

ডিজিটেল সংবাদ,ঢকুৱাখনাঃ ভাৰতীয় জনতা পাৰ্টিৰ ঢকুৱাখনা জিলা সমিতিৰ এক গুৰুত্বপূৰ্ণ সাংগঠনিক অংশ আইন কোষ। ঢকুৱাখনা জিলা বিজেপিৰ সাংগঠনিক বুনিয়াদ সবলীকৰণ, গেৰুৱা চৰকাৰখনৰ প্ৰৱৰ্তিত বিভিন্ন জনকল্যানমূলক আঁচনিৰ সন্দৰ্ভত সমাজৰ সকলো শ্ৰেণীৰ নাগৰিকৰ মাজত অৱগতকৰণকে ধৰি বিভিন্নজন হিতৈষী কৰ্তব্য সমাপনৰ হেতু গঠিত এই জিলা আইন কোষৰ এখন গুৰুত্বপূৰ্ণ বৈঠক সোমবাৰে ঢকুৱাখনাত অনুষ্ঠিত হয় ।

Advertisment

ঢকুৱাখনা জিলা বিজেপিৰ কাৰ্য্যালয়ত অনুষ্ঠিত এই গুৰুত্বপূৰ্ণ বৈঠকত সভাপতিত্ব কৰে ঢকুৱাখনা জিলা সমিতিৰ আহ্বায়ক তথা জ্যেষ্ঠ অধিবক্তা প্ৰশান্ত হিলৈদাৰীযে । গেৰুৱা দলটোৰ ৰাজ্যিক আইন কোষৰ সহকাৰী আহ্বায়িকা সত্যৱতী কোঁৱৰ, লখিমপুৰ জিলা আইন কোষৰ প্ৰভাৰী দীপ্ত প্ৰসাদ গোস্বামী ,সদস্য গৌতম জ্যোতি শইকীয়া আৰু বিতোপন দেউৰী ,ঢকুৱাখনা জিলা আইন কোষৰ সহকাৰী আহ্বায়ক অধিবক্তা অনিল দত্ত ,সুনীল বৰুৱা ,কাৰ্ত্তিক দেৰ লগতে জিলা বিজেপিৰ সভাপতি প্ৰদীপ চমুৱা উপস্থিত থাকি গুৰুত্বপূৰ্ণ পৰ্য্যালোচনাত মিলিত হয় । সভাত জিলা আইন কোষৰ কৰণীয়তা আৰু সমাজ দায়বদ্ধ কৰ্ম আঁচনিৰ সন্দৰ্ভত বিস্তৃত আলোচনা কৰা হয় ।

Also Read: আমাক তেওঁলোকে অস্পৃশ্য বুলি গণ্য কৰে, মোক গ্ৰেপ্তাৰৰ পৰিকল্পনা ২০২২ ৰ পৰাই ৰচিছেঃ হেমন্ত চোৰেন

law cell dhakuakhana bjp