ঘিলামৰা আছুৰ উদ্যোগত স্বাগতম ব'হাগঃ জ্যেষ্ঠ ব্যক্তিক সম্বৰ্ধনা

ঘিলামৰা আছুৰ উদ্যোগত স্বাগতম ব'হাগ
ঘিলামৰা আছুৰ উদ্যোগত স্বাগতম ব'হাগ

ডিজিটেল সংবাদ,ঘিলামৰাঃ ঘিলামৰা আঞ্চলিক ছাত্ৰ সন্থাই প্ৰতিবছৰৰ দৰে এইবাৰো অতি উলহ-মালহেৰে স্বাগতম ব'হাগ নামৰ এক অনুষ্ঠানৰ আয়োজন কৰে। দেওবাৰে পুৱা আছুৰ পতাকা উত্তোলন কৰে ঘিলামৰা আছুৰ সভাপতি মানসজ্যোতি গগৈয়ে। শ্বহীদ তৰ্পন কৰে সম্পাদক প্ৰিয়ব্ৰত বুঢ়াগোহাঁয়ে আৰু বিহু পতাকা উত্তোলন কৰে লখিমপুৰ জিলা ছাত্ৰ সন্থাৰ তথ্য সম্পাদক গিৰীন্দ্ৰ শইকীয়াই।

ইয়াৰ পিছতে সমাজকৰ্মী দেৱেন ফুকন,শিক্ষাবিদ জগন্নাথ গগৈ,লক্ষী শৰ্মা,ঠগিতা খাটনিয়াৰ,ঘিলামৰাৰ সাংবাদিককে ধৰি ঘিলামৰাৰ কেইবাজনো বিশিষ্ট ব্যক্তিক ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হয়। দিনৰ ১১ বজাত আমন্ত্ৰিত বিহুৱা দলৰ বিহু প্ৰদৰ্শন উদ্বোধন কৰে শিক্ষাবিদ দণ্ডীধৰ গোঁহায়ে।

চেমনীয়া বিহু দলে হুঁচৰি প্ৰদৰ্শন কৰি সকলোকে আমোদ দিয়ে। আনহাতে ঘিলামৰা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আয়োজিত বিহু নাচ কৰ্মশালাত অংশগ্ৰহণ কৰা বিহুৱতী সকলক মানপত্ৰ প্ৰদান কৰাৰ লগতে তেওঁলোকে বিহু প্ৰদৰ্শন কৰে।

ঘিলামৰা আছুৰ উদ্যোগত স্বাগতম ব'হাগ
দিকচৌ বনত মনৰ মানুহ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in