/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/aedf813b-c52a-43da-8bd3-a82217b90f12/1.jpg)
ডিজিটেল সংবাদ, বিশ্বনাথঃ বিশ্বনাথৰ পৰা ৰে'ল যোগে ২০৫ গৰাকী ৰাম ভক্তৰ অযোধ্যা যাত্ৰা। বুধবাৰে মুৰ্কংচেলেঙৰ পৰা ওদালগুৰিলৈকে মুঠ ১০১৪ গৰাকী ৰাম ভক্তক লৈ যাত্ৰা কৰিলে আস্থা নামৰ বিশেষ ৰে'লখনে। বিশ্বনাথৰ পৰাও এই যাত্ৰাৰ সাক্ষী হ'ল ২০৫ গৰাকী ৰামভক্ত। স্থানীয় বিধায়ক প্ৰমোদ বৰঠাকুৰ, ভাজপাৰ জিলা সভাপতি দিগন্ত ঘাটোৱাৰ আৰু ভাজপাৰ অন্যান্য নেতা কৰ্মীৰ উপস্থিতিত এইসকল ৰাম ভক্তক আস্থা এক্সপ্ৰেছ যোগে বিশ্বনাথ চাৰিআলি ৰে'ল ষ্টেছনৰ পৰা অযোধ্যালৈ বিদায় দিয়ে।
স্থানীয় বিধায়কে কয় যে অযোধ্যালৈ ভ্ৰমণ কৰা এই যাত্ৰীসকল বৃহস্পতিবাৰে উপস্থিত হ'ব অযোধ্যাত। অযোধ্যাত ভক্তসকল উপস্থিত হোৱাৰ লগে লগে তাত থকা খোৱা আৰু অন্যান্য সকলো ব্যবস্থা কৰি থোৱা আছে।পু নৰ এইসকল ৰাম ভক্ত ৯ তাৰিখে বিশেষ ৰেল যোগে নিজ ঘৰলৈ উভতি আহিব। ঐতিহাসিক মন্দিৰ অযোধ্যাত বহু ভক্তৰ যোৱাৰ ইচ্ছা আছিল। যাৰ বাবে এই ভক্ত সকলে যাতে নিজৰ ইচ্ছা পূৰণ কৰিব পাৰে।তাৰ বাবে প্ৰথম পৰ্যায়ত ১০১৪ গৰাকী ৰাম ভক্তক এই সুবিধা দলে প্ৰদান কৰিছে।
পৰ্যায় ক্ৰমে সমষ্টিবাসী তথা ৰাজ্যবাসীয়ে এই সুবিধা ল'ব পাৰিব। এই যাত্ৰাৰ বাবেই ভাৰতীয় ৰেল বিভাগে 'আস্থা' নামৰ কাটৰা মুৰ্কংচেলেক ৰেলৰ ব্যৱস্থা কৰি দিছে বুলি জানিব পৰা গৈছে।
Also Read: কঠীয়াতলীত গৰুচোৰক লৈ উত্তেজনা