ঢকুৱাখনাত বীৰাংগনা সতী সাধনী দিৱস...

ঢকুৱাখনাত বীৰাংগনা সতী সাধনী দিৱস...

ডিজিটেল সংবাদ, ঢকুৱাখনাঃ অসমৰ ভূমিপুত্ৰ খিলঞ্জীয়া জনগোষ্ঠী চুতীয়াসকলৰ প্ৰবাদী সামৰিক সংগঠক,মহীয়সী নাৰী বীৰাংগনা সতী সাধনীৰ পবিত্ৰ স্মৃতিত ১৯২৫ চনৰে পৰা উদযাপিত হৈ আহিছে সতী সাধনী দিৱস। প্ৰতি বছৰে ৭ব'হাগৰ দিনটো জনগোষ্ঠীটোৰ পিতৃ আৰু ভাতৃ সংগঠন সমূহৰ যৌথ উদ্যোগত উদযাপিত হৈ অহা এই দিৱসটো এইবাৰো ঢকুৱাখনাত উদযাপনৰ ব্যাপক প্ৰস্তুতি চলিছে।

ঢকুৱাখনা জিলা ভিত্তিত ঢকুৱাখনা মহকুমাৰ মদাৰগুৰি  তিনিআলিস্থিত ৰাজহুৱা ৰংগমঞ্চত পূব ঢকুৱাখনা আৰু হাৰ্হি আঞ্চলিক জাতি সন্মিলনৰ আতিথ্যত, ঢকুৱাখনা জিলা চুতীয়া জাতি মহিলা সন্মিলন,যুৱ সন্মিলন আৰু মহকুমা ছাত্ৰ সন্থাৰ সহযোগত ৫০০ সংখ্যক সতী সাধনী দিৱসটো মদাৰগুৰি ৰাজহুৱা ৰঙ্গমঞ্চত ৭ব'হাগ শনিবাৰ অৰ্থাৎ ২০ এপ্রিলত উদযাপন কৰা হ'ব।

উক্তদিনা পুৱা চাফাই অভিযান, গছপুলি ৰোপণৰ পাছতে মুখ্য দ্বাৰ উন্মোচন কৰিব ঢকুৱাখনা জিলা চুতীয়া জাতি সন্মিলনৰ প্ৰাক্তন সাধাৰণ সম্পাদক অতুল চুতীয়াই। পুৱা ৯ বজাত পতাকা উত্তোলন কৰিব ঢকুৱাখনা জিলা চুতীয়া জাতি সন্মিলনৰ সভাপতি দিব্য খনিকৰে। ইয়াৰ পাছতেই সতী সাধনীৰ প্ৰতিচ্ছবিত মাল্যৰ্পণ কৰিব চুতীয়া উন্নয়ন পৰিষদৰ সদস্যা ৰূপাঞ্জলী চুতীয়াই। পৰৱৰ্তী সময়ত দেওকুবেৰ পূজাভাগ পৰিচালনা কৰিব বৰদেউৰী ডিম্বেশ্বৰ চুতীয়া, সৰু দেউৰী বিদ্যুৎ চুতীয়া আৰু ৰাজীৱ শইকীয়াই।

দিৱসৰ মঞ্চ আৰু সাংস্কৃতিক অনুষ্ঠান উদ্ধোধন কৰিব ঢকুৱাখনা জিলা চুতীয়া জাতি সন্মিলনৰ প্ৰাক্তন সভাপতি হেম বৰুৱাই। দুপৰীয়া ঢকুৱাখনা জিলা চুতীয়া জাতি সন্মিলনৰ সভাপতি দিব্য খনিকৰৰ সভাপতিত্বত অনুষ্ঠিতব্য মুকলি সভাত উদ্ধোধনী ভাষণ আগবঢ়াব সদৌ অসম চুতীয়া জাতি সন্মিলনৰ উপদেষ্টা তুলসী প্ৰসাদ শইকীয়াই।

উল্লেখযোগ্য যে সভাত নিদিষ্ট বক্তা হিচাবে ধেমাজি মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড° বুধিন বৰুৱা, সন্মানীয় অতিথি হিচাপে উপ আয়ুক্ত কাৰ্তিক কলিতা,সদৌ চুতীয়া জাতি সন্মিলনৰ প্ৰশাসনিক সম্পাদক নৃপেন শইকীয়া,চুতীয়া যুৱ সন্মিলন অসমৰ সাধাৰণ সম্পাদক কৌস্তভ চুতীয়া, এন চি ডি কলেজৰ অধ্যক্ষ ড° সুৰজিৎ দলে, সদৌ অসম চুতীয়া জাতি মহিলা সন্মিলনৰ উপ সভানেত্ৰী কল্পনা সেনাপতি, সমাজকৰ্মী বসন্ত শইকীয়া উপস্থিত থাকিব।

ইয়াৰোপৰি বিশিষ্ট অতিথি হিচাপে হাৰ্হি মহাবিদ্যালয়ৰ অধ্যক্ষ মানসজ্যোতি নেওগ, কেকুৰী কনিষ্ঠ মহাবিদ্যালয়ৰ অধ্যক্ষ প্ৰতাপ চুতীয়া, ঢকুৱাখনা মহাবিদ্যালয়ৰ প্ৰবক্তা সেৱক চন্দ্ৰ চুতীয়া, উজনি মাজুলীৰ খেৰকটীয়া মহাবিদ্যালয়ৰ অধ্যাপক অজিত খনিকৰ, ঢকুৱাখনা বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ প্ৰফুল্ল চুতীয়া, বিষয় শিক্ষক বিষ্ণু খনিকৰ, কনিষ্ঠ অভিযন্তা পৰাগজ্যোতি বৰা,অধিবক্তা বিজিত চুতীয়াকে ধৰি ভালেসংখ্যক জ্ঞাৰ্তিবৰ্গ উপস্থিত থাকিব।

সন্ধিয়া বাৰে ৰহনীয়া সাংস্কৃতিক অনুষ্ঠান উদ্ধোধন কৰিব উত্তৰ লখিমপুৰ এল টি কে কলেজৰ অধ্যাপক ড° ৰণদ্বীপ বড়াই আৰু গীতৰ শৰাই আগবঢ়াব উদীয়মান শিল্পী ৰাজনাহানে। ঢকুৱাখনা জিলা চুতীয়া জাতি সন্মিলনৰ সাধাৰণ সম্পাদক গৌৰৱ বৰুৱাই উক্ত দিনা সকলো জ্ঞাতিবৰ্গ তথা সমূহ ৰাইজৰ উপস্থিতি, সহায় সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছে।

ঢকুৱাখনাত বীৰাংগনা সতী সাধনী দিৱস...
কামপুৰত বিজেপি বিৰোধী প্ৰতিবাদ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in