প্ৰতিবন্ধকতা নেওচি বিহপুৰীয়াৰ অসম অন্ধ শিশু বিদ্যালয়ৰ এশ শতাংশ উত্তীৰ্ণ...

প্ৰতিবন্ধকতা নেওচি বিহপুৰীয়াৰ অসম অন্ধ শিশু বিদ্যালয়ৰ এশ শতাংশ উত্তীৰ্ণ...

ডিজিটেল সংবাদ, বিহপুৰীয়া : বিহপুৰীয়াস্থিত অসম অন্ধ শিশু বিদ্যালয়ৰ চাৰিগৰাকীকৈ ছাত্ৰ-ছাত্ৰীয়ে সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হ’বলৈ সক্ষম হয় ৷ বিদ্যালয়খনৰ উত্তীৰ্ণৰ হাৰ এশ শতাংশ । শাৰিৰীক বাধাগ্ৰস্ততাকো নেওচি বিদ্যালয়খনৰ চাৰি গৰাকী ছাত্ৰ-ছাত্ৰী ক্ৰমে নাওবৈছাৰ চুমি বিশ্বাস(৩৮১), দুই নম্বৰ ইছলামপুৰৰ আৰিফা বেগম(৪০৫), কুসুমটোলাৰ ধিৰাজ টিমচিনা(৪০৩) আৰু শিমলুগুৰি ৰঙতীৰ কৰুণা গগৈ(৩৯৪)য়ে প্ৰথম স্থান লাভ কৰি সুখ্যাতিৰে উত্তীৰ্ণ হ’বলৈ সক্ষম হয় ৷

ইয়াৰে আৰিফাই ইংৰাজী আৰু হিন্দীত লেটাৰ মাৰ্ক পোৱাৰ বিপৰীতে চুমিয়ে হিন্দীত লেটাৰ মাৰ্ক লাভ কৰিবলৈ সক্ষম হয় ৷ আৱাসিক বিদ্যালয়খনত অধ্যয়ন কৰি সফলতা লাভ কৰিবলৈ সক্ষম হোৱা দৃষ্টিহীন ছাত্ৰ-ছাত্ৰীসকলে বিদ্যালয়ৰ প্ৰধান প্ৰমুখ্যে শিক্ষকসকলৰ প্ৰচেষ্টাৰ বাবেই এই সফলতা লাভ কৰা বুলি উল্লেখ কৰে ৷ ইপিনে শাৰিৰীকভাৱে বাধাগ্ৰস্ত হোৱাৰ পিছতো বিদ্যালয়খনৰ এশ শতাংশ ছাত্ৰ-ছাত্ৰীয়েই প্ৰথম বিভাগত উত্তীৰ্ণ হোৱাত সন্তোষ প্ৰকাশ কৰিছে বিদ্যালয়ৰ প্ৰধান শিক্ষক দিগন্ত হাজৰিকাই ৷

তেওঁ আগন্তুক সময়ত ছাত্ৰ-ছাত্ৰীসকলক আগুৱাই নিয়াৰ ক্ষেত্ৰত পাৰ্যমানে সহায় আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দিয়ে ৷ বিদ্যালয়খনৰ দৃষ্টিহীন ছাত্ৰ-ছাত্ৰীসকলৰ সফলতাত উৎফুল্লিত হৈ পৰিছে বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীৰ লগতে শিক্ষক-শিক্ষয়িত্ৰীসকল ৷

প্ৰতিবন্ধকতা নেওচি বিহপুৰীয়াৰ অসম অন্ধ শিশু বিদ্যালয়ৰ এশ শতাংশ উত্তীৰ্ণ...
বিদ্যালয়ত নাই প্ৰধান শিক্ষক, চৰকাৰে দিয়া টেবলেট ঘূৰাই দিলে শ শ শিক্ষক-শিক্ষয়িত্ৰীয়ে...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in