ঢকুৱাখনাত চৰকাৰে নিষিদ্ধ কৰা গামোচাৰে সম্বৰ্ধনা বিজেপিৰ...

অসমীয়া সমাজ জীৱনত মান্যতাসূচক বস্ত্ৰ হিচাপে গামোচাক গণ্য কৰি জাতীয় বস্ত্ৰৰ মৰ্যাদা দিয়া পৰম্পৰা প্ৰাচীন ।
সম্বৰ্ধনা
সম্বৰ্ধনা

ডিজিটেল সংবাদ, ঢকুৱাখনা: অসমীয়া সমাজ জীৱনত মান্যতাসূচক বস্ত্ৰ হিচাপে গামোচাক গণ্য কৰি জাতীয় বস্ত্ৰৰ মৰ্যাদা দিয়া পৰম্পৰা প্ৰাচীন । অসমীয়া জাতিৰ স্বাভিমানী লোকবস্ত্ৰ হিচাপে মান্যতা প্ৰদান কৰি অহা স্বকীয়তা আৰু নিজস্ব গৰিমা সম্পন্ন এই গামোচা প্ৰদানৰ জৰিয়তে সৰ্বোচ্চ মান্যতা যাচি অহা যাউতি-যুগীয়া পৰম্পৰা যেন  সোমবাৰে পদপিষ্ট হ'ল ঢকুৱাখনাত।

সম্বৰ্ধনা
সম্বৰ্ধনা

লোক দৃষ্টিত কেৱল বাহবাহ ল'বলৈ সোমবাৰে দুপৰীয়া ঢকুৱাখনা মহকুমা পুথিভঁৰাল প্ৰেক্ষাগৃহত ঢকুৱাখনা মণ্ডল ভাৰতীয় জনতা পাৰ্টিৰ উদ্যোগত অনুষ্ঠিত এক সম্বৰ্ধনা সভাত সেয়াই সু-স্পষ্ট হোৱাই নহয় এটা শাসক দলৰ এনে দায়িত্বহীন পদক্ষেপে কাললৈ কুখ্যাতি অৰ্জন কৰা বুলিও সৰৱ চৰ্চা হৈছে । বিৱৰণি মতে ঢকুৱাখনা মণ্ডল বিজেপিৰ উদ্যোগত সোমবাৰে আহ্বান কৰা হৈছিল এক বিশেষ সম্বৰ্ধনা সভা । 

সম্বৰ্ধনা
সম্বৰ্ধনা

ঢকুৱাখনাৰ পৰা "মেগা বিহু" প্রদর্শনৰ বাবে গুৱাহাটীলৈ যোৱা বিহুৱা-বিহুৱতীসকলৰ লগতে নতুনকৈ বিভিন্ন পদত নিযুক্তি লাভ কৰা যুৱক-যুৱতীসকলক সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যেৰে বিজেপি দলটোৰ উদ্যোগত অনুষ্ঠিত কৰা হৈছিল সভা।  প্ৰাথমিক দৃষ্টিত এয়া এক নিশ্চিতভাৱে এক প্ৰেৰণাদায়ক আৰু প্ৰশংসনীয় পদক্ষেপ হিচাপে পৰিগণিত হৈছিল । কিন্তু বাস্তৱত এয়া এক পালমৰা পদক্ষেপলৈ পতিত হ'ল ।

সম্বৰ্ধনা
সম্বৰ্ধনা

কিয়নো সম্বৰ্ধিতক চৰকাৰীভাৱে নিষিদ্ধ ঘোষণা কৰা পাৱাৰলুম নিৰ্মিত বৰ্জনীয় গামোচাৰে বিভূষিত কৰা হয় । ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহক বসন্ত শইকীয়াৰ শুভেচ্ছা মূলক ভাষণ, ঢকুৱাখনা জিলা বিজেপিৰ সভাপতি প্রদীপ চমুৱাৰ উদ্বোধনী ভাষণেৰে অনুষ্ঠিত সম্বৰ্ধনা অনুষ্ঠানত আয়োজক মণ্ডল বিজেপিৰ সভাপতি সুনীল দলেয়ে সভাপতিত্বত  কৰিছিল।

জনাকীৰ্ণ অনুষ্ঠানত গেৰুৱা দলৰ জ্যেষ্ঠ নেতা যতীন বৰুৱা, লক্ষেশ্বৰ সোণোৱাল, পৌৰপতি ৰাজীৱ দাস, বিধায়কৰ প্ৰতিনিধি বজ্ৰ বলে, মহিলা নেত্ৰী ৰুমী গগৈ, জ্যেষ্ঠ নাগৰিক পূৰ্ণানন্দ গগৈ, ভোলা নাথ গগৈকে প্ৰমুখ্য কৰি গৰিষ্ঠ সংখ্যক দলীয় নেতা আৰু নাগৰিক উপস্থিত আছিল।

ঢকুৱাখনা মণ্ডলৰ অন্তৰ্গত এই  বিশেষ সম্বৰ্ধনা অনুষ্ঠানত শাসক দলটোৱে মান্যতা প্ৰদানৰ নামত এখন কৈ চৰকাৰ বৰ্জিত পাৱাৰলুমৰ গামোচা প্ৰদান কৰি সস্তীয়া জনপ্ৰিয়তা অর্জনৰ বাবে কৰাৰ পাছতেই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । কেৱল প্ৰেক্ষাগৃহতে নহয় এই নিকৃষ্ট প্ৰয়াসৰ ব্যাপক চৰ্চা চলিছে ঢকুৱাখনাবাসীৰ মাজতো।

দলীয় সূত্ৰই জনোৱা মতে প্ৰায় শতাধিক বিহুৱা-বিহুৱতী আৰু মুঠ ১২০ গৰাকী নতুনকৈ নিযুক্তি প্ৰাপকক এই সম্বৰ্ধনা জনোৱা হৈছে। কিন্তু কি কাৰণত এনে ব্যৱহাৰৰ অযোগ্য এখন নিষিদ্ধ ঘোষিত গামোচা প্ৰদানেৰে শাসক দলটোৱে এই পালমৰা দুষ্কাৰ্য সংঘটিত কৰিলে সেই সন্দৰ্ভত দায়িত্বশীল পক্ষ নিমাত । 

গ্ৰাম্য অৰ্থনীতি সৱলীকৰণৰ লগতে গ্ৰাম্য মহিলা শিপিনী সকলক স্বাৱলম্বী কৰাৰ এক আশাব্যঞ্জক সুৰুঙা থকা এই  থলুৱা গামোচা ব্যৱহাৰ আৰু ক্ৰয়-বিক্ৰয় প্ৰক্ৰিয়াটোক মাধমাৰ সোধাই শাসক দলটোৱে কৰা এনে অবিবেচকী কাণ্ডত ক্ষুব্ধ বহু সংখ্যক সম্বৰ্ধিত আৰু ৰাইজ । "শুকুতাকে মুকুতা"লৈ ৰূপান্তৰ ঘটাই ৰজাঘৰীয়াই কৰা এনে দৃষ্টিকটু আৰু তৰল পদক্ষেপৰ সন্দৰ্ভত সংবাদমাধ্যমে এগৰাকী উপস্থিত বিশিষ্ট জ্যেষ্ঠ নাগৰিকক প্ৰতিক্ৰিয়া জানিবলৈ বিচৰাত তাৎপৰ্যপূৰ্ণ আৰু ব্যংগাত্মক মন্তব্যৰে কলে, "সিংহ বনৰ ৰজা। যি ইচ্ছা সেয়াই আইন। মন গ'লে পোৱালি দিব আৰু মন গ'লে কণী পাৰিব। শাসক দলৰ চৰকাৰে তেতিয়া বৰ্জন কৰিছিল এতিয়া প্ৰয়োজন হৈছে আদৰি লৈছে ।" 

যি দলৰ চৰকাৰে বৰ্হিৰাজ্যত উৎপাদিত এনে গামোচা সদৃশ বস্ত্ৰ বিৰোধী অভিযান চলাই থলুৱা ৰাইজৰ মনোযোগ আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল । সেইটো দলৰে উদ্যোগত ঢকুৱাখনাত আয়োজিত এক বিশেষ সম্বৰ্ধনা অনুষ্ঠানত এনেদৰে বৰ্জিত গামোচা সংগ্ৰহ কৰি প্ৰদান কৰা কাৰ্য দৰাচলতে নিন্দনীয়  বুলি ব্যাপক চৰ্চা ইতিমধ্যেই হৈছে।

বিধায়ক নব দলেৰ অনুপস্থিতিত হিতে বিপৰীত হোৱা এই সম্বৰ্ধনা অনুষ্ঠানকলৈ সূত্ৰপাত ঘটা বদনাম অসন্তুষ্টি কি দৰে বিধায়ক গৰাকীয়ে গ্ৰহণ কৰে সেয়া পৰৱৰ্তী সময়ত ঢকুৱাখনাবাসীৰ বাবে হ'ব লক্ষণীয় ।

সম্বৰ্ধনা
উত্তৰ-পূববাসী লৈ সুখবৰঃ বন্দে ভাৰত এক্সপ্রেছৰ মুকলি...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in